--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ-ৰেখা। ৰূপালী পৰ্দাৰ প্ৰেমৰ বাহিৰেও তেওঁলোকৰ আৱেদন চিৰদিনীয়া। 'দো আনজানে' (১৯৭৬)ৰ সৈতে আৰম্ভ হৈছিল দুয়োৰে প্ৰেম আৰু 'ছিলছিলা' (১৯৮২)ৰ সৈতে সমাপ্ত হৈছিল। অভিনয়তকৈ বহুত বেছি চৰ্চিত এই যুটিৰ গোপন গভীৰ প্ৰেম।

কিন্তু 'ছিলছিলা'ৰ পিছত দুয়োকে আন কোনো ছবিত একেলগে দেখা পোৱা নাই চলচ্চিত্ৰপ্ৰেমীয়ে। এনেকুৱা কি ঘটনা ঘটিছিল যে, মুহূৰ্ততে বিচ্ছেদ হৈছিল এই জনপ্ৰিয় যুটিৰ? অমিতাভে অৱশ্যে এই বিষয়টোত সদায় নীৰৱতা অৱলম্বন কৰাই দেখা গৈছে। কিন্তু অনিৰুদ্ধ ৰেখাই মনে মনে বহি থকা নাই।  ইয়াছেৰ উছমানে লিখা তেওঁৰ 'ৰেখা: দ্য আনটোল্ড ষ্টৰী' নামৰ গ্ৰন্থখনত তেওঁ কৈছিল যে হঠাতে এদিন অমিতাভৰ পৰা এটা বাৰ্তা আহিছিল, আৰু নহয়।  কোনো চলচ্চিত্ৰতে আৰু ৰেখাৰ সৈতে কাম নকৰে অমিতাভে।


এনে সিদ্ধান্ত কিয় ল’বলগীয়া হৈছিল অমিতাভে? প্ৰশ্নটো ৰেখাই সুধিছিল। কিন্তু অমিতাভৰ উত্তৰ আছিল,'নাই, এই বিষয়ে মই আৰু এটা শব্দও উচ্চাৰণ কৰিব নিবিচাৰো।’ মন কৰিবলগীয়া যে, অমিতাভ-ৰেখাৰ প্ৰেমৰ সম্পৰ্কৰ মাজতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। ৰেখাই নিজেই এই কথা প্ৰকাশ কৰিছে। 'লাৱাৰিছ' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত এগৰাকী ইৰানী নৃত্যশিল্পীৰ প্ৰেমত পৰিছিল অমিতাভে । তেতিয়া অমিতাভ বিবাহিত আৰু ৰেখাৰ সৈতেও প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল। তেনেস্থলত আকৌ প্ৰেম?

এই খবৰটো বলীউডত সকলোৰে মুখে মুখে বিয়পি পৰিছিল। ৰেখাৰ কাণতো পৰিছিল এই কথা। কঠোৰ সত্যৰ মুখামুখি হোৱা ৰেখাৰ খং উঠিছিল আৰু এই প্ৰেমৰ বিষয়ে পোনপটীয়াকৈ অমিতাভক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছিল। কিছু সময়ৰ পাছতে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় আৰু উত্তেজিত হৈ অমিতাভে ৰেখাক সোধাইছিল চৰ। এগৰাকী ইৰাণীয়ান নৃত্যশিল্পীৰ বাবে অমিতাভে চৰ সোধাইছিল ৰূপৱতী ৰেখাক। মুহূৰ্ততে স্তব্ধ হৈ পৰিছিল ৰেখা। কেৱল সেইখন ছবিতে নহয়, কেতিয়াও অমিতাভৰ সৈতে চিনেমা নকৰাৰ সিদ্ধান্ত লৈছিল ৰেখাই। পৰৱৰ্তী সময়ত অৱশ্যে যশ চোপ্ৰাৰ অনুৰোধত ৰেখাই 'ছিলছিলা'ত কাম কৰিবলৈ সন্মত হয়। কিন্তু ৰেখাই অমিতাভৰ সেই চৰটোৰ কথা আজিও পাহৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ