--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্ফি জাভেদ মানেই যেন বিতৰ্ক। সেয়া এক অদ্ভুত পোছাকৰ বাবেই হওক বা শেহতীয়াকৈ পৰ্ণ ছাইটত ছবি আপলোড কৰাৰ বিষয়ে হওক।মুঠতে  উৰ্ফিয়ে যি কৰে সেয়া ভাইৰেল নোহোৱাৰ কোনো প্ৰশ্নই নাই। অৱশ্যে, এইবাৰ পোছাক বিতৰ্ক নহয় উৰ্ফি জাভেদে তেওঁৰ বিবাহৰ পৰিকল্পনা তেওঁৰ অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰা দেখা গ’ল। পৱিত্ৰ ঈদৰ দিনা এই সুখবৰ দিলে অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ, উৰ্ফি জাভেদে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত তেওঁক ইফতাৰ কৰা দেখা গৈছে। ঈদৰ আগদিনা নিশাৰ শেষ ইফতাৰ।  মূৰত দুপাট্টাত আৰু  জিলিকি থকা ছালৱাৰত দেখিবলৈ পোৱা যায় উৰ্ফিক। যি গৰাকী উৰ্ফিক লৈ অতনা বিতৰ্ক সেই একেগৰাকী উৰ্ফিৰ এনে ৰূপ দেকি হতবাক অনুৰাগী।  ভিডিঅ'টো পোষ্ট কৰি উৰ্ফিয়ে লিখিছে, ‘এই গানটো মোৰ বৰ প্ৰিয়। আলি চেট্টীৰ এই গানটোৱে হৃদয়ত প্ৰেম বিয়পাই দিছে। আপোনালোকেও শুনিব। পিছত মোক ধন্যবাদ জনাব। এই গানটো বিয়াত নাবাজিলে, মই বিয়াতেই নবহো।’ 

এই ভিডিঅ'টো চোৱাৰ পিছত অনুৰাগীৰ মনত প্ৰশ্নৰ উদয় হৈছে, উৰ্ফিয়ে এই ভিডিঅ'টোৰ জৰিয়তে কেনেবাকৈ বিবাহৰ ইংগিত দিয়া নাইতো? অৱশ্যে, উৰ্ফিয়ে বিবাহসম্পৰ্কে কোনো মন্তব্য দিয়া নাই।ইয়াৰ পৰৱিৰ্তে তেওঁৰ মুখত বিৰিঙিছিল এটি মিঠা হাঁহি।

স্বাভাৱিকতে উৰ্ফিৰ শেহতীয়া এই ভিডিঅ’ পোষ্টে এতিয়া ছ’চিয়েল মিডিয়াত আলোড়ন তোলা দেখা গৈছে। কোন হ’ব উৰ্ফিৰ দৰা? উৰ্ফিৰে সঁচাকৈ কোনো ৰাজকুমাৰৰ হিয়া দিয়া নিয়া চলিছে নেকি? এই বিষয়ে উৰ্ফিয়ে অতি শীঘ্ৰে মুকলিকৈ জনাব বুলি আশাবাদী উৰ্ফি অনুৰাগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ