--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতে উপত্যকাটোলৈ শান্তি ঘূৰি অহা বুলি চৰকাৰে সুবিধা পালেই ঘোষমা কৰি আহিছে৷ কিন্তু ইয়াৰ মাজতে উপত্যকাটোৰ কাষ্মীৰী পণ্ডিতসকল আজিও সন্ত্ৰাবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে৷ ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছে  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷  

অমিত শ্বাহক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে কয় যে যদি কাশ্মীৰত সঁচাকৈয়ে শান্তি বিৰাজ কৰিছে  তেন্তে শ্বাহে  জম্মুৰ পৰা শ্ৰীনগৰৰ লাল চকলৈ খোজ কাঢ়ি দেখুৱাওক।

 জম্মু-কাশ্মীৰত শান্তি অব্যাহত আছে নেকি  বুলি সাংবাদিকে  সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়: "ৰাজ্যখনত নিৰ্বাচিত লোকক  হত্যা, বোমা বিস্ফোৰণ সংঘটিত হৈছে, নিৰাপত্তাৰক্ষীৰ কথাই ইংগিত দিয়ে যে পৰিস্থিতি ভাল নহয়... যদি বিজেপিয়ে পৰিস্থিতি ভাল বুলিয়েই  ভাবে, তেন্তে অমিত শ্বাহে জম্মুৰ পৰা লাল চকলৈ কিয় খোজ কাঢ়ি নাযায়।" 

উল্লেখ্য ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাৰ বাবে বৰ্তমান কাশ্মীৰতে আছে৷ কালি লাল চ’কত তেওঁ ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল৷ আজি শ্ৰীনগৰত অন্ত পৰিব কংগ্ৰেছৰ প্ৰায় ৪০০০ কিলোমিটাৰ জোৰা ভাৰত জোড়ো যাত্ৰাৰ৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু