--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰৰ ভাল-বেয়া বিচাৰ কৰিব পৰাকৈ এতিয়া যেন দেশৰ প্ৰায় ভাগ সংবাদ মাধ্যমেই অক্ষম৷কাৰণ শাসকীয় বিজেপি আৰু বিজেপিৰ আশীষধন্য একাংশ পুজিপতিয়ে মুখ বন্ধ কৰি ৰাখিছে বহু সংবাদ মাধ্যমৰ৷ চৰকাৰৰ নেতিবাচক দিশসমূহ উদঙাই দি অহা এনডিটিভি সৌ সিদিনা গৌতম আদানীয়ে বিশাল অংশীদাৰিত্ব গ্ৰহণ কৰি ক্ৰয় কৰিছে৷  লগে লগে এনডিটিভিৰ চৰকাৰ বিৰোধী স্থিতিও নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছে৷  

শেহতীয়া এক অভিযোগ অনুসৰি ’আপ কি আদালত’ অনুষ্ঠানৰ জড়িয়তে পৰিচিত হৈ পৰা সাংবাদিক ৰজত শৰ্মাৰ ইণ্ডিয়া টিভিতো আদানীয়ে ১৬ শতাংশ বিনিয়োগ কৰিছিল৷ ’পিগুৰু’ পোৰ্টেলটোত শ্ৰী আয়াৰে প্ৰস্তুত কৰা এক প্ৰতিবেদনত এই কথা স্পষ্ট ভাবে কোৱা হৈছে যে ২০০৯ চনৰ পৰা আদানীয়ে ইণ্ডিয়া টিভিৰ ১৬ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে৷ কিন্তু গৌতম আদানীৰ সৈতে শেহতীয়াকৈ ৰজত শৰ্মাৰ সাক্ষাৎকাৰ সেই কথা ঘূণাক্ষৰেও উল্লেখ কৰা নাই সাংবাদিক ৰজত শৰ্মাই৷ 

আদানীয়ে শ্বেয়াৰ ক্ৰয় কৰাৰ কথা দেশবাসীয়ে জানিলে চেনেলটোৰ প্ৰতি দেশবাসীৰ দৃষ্টিভংগী সলনি হোৱাৰ আশংকা কৰিয়েই হয়তো ৰজত শৰ্মাই সেই কথা গোপনে ৰাখিছিল৷ পিগুৰুৰ প্ৰতিবেদন খনত লগতে কোৱা হৈছে যে ২০০৯-২০১১ চনৰ ভিতৰত গৌতম আদানী আৰু মুকেশ আম্বানীয়ে ইণ্ডিয়া টিভিত প্ৰায় ১৫০ কোটি টকা বিনিয়োগ কৰিছে৷ সেইবাবেই মাৰ্কিন সংস্থাই আদানীৰ জালিয়াতিৰ কথা পোহৰলৈ অনাৰ পিছতো ইণ্ডিয়া টিভিৰ অধ্যক্ষ তথা মুখ্য সম্পাদক ৰজত শৰ্মাই মুখত পিঠা ভৰাই থাকিবলগীয়া হৈছে বুলি বহুতে অভিযোগ কৰিছে৷ প্ৰতিবেদন খনত এই কথা স্পষ্টভাবে উল্লেখ কৰা হৈছে যে দেশৰ প্ৰচলিত আইন উলংঘা কৰি ২০০৯ চনৰ পৰা মুকেশ আম্বানীয়ে এনডিটিভি, চিএনএন-আইবিএন, নিউজ নেছন, নিউজ এক্স আদি চেনেলত একেসময়তে ধন বিনিয়োগ কৰিছে৷ 

উল্লেখ্য ৰজত শৰ্মা হৈছে এগৰাকী কঠোৰ সোঁপন্থী লোক৷ ১৯৮০ দশকত তেওঁ বিজেপিৰ ছাত্ৰ সংঘগঠন এবিভিপিৰ সৈতে ওতোঃপ্ৰোতভাবে জড়িত আছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ সৈতে ৰজত শৰ্মাৰ ভাতঘৰৰ সম্পৰ্ক আছিল৷ আজিও তেওঁ মোদীৰ একান্তই বিশ্বস্ত বন্ধু৷ সেইবাবেই শাসকীয় পক্ষৰ কোনো জনবিৰোধীসিদ্ধান্তৰ বিৰুদ্ধে ৰজত শৰ্মাই কোনো দিনেই মাত মাতিব পৰা নাই৷ বিজেপিয়ে দেশৰ সংবাদ মাধ্যমক নিজৰ হাতৰ মুঠিত ৰাখি শাসন গজগজীয়া কৰি ৰাখিব বিচাৰিছে বুলিও বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ যাৰ ফ্লশ্ৰুতিত গোদী মিডিয়া বুলি কথা এষাৰৰেই প্ৰচলন হৈছে৷ বিজেপিৰ এনে পদক্ষেপত হাত উজান দিছে আদানী-আম্বানীৰ দৰে একাংশ পুজিপতিয়ে৷ 

পিগুৰুৰ প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপে নতুন দিল্লী টেলিভিছন লিমিটেডৰ (এনডিটিভি) ৬৬  শতাংশ অংশ ক্ৰয় কৰিছে৷ইয়াৰ বিনিময়ত গৌতম আদানীয়ে এনডিটিভিৰ মুৰব্বী প্ৰণয় ৰয়ক ৬০৫ কোটি টকা আদায় দিয়া বুলিও কোৱা হৈছে৷ এই কাৰ্য  এ এম জি মিডিয়া নেটৱৰ্ক লিমিটেডৰ (এএমএনএল) সম্পূৰ্ণ মালিকানাধীন সহায়ক বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (ভিচিপিএল)ৰ জৰিয়তে কৰা হ'ব, যি আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেড (এইএল)ৰ মালিকানাধীন। 

এ এম এন এলৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় পুগালিয়াই কৈছিল - এই অধিগ্ৰহণ হৈছে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি৷  প্লেটফৰ্মত নতুন যুগৰ  পথ প্ৰশস্ত কৰা এ এম এন এলে ভাৰতীয় নাগৰিক, উপভোক্তা আৰু ভাৰতৰ প্ৰতি আগ্ৰহী সকলক তথ্য আৰু জ্ঞানেৰে শক্তিশালী কৰিব বিচাৰে। বাতৰিৰ ক্ষেত্ৰত ইয়াৰ আগশাৰীৰ স্থিতি আৰু বিভিন্ন শৈলী আৰু ভৌগোলিক ক্ষেত্ৰত ইয়াৰ শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰসাৰৰ সৈতে, এনডিটিভি হৈছে   আটাইতকৈ উপযুক্ত সম্প্ৰচাৰ আৰু ডিজিটেল প্লেটফৰ্ম। বাতৰি প্ৰদানৰ ক্ষেত্ৰত এনডিটিভিৰ নেতৃত্ব শক্তিশালী কৰাৰ বাবে আশাবাদী বুলিও  পুগালিয়াই  কয়।

 এনডিটিভিৰ অধিনস্থ যি তিনিটা ৰাষ্ট্ৰীয় বাতৰি চেনেল - এনডিটিভি ২৪এক্স৭, এনডিটিভি ইণ্ডিয়া আৰু এনডিটিভি প্ৰফিট আদি অনলাইন ক্ষেত্ৰতো     শক্তিশালী । কোম্পানীটোৱে  ২০২২ বিত্তীয় বৰ্ষত ৪২১ কোটি টকাৰ ৰাজহ নথিভুক্ত কৰিছিল৷  যাৰ ইবি আই টি ডি এ আছিল ১২৩  কোটি টকা আৰু মুঠ লাভ আছিল ৮৫ কোটি টকা।এনেদৰেই শাসকীয় পক্ষ, পুজিপতিৰ হাতোৰাত বন্দী হৈ পৰিছে দেশৰ বহু আগশাৰীৰ সংবাদমাধ্যম৷সকলোতে চলিছে চৰকাৰ, পুজিপতিৰ বন্দনা৷  সকলো দেখিও মৌন হৈ ৰৈছে জনতা, কাৰণ উপায় একো নাই৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক