--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ডেৰ বছৰৰো অধিক সময় ধৰি কাৰাবন্দী হৈ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদ। দেশবিৰোধী কাম-কাজত জড়িত থকা তথা অপৰাধিক ষড়যন্ত্ৰৰ দৰে গোচৰত তেওঁ হৈ আছে কাৰাবন্দী। বাৰম্বাৰ নাকচ হৈছে তেওঁৰ জামিন আবেদন। ২০২০চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়াও তেওঁৰ বাবে মুক্তিৰ দুৱাৰ খোল খোৱাটো এতিয়াও অনিশ্চিত হৈ ৰৈছে। এইকথা নক’লেও চলে যে, তেওঁ হৈছে জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা উমৰ খালিদ। শেহতীয়াকৈ খালিদৰ আন এখন জামিন আবেদন খাৰিজ কৰে দিল্লীৰ এখন আদালতে। কিন্তু কিহৰ বাবে বাৰে বাৰে তেওঁৰ জামিন আবেদন খাৰিজ হৈছে? ওমৰ খালিদৰ জামিন আবেদন নাকচ হোৱাৰ আঁৰত আছে ৰোমিঅ’-জুলিয়েট, ডেল্টা, বীটা, গামাৰ ভূমিকা। তদুপৰি ভালেমান হোৱাটছএপ গ্ৰুপত তেওঁৰ কিছু কথা-বতৰাও হৈ পৰিছে তেওঁৰ বন্দীত্বৰ কাৰণ। অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱটে প্ৰকাশ কৰে যে, উমৰ খালিদক অভিযুক্ত কৰাৰ সপক্ষে ভালেমান প্ৰমাণ আছে। তেওঁৰ বিৰুদ্ধে ভালেমান গোপন বা ‘প্ৰটেক্টেড’ সাক্ষীয়ে সাক্ষ্য দিয়া বুলি আদালতে প্ৰকাশ উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে দাখিল কৰা দুয়োখন চাৰ্জশ্বীটতে আৰক্ষীয়ে ভালেমান সাক্ষীৰ সাক্ষ্য লিপিবদ্ধ কৰিছে। আৰক্ষীয়ে এইসকল প্ৰটেক্টেড সাক্ষীৰ নাম গোপন নামেৰে লিপিবদ্ধ কৰিছে। সেই অনুসৰি এই নামবোৰ হৈছে, ব’ণ্ড, ছাতাৰ্ণ, স্মিথ, ইক’, ছিয়েৰা, হিলিয়াম, ক্ৰিপ্টন, জনী, প্লুটো, ছ’ডিয়াম, ৰেডিয়াম, গামা, ডেল্টা, বীটা, নিঅন, হোটেল, ৰ’মিঅ’, জুলিয়েট আদি। আনহাতে বিভিন্ন হোৱাটছএপ গ্ৰুপত হোৱা তেওঁৰ ব্যাপক কথা-বতৰাৰ আঁত ধৰিও তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। এই হোৱাটছএপ গ্ৰুপবোৰৰ ভিতৰত আছে  দেলহী প্ৰটেক্ট ছাপ’ৰ্ট গ্ৰুপ, জামিয়া কো-অৰ্ডিনেচন কমিটী, মুছলিম ষ্টুডেণ্টছ অব জামিয়া, পিঞ্জৰ টোড় আদি। এই গোচৰত সহ-অভিযুক্ত লোকসকলৰ মাজত এই হোৱাটছএপ গ্ৰুপবোৰৰ অংশগ্ৰহণ ‘কমন’ বা উমৈহতীয়া আছিল। আনহাতে দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ছোৱাত উমৰ দিল্লীত নাছিল বুলি কৰা দাবী খাৰিজ কৰি ন্যায়ালয়ে কয় যে, ষডযযন্ত্ৰমূলক কামত প্ৰতিজন অভিযুক্ত ঘটনাস্থলত উপস্থিত থকাটো জৰুৰী বুলি বিবেচিত নহয়। এনে পৰিপ্ৰেক্ষিততে ২০২০চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ হোৱাৰ পাছত  এতিয়াও তেওঁৰ বাবে মুক্তিৰ দুৱাৰ খোল খোৱাটো এতিয়াও অনিশ্চিত হৈ ৰৈছে। এতিয়া দিল্লী আৰক্ষীৰ এই শক্তিশালী চাৰ্জশ্বীতে তেওঁৰ মুক্তিৰ বাট কেতিয়ালৈ খোল খাব সেইকথা অনিশ্চিত হৈ পৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু