--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেমা মালিনী। ধৰ্মেন্দ্ৰ আৰু তেওঁৰ পত্নীৰ প্ৰকাশ কৌৰৰ সংসাৰ ভাঙি অভিনেতাজনৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল বুলি অভিযোগ কৰা হয় বলিউডৰ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। সেই সময়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সকলোৱে দোষ দিছিল হেমা মালিনীক। কিন্তু যাৰ সংসাৰ ভঙা বুলি কোৱা হয়, সেই প্ৰকাশ কৌৰে হেমা মালিনীক সেই সময়ত কি কৈছিল?

হেমাক বিয়া কৰাৰ আগতে ধৰ্মেন্দ্ৰই প্ৰকাশক বিয়া কৰাইছিল। তেওঁলোকৰ চাৰিটা সন্তান আছিল। দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্তত ধৰ্মেন্দ্ৰই ১৯৮০ চনত হেমাক বিয়া কৰায়। অভিযোগ অনুসৰি, প্ৰকাশৰ পৰা বিবাহ বিচ্ছেদ নকৰাকৈয়ে ধৰ্মেন্দ্ৰই হেমাক বিয়া কৰাইছিল।

প্ৰকাশে স্বাভাৱিকতে ধৰ্মেন্দ্ৰৰ দ্বিতীয় বিবাহক মানি লোৱা নাছিল। তেওঁলোকৰ ভৰা সংসাৰত দুজন পুত্ৰ ছানী, ববি আৰু দুগৰাকী কন্যা আছিল। হেমাক সিহঁতে কেতিয়াও মানি লোৱা নাছিল। আনকি, হেমাক কেতিয়াও দেওল পৰিয়ালৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল।

হেমা আৰু প্ৰকাশক কেতিয়াও ৰাজহুৱা স্থানত একেলগে দেখা পোৱা নাই। কিন্তু হেমাই এক সাক্ষাৎকাৰত প্ৰকাশক কেইবাবাৰো লগ পোৱা বুলি কয়। কয় যে ধৰ্মেন্দ্ৰক বিয়া কৰাই দিয়াৰ আগতে প্ৰকাশক লগ পাইছিল। এবাৰ নহয়, কেইবাবাৰো।


হেমাৰ আত্মজীৱনী 'হেমা মালিনী: দ্য ড্ৰিম গাৰ্ল’ৰ উদ্ধৃতিৰে এটা সংবাদ মাধ্যমে প্ৰকাশক এক সামাজিক অনুষ্ঠানত লগ পোৱা বুলি কৈছিল। কিন্তু সেয়া ধৰ্মেন্দ্ৰৰ লগত বিয়াৰ আগতে। বিয়াৰ পিছত পুনৰ লগ হোৱা নাছিল। হেমাই তেতিয়া ভাবিলে, দূৰত্ব বজাই ৰখা ভাল।

হেমাইও নিজৰ আত্মজীৱনীত লিখিছে যে কিয় দূৰত্ব বজাই ৰখাৰ সিদ্ধান্ত লৈছিল। তেওঁ লিখিছে, "মই কাকো ক্ষুন্ন কৰিব বিচৰা নাছিলো। ধৰমজীয়ে মোৰ আৰু মোৰ ছোৱালীৰ বাবে যি কৰিছে তাত মই সুখী। এজনে ভাল পিতৃৰ ভূমিকা ল’লে, যিটো সকলো পিতৃয়ে কৰে। মই সেইটোত সুখী।''

হেমাই লগতে লিখিছে যে শিল্পৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাইহে তেওঁৰ জীৱনৰ কঠিন সময়ত সফলতা কঢ়িয়াই আনিছিল। লিখিছে, “আজি মই এগৰাকী কৰ্মৰত মহিলা। মই মোৰ সন্মানৰ সৈতে জীয়াই আছো। কাৰণ মই নিজকে শিল্পৰ ওচৰত সমৰ্পণ কৰিলোঁ। মোৰ মতে পৰিস্থিতি অলপ বেলেগ হ’লে আজি যি আছো সেয়া নহ’লোহেঁতেন।''

হেমাই নিজৰ আত্মজীৱনীতো লিখিছে ধৰ্মেন্দ্ৰৰ পৰিয়ালৰ লগত কেনেধৰণৰ সম্পৰ্ক আছে। তেওঁ লিখিছে, "যদিও মই কেতিয়াও প্ৰকাশৰ কথা কোৱা নাই, তথাপিও মই তেওঁক সন্মান কৰো। মোৰ ছোৱালীয়েও কৰে।’’

হেমাই বিয়াৰ আগতে প্ৰকাশক লগ পোৱাৰ সময়ত কি হৈছিল, বা আচলতে হৈছিল নেকি সেই কথা কোৱাৰ পৰা বিৰত থাকে। হেমাই কয় যে বিয়াৰ পিছত প্ৰকাশক লগ পোৱা নাছিল। কিন্তু এবাৰ তেওঁৰ ডাঙৰ ছোৱালী এশ্বাই লগ পাইছিল। ধৰ্মেন্দ্ৰৰ ঘৰত প্ৰকাশক লগ পাইছইল এশ্বাই।

অজিত দেওল, ধৰ্মেন্দ্ৰৰ ভায়েক, অভয় দেউলৰ পিতৃ এবাৰ অসুস্থ হৈ পৰিছিল। এশাই তেওঁক চাবলৈ ধৰ্মেন্দ্ৰৰ ঘৰলৈ গ’ল। তাতে প্ৰকাশক লগ পাইছিল।

হেমাৰ আত্মজীৱনীৰ এটা অংশত এশ্বাই সেই কথা কৈছিল। তেওঁ কয় যে প্ৰকাশক লগ পাই এ্‌বাই ভৰি স্পৰ্শ কৰি প্ৰণাম কৰিছিল। প্ৰকাশেও তেওঁক আশীৰ্বাদ দিলে।

শুনা যায় যে ধৰ্মেন্দ্ৰ আৰু প্ৰকাশৰ ডাঙৰ পুত্ৰ ছানীৰ লগত এশ্বাৰ ভাল সম্পৰ্ক আছে। লগতে ছ’চিয়েল মিডিয়াত ছানীৰ জ্যেষ্ঠ পুত্ৰ কৰণক বিবাহৰ বাবে শুভেচ্ছা জনায়।

আনহাতে, হেমাৰ বিষয়ে প্ৰকাশে কি ভাবে? ১৯৮১ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁ নাজানে ধৰ্মেন্দ্ৰ আৰু হেমাক দোষ দিব লাগে নে নিজৰ ভাগ্যক দোষ দিব লাগে। কিন্তু তেওঁ নিশ্চিত, ধৰ্মেন্দ্ৰ যিমানেই দূৰলৈ নাযাওক কিয়, প্ৰয়োজন হ’লে তেওঁৰ কাষত থিয় দিব। তাই এতিয়াও স্বামীক বিশ্বাস কৰে।

প্ৰকাশে কৈছিল যে এই সকলোবোৰৰ পিছতো তাই আগৰ দৰেই স্বামীক ভাল পায়। ধৰ্মেন্দ্ৰৰ বাহিৰে তেওঁৰ জীৱনত কোনেও প্ৰৱেশ কৰা নাছিল। আৰু হেমা? প্ৰকাশৰ স্পষ্ট উত্তৰ আছিল যে তেওঁ যদি হেমাৰ ঠাইত থাকিলহেঁতেন তেন্তে তেওঁ কেতিয়াও নিজৰ দৰে কাম নকৰিলেহেঁতেন। কিন্তু হেমাই কি অৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে, তেওঁ বহুত ভালকৈ বুজি পাইছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement