--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰক লৈ নতুন বিতৰ্কৰ অৱতাৰণা জেডি (ইউ)ৰ সাংসদ কৌশলেন্দ্ৰ কুমাৰৰ৷ শুকুৰবাৰে বহুপ্ৰতীক্ষিত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানক ‘শ্ৰাদ্ধ’ৰ সৈতে তুলনা কৰি বিতৰ্কৰ সূচনা কৰিছে কৌশলেন্দ্ৰই৷
 
নালন্দাত সাংবাদিকৰ সৈতে হোৱা আছুতীয়া আলাপত কুমাৰে সুধিছিল যে এয়া কাৰোবাৰ বিয়া নে শ্ৰাদ্ধ, যাৰ বাবে নিমন্ত্ৰণ আগবঢ়োৱা হৈছে। তেওঁ কয় যে যিসকলে গণ্যমান্য ব্যক্তিসকলক অভিষেক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছে তেওঁলোক মূৰ্খ৷ অযোধ্যা সকলোৰে বুলি তেওঁ দাবী কৰে।

তেওঁ কয়, কাৰোবাৰ পুত্ৰৰ বিয়াত নিমন্ত্ৰণ আগবঢ়োৱা হৈছে নেকি? যদি তেওঁলোকে মোক নিমন্ত্ৰণ নকৰে, মই অযোধ্যালৈ নাযাম নেকি? এই নিমন্ত্ৰণৰ প্ৰয়োজনীয়তা কি? এয়া কাৰোবাৰ দেউতাকৰ শ্ৰাদ্ধ নে কাৰোবাৰ পুত্ৰৰ বিয়া? যিজনে নিমন্ত্ৰণ কৰিছে তেওঁ এজন মূৰ্খ। অযোধ্যা সকলোৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি কৌশলেন্দ্ৰই কয় যে যদি কোনোবাই তেওঁৰ পত্নীৰ অবিহনে অযোধ্যালৈ যায়, তেন্তে তেওঁলোকে ২০২৪ত এই সুবিধা লাভ নকৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। তেওঁ দুপৰীয়া প্ৰায় ১২.১৫ বজাত ৰাম মন্দিৰৰ গৰ্ভগৃহত অনুষ্ঠানবোৰ সম্পাদন কৰিব।

কুমাৰে লগতে কয়, এনে লোকসকল ২২ জানুৱাৰীত তাত উপস্থিত হৈছে, য’ত স্বামী আৰু পত্নী উভয়ে ভগৱান ৰাম আৰু দেৱী সীতাৰ পৰা আশীৰ্বাদ বিচাৰিব। যদি কোনোবাই সীতা অবিহনে তালৈ যায়, তেওঁলোকেও ২০২৪ চনত লাভান্বিত নহ’ব৷

অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সতীন্দ্ৰ দাসে কুমাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মূৰ্খই সদায় এনে ভাষাই ব্যৱহাৰ কৰিব।
তেওঁ নিজেই মূৰ্খ।

উল্লেখ্য যে ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণক লৈ ৰাজনৈতিক সংঘাত চলি আছে।
শিৱসেনাৰ (ইউবিটি) মুৰব্বী উদ্ধৱ ঠাকৰেয়েও এই বৃহৎ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ নোপোৱাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু কৈছিল যে তেওঁক নিমন্ত্ৰণৰ প্ৰয়োজন নাই আৰু যিকোনো সময়তে মন্দিৰ, চহৰ ভ্ৰমণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক