--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক সংঘৰ্ষত কঁপি উঠিল বিহাৰৰ চাচাৰাম। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চাচাৰামত এক অনুষ্ঠানটোত উপস্থিত থকাৰ কথা আছিল। কিন্তু কেন্দ্ৰীয় গৃমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্ততে   চাচাৰামত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠে। ফলত বিহাৰ বিজেপিয়ে চাচাৰামৰ ৰেলী বাতিল কৰিবলগীয়া হয়। 

শ্বাহে শনিবাৰে সন্ধিয়া দুদিনীয়া বিহাৰ ভ্ৰমণৰ বাবে পাটনা বিমানবন্দৰত উপস্থিত হোৱাৰ কথা । তেওঁ সন্ধিয়া প্ৰায় ৬.৩০ বজাত পাটনাৰ জয় প্ৰকাশ নাৰায়ণ বিমানবন্দৰত উপস্থিত হ'ব  ।বিহাৰ বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয় যে চাচাৰামৰ অনুষ্ঠানটো বাতিল কৰা হৈছে।  তেওঁ কয় "কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চাচাৰামৰ ৰেলীত ভাগ লোৱাৰ  কথা আছিল।  

কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতে বিহাৰ চৰকাৰে সেই এলেকাত ধাৰা ১৪৪  আৰোপ কৰাৰ পিছত  আমি অনুষ্ঠানটো বাতিল কৰিছো।এনে পৰিস্থিতিত আমি কেনেকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ?" ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে ৰাজ্য চৰকাৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে সতৰ্ক হৈ আছে।  উল্লেখ্য চাচাৰামৰ অনুষ্ঠান বাতিল হ’লে অমিত  শ্বাহে পাটনালৈ আহিব আৰু পাটনাৰ এখন হোটেলত  দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

 বিহাৰ বিজেপিৰ এগৰাকী নেতাই কয় "দেওবাৰে তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব। সম্ৰাট অশোকৰ জন্ম জয়ন্তী উপলক্ষে নৱাড়াত হিচুয়াত তেওঁ ভাষণ দিব," । উল্লেখ্য  যোৱা বছৰৰ আগষ্ট মাহত শাসনাধিষ্ঠিত জেডি(ইউ)য়ে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছত এয়া অমিত শ্বাহৰ  চতুৰ্থ বিহাৰ ভ্ৰমণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষ্যে  বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। 

আকাশী নিৰীক্ষণৰ বাবে ড্ৰোনো ব্যৱহাৰ কৰা হৈছে। শ্বাহে দেওবাৰে সন্ধিয়া পুনৰ  নতুন দিল্লীলৈ ৰাওনা হ'ব।  ৰাম নৱমী উৎসৱৰ সময়ত  চাচাৰাম আৰু বিহাৰ শ্বৰীফ চহৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ  ঘটনাৰে জড়িত থকাৰ সন্দেহত  ৪৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চাচাৰাম আৰু বিহাৰ শ্বৰীফ চহৰত সাম্প্ৰদায়িক সংঘৰ্ষ  বৃহস্পতিবাৰৰ পিছবেলা  আৰম্ভ হৈছিল আৰু শুক্ৰবাৰলৈকে অব্যাহত আছিল। এতিয়া সেই এলেকাত উত্তেজনা অব্যাহত আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?