--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ কৰাৰ বাবে বিভিন্ন পক্ষই দাবী জনাই আহিছে। এনে সময়তে তেলেংগানাৰ এগৰাকী বিজেপি বিধায়কৰ মন্তব্যই বেছ আলড়ণৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। বিধায়কগৰাকীয়ে কয় যে কেৱল তেওঁলোকৰহে ভোটদানৰ অধিকাৰ থাকিব, যিসকলৰ সন্তানৰ সংখ্যা দুটাতকৈ বেছি নহয়।  ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত বিজেপি বিধায়ক টি ৰাজা সিঙে এনেধৰণে মন্তব্য কৰে।  

এনে মন্তব্য কৰাৰ পিছতে  হায়দৰাবাদত তেওঁৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছে। অভিযোগ কৰা হৈছে যে টি ৰাজা সিঙে আফজলগঞ্জ আৰক্ষী চৌকি অঞ্চলত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত এনে বিতৰ্কিত  মন্তব্য কৰিছিল।বিজেপিয়ে লগে লগে বিধায়কগৰাকীক নিলম্বিত কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিলম্বিত বিজেপি বিধায়কজনে শুকুৰবাৰে ৰাম নৱমীৰ শোভাযাত্ৰাত এনেদৰে মন্তব্য  কৰিছিল। শোভাযাত্ৰাটো নিশা প্ৰায় ৯ বজাত এছএ বজাৰ অঞ্চলত উপস্থিত হৈছিল। টি ৰাজা সিঙে হিন্দীত ভাষণ দিছিল। তেওঁৰ বিৰুদ্ধে সংখ্যালঘুসকলৰ মনত আঘাত দিয়া ধৰণৰ মন্তব্য কৰাৰ অভিযোগ উঠিছে। 

বিধায়কজনৰ ভাষণৰ  ৰেকৰ্ডিংটো আৰক্ষীৰ  উচ্চ বিষয়ালৈ  প্ৰেৰণ কৰা হৈছে।   তেওঁৰ বিৰুদ্ধে ইতিমধ্যে  এজাহাৰ দাখিল কৰা হৈছে । টি ৰাজা সিঙে কৈছিল "যদি ভাৰত এখন হিন্দু ৰাজ্য হৈ পৰে, তেন্তে কেৱল 'আমি দুই, আমাৰ দুই (সন্তান)'ৰ নীতিত বিশ্বাস কৰা সকলৰহে ভোটদানৰ অধিকাৰ থাকিব। যিসকলে ভাবে যে তেওঁলোকৰ  পাঁচটা সন্তান  হ'ব বা ৫০ টা সন্তান হ'ব তেওঁলোকে ভোট দিব নোৱাৰিব।’’ 

 ৰাজা সিঙে লগতে কয়, "আমাৰ ধৰ্মীয় নেতাসকলে হিন্দু ৰাষ্ট্ৰ কেনে হ'ব তাৰ এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা আৰম্ভ কৰিছে। দিল্লী হিন্দু ৰাষ্ট্ৰৰ ৰাজধানী নহ'ব। ৰাজধানী হ'ব কাশী, মথুৰা বা অযোধ্যা।’’ তেওঁ লগতে কয় যে যদি ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হয় তেন্তে কৃষকসকলে যিকোনো কৰ পৰিশোধ কৰিব লাগিব। সেই দেশত গো হত্যাও নিষিদ্ধ কৰা হ'ব। ইয়াৰ পূৰ্বেও মুম্বাইত টি ৰাজা সিঙৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত এটা অভিযোগ দাখিল কৰা হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত