--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ কৰ’না মহামাৰীয়ে সৰ্বত্ৰে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। বিশ্বৰ আগশাৰীৰ দেশসমূহেও কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰা হাত সাৰিব পৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰতো ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰন সংক্ৰমিতৰ সংখ্যা। বিগত ২৪ ঘণ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰত ১০ লাখৰো অধিক ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। উল্লেখ্য যে, সোমবাৰে দেশখনত ১০,৮৩,৬৪৮ গৰাকী কৰ’নাক্ৰান্তক চিনাক্ত কৰা হৈছে।

ইয়াৰ ৪দিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত ৫৯০,০০০ জন ৰোগী চিনাক্ত কৰা হৈছিল। ক্ৰমাত্‍ ভয়াৱহ অৱস্থাৰ দিশে গতি কৰিছে দেশখনে। পূৰ্বৰ ডেলটা ভেৰিয়েণ্টৰ তুলনাত আমেৰিকাত সম্প্ৰতি অমিক্ৰনে তীব্ৰতৰ ৰূপ ধাৰণ কৰা ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে। কৰ’নাক্ৰান্ত ৰোগীৰ বৰ্ধিত সংখ্যাই বিপাঙত পেলাইছে কৰ্তৃপক্ষক। স্মৰ্তব্য যে, ডেল্টা ভেৰিয়েণ্টৰ বিস্তাৰৰ মাজতে বিগত বৰ্ষৰ ৭ মে'ত ভাৰতত এদিনতে ৪,১৪,০০০ ৰোগী চিনাক্ত কৰা হৈছিল। সেয়া আছিল অভিলেখ। এতিয়া আমেৰিকাই সকলোকে অতিক্ৰম কৰি এটা দিনৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ তালিকালৈ উন্নীত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক