--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ কৰাৰ বাবে বিভিন্ন পক্ষই দাবী জনাই আহিছে। এনে সময়তে তেলেংগানাৰ এগৰাকী বিজেপি বিধায়কৰ মন্তব্যই বেছ আলড়ণৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। বিধায়কগৰাকীয়ে কয় যে কেৱল তেওঁলোকৰহে ভোটদানৰ অধিকাৰ থাকিব, যিসকলৰ সন্তানৰ সংখ্যা দুটাতকৈ বেছি নহয়।  ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত বিজেপি বিধায়ক টি ৰাজা সিঙে এনেধৰণে মন্তব্য কৰে।  

এনে মন্তব্য কৰাৰ পিছতে  হায়দৰাবাদত তেওঁৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হৈছে। অভিযোগ কৰা হৈছে যে টি ৰাজা সিঙে আফজলগঞ্জ আৰক্ষী চৌকি অঞ্চলত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত এনে বিতৰ্কিত  মন্তব্য কৰিছিল।বিজেপিয়ে লগে লগে বিধায়কগৰাকীক নিলম্বিত কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিলম্বিত বিজেপি বিধায়কজনে শুকুৰবাৰে ৰাম নৱমীৰ শোভাযাত্ৰাত এনেদৰে মন্তব্য  কৰিছিল। শোভাযাত্ৰাটো নিশা প্ৰায় ৯ বজাত এছএ বজাৰ অঞ্চলত উপস্থিত হৈছিল। টি ৰাজা সিঙে হিন্দীত ভাষণ দিছিল। তেওঁৰ বিৰুদ্ধে সংখ্যালঘুসকলৰ মনত আঘাত দিয়া ধৰণৰ মন্তব্য কৰাৰ অভিযোগ উঠিছে। 

বিধায়কজনৰ ভাষণৰ  ৰেকৰ্ডিংটো আৰক্ষীৰ  উচ্চ বিষয়ালৈ  প্ৰেৰণ কৰা হৈছে।   তেওঁৰ বিৰুদ্ধে ইতিমধ্যে  এজাহাৰ দাখিল কৰা হৈছে । টি ৰাজা সিঙে কৈছিল "যদি ভাৰত এখন হিন্দু ৰাজ্য হৈ পৰে, তেন্তে কেৱল 'আমি দুই, আমাৰ দুই (সন্তান)'ৰ নীতিত বিশ্বাস কৰা সকলৰহে ভোটদানৰ অধিকাৰ থাকিব। যিসকলে ভাবে যে তেওঁলোকৰ  পাঁচটা সন্তান  হ'ব বা ৫০ টা সন্তান হ'ব তেওঁলোকে ভোট দিব নোৱাৰিব।’’ 

 ৰাজা সিঙে লগতে কয়, "আমাৰ ধৰ্মীয় নেতাসকলে হিন্দু ৰাষ্ট্ৰ কেনে হ'ব তাৰ এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা আৰম্ভ কৰিছে। দিল্লী হিন্দু ৰাষ্ট্ৰৰ ৰাজধানী নহ'ব। ৰাজধানী হ'ব কাশী, মথুৰা বা অযোধ্যা।’’ তেওঁ লগতে কয় যে যদি ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হয় তেন্তে কৃষকসকলে যিকোনো কৰ পৰিশোধ কৰিব লাগিব। সেই দেশত গো হত্যাও নিষিদ্ধ কৰা হ'ব। ইয়াৰ পূৰ্বেও মুম্বাইত টি ৰাজা সিঙৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত এটা অভিযোগ দাখিল কৰা হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?