--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগী আদিত্যনাথে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাজ্যখনত বিনামূলীয়া ৰেচন সেৱা যোগানৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি উত্তৰ প্ৰদেশত পৰৱৰ্তী তিনিমাহৰ বাবে বিনামূলীয়া ৰেচনৰ দিয়া হ’ব, অৰ্থাৎ ৩০ জুনলৈকে উপলব্ধ হ’ব। শনিবাৰে যোগী মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। আজি লক্ষ্ণৌৰ লোক ভৱনত এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে, ‘আমি আৰু তিনিমাহৰ বাবে বিনামূলীয়া ৰেচন বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই যৌথ পদক্ষেপ কেৱল সাধাৰণ মানুহৰ স্বাৰ্থৰ বাবে লোৱা হৈছে।’ যোগীয়ে শুকুৰবাৰে লক্ষ্ণৌত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। যোগী আদিত্যনাথৰ উপৰি যোগী মন্ত্ৰীসভাৰ মুঠ ৫২ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত ৰাজ্যখনৰ প্ৰায় ৮৫,০০০ সাধাৰণ নাগৰিক উপস্থিত আছিল। যোগীৰ ১৪ জনক বিভিন্ন বিভাগত ৰাজ্যৰ স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। আন ২০ জন লোকক ‘কনিষ্ঠ মন্ত্ৰী’ হিচাপে দায়িত্ব লাভ কৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। তাৰ প্ৰতি লক্ষ্য ৰাখি যোগীয়ে মন্ত্ৰীসভাখন সুচাৰুৰূপে গঠন কৰিছে। গেৰুৱা শিবিৰে মন্ত্ৰালয় আৰু দায়িত্বৰ ভাগ-বতৰাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে যাতে সকলো ক্ষেত্ৰৰ প্ৰতিনিধিসকলক সমান সুযোগ দিয়া হয়। দলিত, মুছলমান আৰু শিখ সম্প্ৰদায়কে ধৰি অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিসকলকো যোগীৰ নতুন মন্ত্ৰীসভাত স্থান দিয়া হৈছে। উল্লেখ্য যে, যোগীৰ শপতগ্ৰহণ অনুষ্ঠান অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। ৰাজনীতিবিদসকলৰ লগতে অমিতাভ বচ্চন, কংগনা ৰাণাৱট, অক্ষয় কুমাৰ, বিবেক অগ্নিহোত্ৰীৰ দৰে তাৰকাকো আমন্ত্ৰণ জনোৱা হৈছিল যোগীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু