--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশত মোগলৰ নামেৰে নামকৰণ কৰা সকলো  নাম সলনি কৰাৰ দাবী জনালে এগৰাকী৷ বিজেপিৰ নেতাই৷ বিজেপি শাসনলৈ অহাৰ পিছতে দেশৰ বহু ঐতিহাসিক স্থানৰ নাম সলনি কৰা হৈছে৷ উদাহৰণ স্বৰূপে এলাহাবাদৰ নাম ৰখা হৈছে প্ৰয়াগৰাজ আদি৷ 

শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ  নেতা শুভেন্দু অধিকাৰীয়ে এইবুলি দাবী জনাইছে   যে মোগলৰ নামেৰে নামাকৰণ কৰা ঠাইবোৰৰ পৰা মোগলৰ নাম মচি পেলাই  পুনৰ নামকৰণ কৰিব লাগে। পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতাজনে লগতে কয় যে যদি তেওঁৰ দল ৰাজ্যখনত শাসনলৈ আহে তেন্তে তেওঁলোকে এসপ্তাহৰ ভিতৰত সকলো ব্ৰিটিছ আৰু মোগলৰ নাম আঁতৰাই পেলাব। ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাৰ  নাম মোগল উদ্যানৰ সলনি অমৃত উদ্যান কৰাৰ বিষয়ত ক’বলৈ গৈ অধিকাৰীয়ে এনেদৰে কয়৷

 অধিকাৰীয়ে কয় "তেওঁলোকে (মোগল) বহু হিন্দুক হত্যা কৰিছিল আৰু মন্দিৰ ধ্বংস কৰিছিল। তেওঁলোকৰ নামেৰে নামাকৰণ কৰা সকলো ঠাই চিনাক্ত কৰিব লাগে আৰু পুনৰ নামকৰণ কৰিব লাগে। যদি বিজেপি বংগত শাসনলৈ আহে তেন্তে আমি এসপ্তাহৰ ভিতৰত সকলো ব্ৰিটিছ আৰু মোগলৰ নাম আঁতৰাই দিম" । উল্লেখ্য মোদীৰ চৰকাৰে পৰ্যায়ক্ৰমে বহু ঠাইৰ নাম সলনি কৰি আহিছে৷ বিগত বৰ্ষত দিল্লীৰ বিখ্যাত ৰাজপথক "কৰতাব্য পথ" হিচাপে নামকৰণ কৰিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক