--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজেশ খান্না বলীউড উদ্যোগৰ আটাইতকৈ জনপ্ৰিয় আগশাৰীৰ অভিনেতাসকলৰ মাজৰ এজন আছিল। চলচ্চিত্ৰ প্ৰেমীক অলেখ ছুপাৰহিট ছবি উপহাৰ দিছে এইগৰাকী তাৰকা অভিনেতাই। ’৭০ ৰ দশকৰ বলীউডৰ আটাইতকৈ জনপ্ৰিয় ৰোমান্টিক নায়কসকলৰ মাজৰ এজন আছিল ৰাজেশ খান্না। ৰাজেশ খান্নাৰ মন ভুলোৱা হাঁহিটিত কত যে যুৱতী হৈছিল আকৰ্ষিত। তেওঁৰ পত্নী ডিম্পল কাপাডিয়াও অভিনয় জগতৰ এগৰাকী আগশাৰীৰ জনপ্ৰিয় অভিনেত্ৰী। কিন্তু ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে তেওঁৰ নাম সংবাদ মাধ্যমৰ আন কাৰোবাৰ সৈতেহে জড়িত হৈ পৰিছিল। এনে কি চৰম সত্যৰ সন্মুখীন হৈছিল ডিম্পলে?

এসময়ত ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ প্ৰেমকাহিনী সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। তেওঁলোকক প্ৰায়ে ইজনক সিজনৰ সৈতে দেখা গৈছিল। কেইবাখন জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছে দুয়ো। অভিনয়ৰ ক্ষেত্ৰত ইজনৰ সিজনৰ প্ৰতি ভাললগা আৰু ইয়াৰ পৰাই আৰম্ভ হয় প্ৰেমৰ। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক শেষ পৰিণয় দিবলৈও আগবাঢ়ি ছিল দুয়ো। কিন্তু অৱশেষত, তেওঁলোকৰ এই সম্পৰ্ক স্থায়ী নহ'ল। এক  চৰম সত্যৰ সন্মুখীন হ'ব লগা হৈছিল অভিনেত্ৰীগৰাকীয়ে ।মানসিকভাৱে ভাগি পৰিছিল তেওঁ।
 
মন কৰিবলগীয়া যে, ডিম্পলে মন দিয়া ছানীৰ বিষয়ে অৱগহত নাছিল হেনো তেওঁ। যেতিয়া বিয়াৰ প্ৰসংগ আহে তেতিয়া হে ভুল ভাঙিছিল অভিনেত্ৰীৰ। কাৰণ, বিবাহিত আছিল ছানী দেওল। কেৱল বিবাহিত হোৱাই নহয় ছানীৰ আছিল দুই সন্তান। এই কথা কাণত পৰাৰ পাছতে মানসিকভাৱে ভাগি পৰিছিল ৰূপালী পৰ্দাৰ ট্ৰেজিক নায়িকা ডিম্পল কাপাডিয়া। এনে পৰিস্থিতিৰ পৰা মূৰ তুলি থিয় হ’বলৈ ডিম্পলক সময় লাগিছিল। পৰৱৰ্তী সময়ত অৱশ্যে, ’৭০ দশকৰ জনপ্ৰিয় নায়ক ৰাজেশ খান্নাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ডিম্পল।ডিম্পল-ৰাজেশৰ কন্যা টুইঙ্কৰ খান্না। বলীউডৰ বৰ্মান জনপ্ৰিয় ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ অৰ্ধাংগিনী তেওঁ। সম্প্ৰতি এই ঘটনাৰ বাবে এই তিনি তাৰকা পুনৰ চৰ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ