--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মীনা কুমাৰী- ভাৰতীয় চিনেমাৰ এনে এটা নাম, যাৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ প্ৰশংসা আজিলৈকে কৰা হয়। ১৯৩২ চনৰ ১ আগষ্টত জন্মগ্ৰহণ কৰা মীনা কুমাৰীয়ে নিজৰ চুটি অভিনয় জীৱনত  বিপুল দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছিল। মীনাক ট্ৰেজেডী কুইন নাম দিয়া হৈছিল।

কিন্তু সীমাহীন জনপ্ৰিয়তাৰ পাছতো নায়িকাগৰাকীক চিনি পোৱা নাছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে, যাৰ বাবে ক্ষমা খুজিব লগা হৈছিল শাস্ত্ৰীয়ে।

এই আমোদজনক ঘটনাটো কুলদীপ নায়াৰৰ ‘On Leaders and Icons: From Jinnah to Modi’ নামৰ গ্ৰন্থখনত উল্লেখ আছে। নায়াৰে লিখিছে- তেতিয়া 'পাকিজা’ ছবিখনৰ শ্বুটিং চলি আছিল। মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰীয়ে শাস্ত্ৰী জীক ছবিখনৰ শ্বুটিং চাবলৈ আমন্ত্ৰণ জনাইছিল। শাস্ত্ৰীজীয়ে যাব খোজা নাছিল যদিও বহু জোৰ দিয়াৰ পিছত তালৈ ৰাওনা হ’ল।

ষ্টুডিঅ’ত উপস্থিত হোৱাৰ লগে লগে শাস্ত্ৰীজীক আদৰণি জনোৱা হয় আৰু মীনা কুমাৰীয়ে নিজেই তেওঁক মালা পিন্ধাই সম্ভাষণ জনায়। কিন্তু শাস্ত্ৰী জীয়ে মীনা কুমাৰীক চিনিব নোৱাৰিলে আৰু অতি ভদ্ৰভাৱে 'এই মহিলাগৰাকী কোন’ বুলি সুধিলে। পিছত শাস্ত্ৰীক মীনাৰ কথা কোৱা হ’ল। তাৰ পাছত ৰাজহুৱাভাৱে শাস্ত্ৰী জীয়ে মঞ্চৰ পৰাই ক’লে- ''মীনা কুমাৰী জীয়ে মোক ক্ষমা কৰিব, আগতে তোমাৰ নাম শুনা নাছিলোঁ।’’

কোৱা হয় যে ছবিখনৰ শ্বুটিংৰ সময়ত মীনাই বহুত কষ্টৰ মাজেৰে পাৰ হৈছিল। ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা ছবিখনৰ সময়তে মীনাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। ১৯৭২ চনৰ ৩১ মাৰ্চত মীনাৰ মৃত্যু হয়। কিন্তু তেওঁৰ ছবি 'পাকিজা’ৰ জৰিয়তে অমৰ হৈ পৰিল নায়িকাগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক