--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক সংঘৰ্ষত কঁপি উঠিল বিহাৰৰ চাচাৰাম। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চাচাৰামত এক অনুষ্ঠানটোত উপস্থিত থকাৰ কথা আছিল। কিন্তু কেন্দ্ৰীয় গৃমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্ততে   চাচাৰামত সাম্প্ৰদায়িক সংঘৰ্ষই গা কৰি উঠে। ফলত বিহাৰ বিজেপিয়ে চাচাৰামৰ ৰেলী বাতিল কৰিবলগীয়া হয়। 

শ্বাহে শনিবাৰে সন্ধিয়া দুদিনীয়া বিহাৰ ভ্ৰমণৰ বাবে পাটনা বিমানবন্দৰত উপস্থিত হোৱাৰ কথা । তেওঁ সন্ধিয়া প্ৰায় ৬.৩০ বজাত পাটনাৰ জয় প্ৰকাশ নাৰায়ণ বিমানবন্দৰত উপস্থিত হ'ব  ।বিহাৰ বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয় যে চাচাৰামৰ অনুষ্ঠানটো বাতিল কৰা হৈছে।  তেওঁ কয় "কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চাচাৰামৰ ৰেলীত ভাগ লোৱাৰ  কথা আছিল।  

কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতে বিহাৰ চৰকাৰে সেই এলেকাত ধাৰা ১৪৪  আৰোপ কৰাৰ পিছত  আমি অনুষ্ঠানটো বাতিল কৰিছো।এনে পৰিস্থিতিত আমি কেনেকৈ এটা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ?" ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে ৰাজ্য চৰকাৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে সতৰ্ক হৈ আছে।  উল্লেখ্য চাচাৰামৰ অনুষ্ঠান বাতিল হ’লে অমিত  শ্বাহে পাটনালৈ আহিব আৰু পাটনাৰ এখন হোটেলত  দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

 বিহাৰ বিজেপিৰ এগৰাকী নেতাই কয় "দেওবাৰে তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব। সম্ৰাট অশোকৰ জন্ম জয়ন্তী উপলক্ষে নৱাড়াত হিচুয়াত তেওঁ ভাষণ দিব," । উল্লেখ্য  যোৱা বছৰৰ আগষ্ট মাহত শাসনাধিষ্ঠিত জেডি(ইউ)য়ে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছত এয়া অমিত শ্বাহৰ  চতুৰ্থ বিহাৰ ভ্ৰমণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষ্যে  বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। 

আকাশী নিৰীক্ষণৰ বাবে ড্ৰোনো ব্যৱহাৰ কৰা হৈছে। শ্বাহে দেওবাৰে সন্ধিয়া পুনৰ  নতুন দিল্লীলৈ ৰাওনা হ'ব।  ৰাম নৱমী উৎসৱৰ সময়ত  চাচাৰাম আৰু বিহাৰ শ্বৰীফ চহৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ  ঘটনাৰে জড়িত থকাৰ সন্দেহত  ৪৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চাচাৰাম আৰু বিহাৰ শ্বৰীফ চহৰত সাম্প্ৰদায়িক সংঘৰ্ষ  বৃহস্পতিবাৰৰ পিছবেলা  আৰম্ভ হৈছিল আৰু শুক্ৰবাৰলৈকে অব্যাহত আছিল। এতিয়া সেই এলেকাত উত্তেজনা অব্যাহত আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন