--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ডেৰ বছৰৰো অধিক সময় ধৰি কাৰাবন্দী হৈ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদ। দেশবিৰোধী কাম-কাজত জড়িত থকা তথা অপৰাধিক ষড়যন্ত্ৰৰ দৰে গোচৰত তেওঁ হৈ আছে কাৰাবন্দী। বাৰম্বাৰ নাকচ হৈছে তেওঁৰ জামিন আবেদন। ২০২০চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়াও তেওঁৰ বাবে মুক্তিৰ দুৱাৰ খোল খোৱাটো এতিয়াও অনিশ্চিত হৈ ৰৈছে। এইকথা নক’লেও চলে যে, তেওঁ হৈছে জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা উমৰ খালিদ। শেহতীয়াকৈ খালিদৰ আন এখন জামিন আবেদন খাৰিজ কৰে দিল্লীৰ এখন আদালতে। কিন্তু কিহৰ বাবে বাৰে বাৰে তেওঁৰ জামিন আবেদন খাৰিজ হৈছে? ওমৰ খালিদৰ জামিন আবেদন নাকচ হোৱাৰ আঁৰত আছে ৰোমিঅ’-জুলিয়েট, ডেল্টা, বীটা, গামাৰ ভূমিকা। তদুপৰি ভালেমান হোৱাটছএপ গ্ৰুপত তেওঁৰ কিছু কথা-বতৰাও হৈ পৰিছে তেওঁৰ বন্দীত্বৰ কাৰণ। অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱটে প্ৰকাশ কৰে যে, উমৰ খালিদক অভিযুক্ত কৰাৰ সপক্ষে ভালেমান প্ৰমাণ আছে। তেওঁৰ বিৰুদ্ধে ভালেমান গোপন বা ‘প্ৰটেক্টেড’ সাক্ষীয়ে সাক্ষ্য দিয়া বুলি আদালতে প্ৰকাশ উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে দাখিল কৰা দুয়োখন চাৰ্জশ্বীটতে আৰক্ষীয়ে ভালেমান সাক্ষীৰ সাক্ষ্য লিপিবদ্ধ কৰিছে। আৰক্ষীয়ে এইসকল প্ৰটেক্টেড সাক্ষীৰ নাম গোপন নামেৰে লিপিবদ্ধ কৰিছে। সেই অনুসৰি এই নামবোৰ হৈছে, ব’ণ্ড, ছাতাৰ্ণ, স্মিথ, ইক’, ছিয়েৰা, হিলিয়াম, ক্ৰিপ্টন, জনী, প্লুটো, ছ’ডিয়াম, ৰেডিয়াম, গামা, ডেল্টা, বীটা, নিঅন, হোটেল, ৰ’মিঅ’, জুলিয়েট আদি। আনহাতে বিভিন্ন হোৱাটছএপ গ্ৰুপত হোৱা তেওঁৰ ব্যাপক কথা-বতৰাৰ আঁত ধৰিও তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। এই হোৱাটছএপ গ্ৰুপবোৰৰ ভিতৰত আছে  দেলহী প্ৰটেক্ট ছাপ’ৰ্ট গ্ৰুপ, জামিয়া কো-অৰ্ডিনেচন কমিটী, মুছলিম ষ্টুডেণ্টছ অব জামিয়া, পিঞ্জৰ টোড় আদি। এই গোচৰত সহ-অভিযুক্ত লোকসকলৰ মাজত এই হোৱাটছএপ গ্ৰুপবোৰৰ অংশগ্ৰহণ ‘কমন’ বা উমৈহতীয়া আছিল। আনহাতে দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ছোৱাত উমৰ দিল্লীত নাছিল বুলি কৰা দাবী খাৰিজ কৰি ন্যায়ালয়ে কয় যে, ষডযযন্ত্ৰমূলক কামত প্ৰতিজন অভিযুক্ত ঘটনাস্থলত উপস্থিত থকাটো জৰুৰী বুলি বিবেচিত নহয়। এনে পৰিপ্ৰেক্ষিততে ২০২০চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ হোৱাৰ পাছত  এতিয়াও তেওঁৰ বাবে মুক্তিৰ দুৱাৰ খোল খোৱাটো এতিয়াও অনিশ্চিত হৈ ৰৈছে। এতিয়া দিল্লী আৰক্ষীৰ এই শক্তিশালী চাৰ্জশ্বীতে তেওঁৰ মুক্তিৰ বাট কেতিয়ালৈ খোল খাব সেইকথা অনিশ্চিত হৈ পৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ