--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ কৰ’না মহামাৰীয়ে সৰ্বত্ৰে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। বিশ্বৰ আগশাৰীৰ দেশসমূহেও কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰা হাত সাৰিব পৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰতো ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰন সংক্ৰমিতৰ সংখ্যা। বিগত ২৪ ঘণ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰত ১০ লাখৰো অধিক ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। উল্লেখ্য যে, সোমবাৰে দেশখনত ১০,৮৩,৬৪৮ গৰাকী কৰ’নাক্ৰান্তক চিনাক্ত কৰা হৈছে।

ইয়াৰ ৪দিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত ৫৯০,০০০ জন ৰোগী চিনাক্ত কৰা হৈছিল। ক্ৰমাত্‍ ভয়াৱহ অৱস্থাৰ দিশে গতি কৰিছে দেশখনে। পূৰ্বৰ ডেলটা ভেৰিয়েণ্টৰ তুলনাত আমেৰিকাত সম্প্ৰতি অমিক্ৰনে তীব্ৰতৰ ৰূপ ধাৰণ কৰা ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে। কৰ’নাক্ৰান্ত ৰোগীৰ বৰ্ধিত সংখ্যাই বিপাঙত পেলাইছে কৰ্তৃপক্ষক। স্মৰ্তব্য যে, ডেল্টা ভেৰিয়েণ্টৰ বিস্তাৰৰ মাজতে বিগত বৰ্ষৰ ৭ মে'ত ভাৰতত এদিনতে ৪,১৪,০০০ ৰোগী চিনাক্ত কৰা হৈছিল। সেয়া আছিল অভিলেখ। এতিয়া আমেৰিকাই সকলোকে অতিক্ৰম কৰি এটা দিনৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ তালিকালৈ উন্নীত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন