--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজেশ খান্না বলীউড উদ্যোগৰ আটাইতকৈ জনপ্ৰিয় আগশাৰীৰ অভিনেতাসকলৰ মাজৰ এজন আছিল। চলচ্চিত্ৰ প্ৰেমীক অলেখ ছুপাৰহিট ছবি উপহাৰ দিছে এইগৰাকী তাৰকা অভিনেতাই। ’৭০ ৰ দশকৰ বলীউডৰ আটাইতকৈ জনপ্ৰিয় ৰোমান্টিক নায়কসকলৰ মাজৰ এজন আছিল ৰাজেশ খান্না। ৰাজেশ খান্নাৰ মন ভুলোৱা হাঁহিটিত কত যে যুৱতী হৈছিল আকৰ্ষিত। তেওঁৰ পত্নী ডিম্পল কাপাডিয়াও অভিনয় জগতৰ এগৰাকী আগশাৰীৰ জনপ্ৰিয় অভিনেত্ৰী। কিন্তু ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে তেওঁৰ নাম সংবাদ মাধ্যমৰ আন কাৰোবাৰ সৈতেহে জড়িত হৈ পৰিছিল। এনে কি চৰম সত্যৰ সন্মুখীন হৈছিল ডিম্পলে?

এসময়ত ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ প্ৰেমকাহিনী সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। তেওঁলোকক প্ৰায়ে ইজনক সিজনৰ সৈতে দেখা গৈছিল। কেইবাখন জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছে দুয়ো। অভিনয়ৰ ক্ষেত্ৰত ইজনৰ সিজনৰ প্ৰতি ভাললগা আৰু ইয়াৰ পৰাই আৰম্ভ হয় প্ৰেমৰ। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক শেষ পৰিণয় দিবলৈও আগবাঢ়ি ছিল দুয়ো। কিন্তু অৱশেষত, তেওঁলোকৰ এই সম্পৰ্ক স্থায়ী নহ'ল। এক  চৰম সত্যৰ সন্মুখীন হ'ব লগা হৈছিল অভিনেত্ৰীগৰাকীয়ে ।মানসিকভাৱে ভাগি পৰিছিল তেওঁ।
 
মন কৰিবলগীয়া যে, ডিম্পলে মন দিয়া ছানীৰ বিষয়ে অৱগহত নাছিল হেনো তেওঁ। যেতিয়া বিয়াৰ প্ৰসংগ আহে তেতিয়া হে ভুল ভাঙিছিল অভিনেত্ৰীৰ। কাৰণ, বিবাহিত আছিল ছানী দেওল। কেৱল বিবাহিত হোৱাই নহয় ছানীৰ আছিল দুই সন্তান। এই কথা কাণত পৰাৰ পাছতে মানসিকভাৱে ভাগি পৰিছিল ৰূপালী পৰ্দাৰ ট্ৰেজিক নায়িকা ডিম্পল কাপাডিয়া। এনে পৰিস্থিতিৰ পৰা মূৰ তুলি থিয় হ’বলৈ ডিম্পলক সময় লাগিছিল। পৰৱৰ্তী সময়ত অৱশ্যে, ’৭০ দশকৰ জনপ্ৰিয় নায়ক ৰাজেশ খান্নাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ডিম্পল।ডিম্পল-ৰাজেশৰ কন্যা টুইঙ্কৰ খান্না। বলীউডৰ বৰ্মান জনপ্ৰিয় ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ অৰ্ধাংগিনী তেওঁ। সম্প্ৰতি এই ঘটনাৰ বাবে এই তিনি তাৰকা পুনৰ চৰ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু