--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰৰ ভাল-বেয়া বিচাৰ কৰিব পৰাকৈ এতিয়া যেন দেশৰ প্ৰায় ভাগ সংবাদ মাধ্যমেই অক্ষম৷কাৰণ শাসকীয় বিজেপি আৰু বিজেপিৰ আশীষধন্য একাংশ পুজিপতিয়ে মুখ বন্ধ কৰি ৰাখিছে বহু সংবাদ মাধ্যমৰ৷ চৰকাৰৰ নেতিবাচক দিশসমূহ উদঙাই দি অহা এনডিটিভি সৌ সিদিনা গৌতম আদানীয়ে বিশাল অংশীদাৰিত্ব গ্ৰহণ কৰি ক্ৰয় কৰিছে৷  লগে লগে এনডিটিভিৰ চৰকাৰ বিৰোধী স্থিতিও নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছে৷  

শেহতীয়া এক অভিযোগ অনুসৰি ’আপ কি আদালত’ অনুষ্ঠানৰ জড়িয়তে পৰিচিত হৈ পৰা সাংবাদিক ৰজত শৰ্মাৰ ইণ্ডিয়া টিভিতো আদানীয়ে ১৬ শতাংশ বিনিয়োগ কৰিছিল৷ ’পিগুৰু’ পোৰ্টেলটোত শ্ৰী আয়াৰে প্ৰস্তুত কৰা এক প্ৰতিবেদনত এই কথা স্পষ্ট ভাবে কোৱা হৈছে যে ২০০৯ চনৰ পৰা আদানীয়ে ইণ্ডিয়া টিভিৰ ১৬ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে৷ কিন্তু গৌতম আদানীৰ সৈতে শেহতীয়াকৈ ৰজত শৰ্মাৰ সাক্ষাৎকাৰ সেই কথা ঘূণাক্ষৰেও উল্লেখ কৰা নাই সাংবাদিক ৰজত শৰ্মাই৷ 

আদানীয়ে শ্বেয়াৰ ক্ৰয় কৰাৰ কথা দেশবাসীয়ে জানিলে চেনেলটোৰ প্ৰতি দেশবাসীৰ দৃষ্টিভংগী সলনি হোৱাৰ আশংকা কৰিয়েই হয়তো ৰজত শৰ্মাই সেই কথা গোপনে ৰাখিছিল৷ পিগুৰুৰ প্ৰতিবেদন খনত লগতে কোৱা হৈছে যে ২০০৯-২০১১ চনৰ ভিতৰত গৌতম আদানী আৰু মুকেশ আম্বানীয়ে ইণ্ডিয়া টিভিত প্ৰায় ১৫০ কোটি টকা বিনিয়োগ কৰিছে৷ সেইবাবেই মাৰ্কিন সংস্থাই আদানীৰ জালিয়াতিৰ কথা পোহৰলৈ অনাৰ পিছতো ইণ্ডিয়া টিভিৰ অধ্যক্ষ তথা মুখ্য সম্পাদক ৰজত শৰ্মাই মুখত পিঠা ভৰাই থাকিবলগীয়া হৈছে বুলি বহুতে অভিযোগ কৰিছে৷ প্ৰতিবেদন খনত এই কথা স্পষ্টভাবে উল্লেখ কৰা হৈছে যে দেশৰ প্ৰচলিত আইন উলংঘা কৰি ২০০৯ চনৰ পৰা মুকেশ আম্বানীয়ে এনডিটিভি, চিএনএন-আইবিএন, নিউজ নেছন, নিউজ এক্স আদি চেনেলত একেসময়তে ধন বিনিয়োগ কৰিছে৷ 

উল্লেখ্য ৰজত শৰ্মা হৈছে এগৰাকী কঠোৰ সোঁপন্থী লোক৷ ১৯৮০ দশকত তেওঁ বিজেপিৰ ছাত্ৰ সংঘগঠন এবিভিপিৰ সৈতে ওতোঃপ্ৰোতভাবে জড়িত আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ সৈতে ৰজত শৰ্মাৰ ভাতঘৰৰ সম্পৰ্ক আছিল৷ আজিও তেওঁ মোদীৰ একান্তই বিশ্বস্ত বন্ধু৷ সেইবাবেই শাসকীয় পক্ষৰ কোনো জনবিৰোধীসিদ্ধান্তৰ বিৰুদ্ধে ৰজত শৰ্মাই কোনো দিনেই মাত মাতিব পৰা নাই৷ বিজেপিয়ে দেশৰ সংবাদ মাধ্যমক নিজৰ হাতৰ মুঠিত ৰাখি শাসন গজগজীয়া কৰি ৰাখিব বিচাৰিছে বুলিও বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ যাৰ ফ্লশ্ৰুতিত গোদী মিডিয়া বুলি কথা এষাৰৰেই প্ৰচলন হৈছে৷ বিজেপিৰ এনে পদক্ষেপত হাত উজান দিছে আদানী-আম্বানীৰ দৰে একাংশ পুজিপতিয়ে৷ 

পিগুৰুৰ প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপে নতুন দিল্লী টেলিভিছন লিমিটেডৰ (এনডিটিভি) ৬৬  শতাংশ অংশ ক্ৰয় কৰিছে৷ইয়াৰ বিনিময়ত গৌতম আদানীয়ে এনডিটিভিৰ মুৰব্বী প্ৰণয় ৰয়ক ৬০৫ কোটি টকা আদায় দিয়া বুলিও কোৱা হৈছে৷ এই কাৰ্য  এ এম জি মিডিয়া নেটৱৰ্ক লিমিটেডৰ (এএমএনএল) সম্পূৰ্ণ মালিকানাধীন সহায়ক বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (ভিচিপিএল)ৰ জৰিয়তে কৰা হ'ব, যি আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেড (এইএল)ৰ মালিকানাধীন। 

এ এম এন এলৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় পুগালিয়াই কৈছিল - এই অধিগ্ৰহণ হৈছে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি৷  প্লেটফৰ্মত নতুন যুগৰ  পথ প্ৰশস্ত কৰা এ এম এন এলে ভাৰতীয় নাগৰিক, উপভোক্তা আৰু ভাৰতৰ প্ৰতি আগ্ৰহী সকলক তথ্য আৰু জ্ঞানেৰে শক্তিশালী কৰিব বিচাৰে। বাতৰিৰ ক্ষেত্ৰত ইয়াৰ আগশাৰীৰ স্থিতি আৰু বিভিন্ন শৈলী আৰু ভৌগোলিক ক্ষেত্ৰত ইয়াৰ শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰসাৰৰ সৈতে, এনডিটিভি হৈছে   আটাইতকৈ উপযুক্ত সম্প্ৰচাৰ আৰু ডিজিটেল প্লেটফৰ্ম। বাতৰি প্ৰদানৰ ক্ষেত্ৰত এনডিটিভিৰ নেতৃত্ব শক্তিশালী কৰাৰ বাবে আশাবাদী বুলিও  পুগালিয়াই  কয়।

 এনডিটিভিৰ অধিনস্থ যি তিনিটা ৰাষ্ট্ৰীয় বাতৰি চেনেল - এনডিটিভি ২৪এক্স৭, এনডিটিভি ইণ্ডিয়া আৰু এনডিটিভি প্ৰফিট আদি অনলাইন ক্ষেত্ৰতো     শক্তিশালী । কোম্পানীটোৱে  ২০২২ বিত্তীয় বৰ্ষত ৪২১ কোটি টকাৰ ৰাজহ নথিভুক্ত কৰিছিল৷  যাৰ ইবি আই টি ডি এ আছিল ১২৩  কোটি টকা আৰু মুঠ লাভ আছিল ৮৫ কোটি টকা।এনেদৰেই শাসকীয় পক্ষ, পুজিপতিৰ হাতোৰাত বন্দী হৈ পৰিছে দেশৰ বহু আগশাৰীৰ সংবাদমাধ্যম৷সকলোতে চলিছে চৰকাৰ, পুজিপতিৰ বন্দনা৷  সকলো দেখিও মৌন হৈ ৰৈছে জনতা, কাৰণ উপায় একো নাই৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু