--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ-ৰেখা। ৰূপালী পৰ্দাৰ প্ৰেমৰ বাহিৰেও তেওঁলোকৰ আৱেদন চিৰদিনীয়া। 'দো আনজানে' (১৯৭৬)ৰ সৈতে আৰম্ভ হৈছিল দুয়োৰে প্ৰেম আৰু 'ছিলছিলা' (১৯৮২)ৰ সৈতে সমাপ্ত হৈছিল। অভিনয়তকৈ বহুত বেছি চৰ্চিত এই যুটিৰ গোপন গভীৰ প্ৰেম।

কিন্তু 'ছিলছিলা'ৰ পিছত দুয়োকে আন কোনো ছবিত একেলগে দেখা পোৱা নাই চলচ্চিত্ৰপ্ৰেমীয়ে। এনেকুৱা কি ঘটনা ঘটিছিল যে, মুহূৰ্ততে বিচ্ছেদ হৈছিল এই জনপ্ৰিয় যুটিৰ? অমিতাভে অৱশ্যে এই বিষয়টোত সদায় নীৰৱতা অৱলম্বন কৰাই দেখা গৈছে। কিন্তু অনিৰুদ্ধ ৰেখাই মনে মনে বহি থকা নাই।  ইয়াছেৰ উছমানে লিখা তেওঁৰ 'ৰেখা: দ্য আনটোল্ড ষ্টৰী' নামৰ গ্ৰন্থখনত তেওঁ কৈছিল যে হঠাতে এদিন অমিতাভৰ পৰা এটা বাৰ্তা আহিছিল, আৰু নহয়।  কোনো চলচ্চিত্ৰতে আৰু ৰেখাৰ সৈতে কাম নকৰে অমিতাভে।


এনে সিদ্ধান্ত কিয় ল’বলগীয়া হৈছিল অমিতাভে? প্ৰশ্নটো ৰেখাই সুধিছিল। কিন্তু অমিতাভৰ উত্তৰ আছিল,'নাই, এই বিষয়ে মই আৰু এটা শব্দও উচ্চাৰণ কৰিব নিবিচাৰো।’ মন কৰিবলগীয়া যে, অমিতাভ-ৰেখাৰ প্ৰেমৰ সম্পৰ্কৰ মাজতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। ৰেখাই নিজেই এই কথা প্ৰকাশ কৰিছে। 'লাৱাৰিছ' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত এগৰাকী ইৰানী নৃত্যশিল্পীৰ প্ৰেমত পৰিছিল অমিতাভে । তেতিয়া অমিতাভ বিবাহিত আৰু ৰেখাৰ সৈতেও প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল। তেনেস্থলত আকৌ প্ৰেম?

এই খবৰটো বলীউডত সকলোৰে মুখে মুখে বিয়পি পৰিছিল। ৰেখাৰ কাণতো পৰিছিল এই কথা। কঠোৰ সত্যৰ মুখামুখি হোৱা ৰেখাৰ খং উঠিছিল আৰু এই প্ৰেমৰ বিষয়ে পোনপটীয়াকৈ অমিতাভক প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছিল। কিছু সময়ৰ পাছতে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় আৰু উত্তেজিত হৈ অমিতাভে ৰেখাক সোধাইছিল চৰ। এগৰাকী ইৰাণীয়ান নৃত্যশিল্পীৰ বাবে অমিতাভে চৰ সোধাইছিল ৰূপৱতী ৰেখাক। মুহূৰ্ততে স্তব্ধ হৈ পৰিছিল ৰেখা। কেৱল সেইখন ছবিতে নহয়, কেতিয়াও অমিতাভৰ সৈতে চিনেমা নকৰাৰ সিদ্ধান্ত লৈছিল ৰেখাই। পৰৱৰ্তী সময়ত অৱশ্যে যশ চোপ্ৰাৰ অনুৰোধত ৰেখাই 'ছিলছিলা'ত কাম কৰিবলৈ সন্মত হয়। কিন্তু ৰেখাই অমিতাভৰ সেই চৰটোৰ কথা আজিও পাহৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু