--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেহৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ বলীউডৰ তাৰকাসকলে ভিন্ন খাদ্যবস্তু খোৱা দেখা যায়। অজয় দেৱগণে (Ajay Devgn) নিজৰ শৰীৰৰ সুষমা ধৰি ৰাখিবৰ বাবে ঘোঁৰাৰ গাখীৰ খোৱা বুলি শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। অভিনেতাজনে কৈছিল যে তেওঁ ৰাছিয়ালৈ গৈ ঘোঁৰাৰ গাখীৰ খাইছিল। অজয়ে এইটোও দাবী কৰে যে ঘোঁৰাৰ গাখীৰে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। 


অজয়ে দেৱগণে সাক্ষাৎকাৰত কয় যে তেওঁ বিশ বছৰৰ আগতে  ৰাছিয়ালৈ গৈছিল আৰু তাত তেওঁ ঘোঁৰাৰ গাখীৰ খাইছিল। অজয়ৰ মতে সেই সময়ত ৰাছিয়াত আহাৰ গ্ৰহণৰ পিছত ঘোঁৰাৰ গাখীৰ খোৱাৰ প্ৰথা প্ৰচলিত আছিল। ইয়াৰ সোৱাদ চ'ডাৰ দৰে। এই গাখীৰত এচিডৰ পৰিমাণ ইমান বেছি যে পান কৰাৰ লগে লগে শৰীৰ গৰম হৈ পৰে। এনে অনুভৱ হয় যেন এক শক্তিশালী পানীয় পান কৰি থকা হৈছে। 


অজয়ে এইটোও দাবী কৰে যে ওজন হ্ৰাসৰ বাবে ঘোঁৰাৰ গাখীৰ অতি উপযোগী। অজয় দেৱগণে লগতে কয় ঘোঁৰাৰ গাখীৰত ইমান এচিড থাকে যে সকলো খাদ্য হজম হয়, পেটৰ চৰ্বিও হ্ৰাস হয়। উল্লেখ্য যে যদিও ঘোঁৰাৰ গাখীৰ খুব জনপ্ৰিয় নহয়, মধ্য এছিয়া আৰু ইউৰোপৰ কিছু অংশত ঘোঁৰাৰ গাখীৰ খায় জনসাধাৰণে। বিশেষকৈ কিৰগিজস্তানৰ ওচৰৰ অঞ্চলবোৰত বহুতো স্থানীয় লোকে ঘোঁৰাৰ গাখীৰ খায়। 


অৱশ্যে বিশেষজ্ঞসকলে কয় যে এই গাখীৰত কিমান পুষ্টি আছে সেই বিষয়ে অধিক বিতং গৱেষণাৰ প্ৰয়োজন আছে। গতিকে এনে পানীয় খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বিচক্ষণতাৰ পৰিচায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ