--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগী আদিত্যনাথে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাজ্যখনত বিনামূলীয়া ৰেচন সেৱা যোগানৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি উত্তৰ প্ৰদেশত পৰৱৰ্তী তিনিমাহৰ বাবে বিনামূলীয়া ৰেচনৰ দিয়া হ’ব, অৰ্থাৎ ৩০ জুনলৈকে উপলব্ধ হ’ব। শনিবাৰে যোগী মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। আজি লক্ষ্ণৌৰ লোক ভৱনত এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে, ‘আমি আৰু তিনিমাহৰ বাবে বিনামূলীয়া ৰেচন বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই যৌথ পদক্ষেপ কেৱল সাধাৰণ মানুহৰ স্বাৰ্থৰ বাবে লোৱা হৈছে।’ যোগীয়ে শুকুৰবাৰে লক্ষ্ণৌত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। যোগী আদিত্যনাথৰ উপৰি যোগী মন্ত্ৰীসভাৰ মুঠ ৫২ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। অনুষ্ঠানটোত ৰাজ্যখনৰ প্ৰায় ৮৫,০০০ সাধাৰণ নাগৰিক উপস্থিত আছিল। যোগীৰ ১৪ জনক বিভিন্ন বিভাগত ৰাজ্যৰ স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। আন ২০ জন লোকক ‘কনিষ্ঠ মন্ত্ৰী’ হিচাপে দায়িত্ব লাভ কৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। তাৰ প্ৰতি লক্ষ্য ৰাখি যোগীয়ে মন্ত্ৰীসভাখন সুচাৰুৰূপে গঠন কৰিছে। গেৰুৱা শিবিৰে মন্ত্ৰালয় আৰু দায়িত্বৰ ভাগ-বতৰাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে যাতে সকলো ক্ষেত্ৰৰ প্ৰতিনিধিসকলক সমান সুযোগ দিয়া হয়। দলিত, মুছলমান আৰু শিখ সম্প্ৰদায়কে ধৰি অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিসকলকো যোগীৰ নতুন মন্ত্ৰীসভাত স্থান দিয়া হৈছে। উল্লেখ্য যে, যোগীৰ শপতগ্ৰহণ অনুষ্ঠান অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। ৰাজনীতিবিদসকলৰ লগতে অমিতাভ বচ্চন, কংগনা ৰাণাৱট, অক্ষয় কুমাৰ, বিবেক অগ্নিহোত্ৰীৰ দৰে তাৰকাকো আমন্ত্ৰণ জনোৱা হৈছিল যোগীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ