--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেহৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ বলীউডৰ তাৰকাসকলে ভিন্ন খাদ্যবস্তু খোৱা দেখা যায়। অজয় দেৱগণে (Ajay Devgn) নিজৰ শৰীৰৰ সুষমা ধৰি ৰাখিবৰ বাবে ঘোঁৰাৰ গাখীৰ খোৱা বুলি শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। অভিনেতাজনে কৈছিল যে তেওঁ ৰাছিয়ালৈ গৈ ঘোঁৰাৰ গাখীৰ খাইছিল। অজয়ে এইটোও দাবী কৰে যে ঘোঁৰাৰ গাখীৰে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। 


অজয়ে দেৱগণে সাক্ষাৎকাৰত কয় যে তেওঁ বিশ বছৰৰ আগতে  ৰাছিয়ালৈ গৈছিল আৰু তাত তেওঁ ঘোঁৰাৰ গাখীৰ খাইছিল। অজয়ৰ মতে সেই সময়ত ৰাছিয়াত আহাৰ গ্ৰহণৰ পিছত ঘোঁৰাৰ গাখীৰ খোৱাৰ প্ৰথা প্ৰচলিত আছিল। ইয়াৰ সোৱাদ চ'ডাৰ দৰে। এই গাখীৰত এচিডৰ পৰিমাণ ইমান বেছি যে পান কৰাৰ লগে লগে শৰীৰ গৰম হৈ পৰে। এনে অনুভৱ হয় যেন এক শক্তিশালী পানীয় পান কৰি থকা হৈছে। 


অজয়ে এইটোও দাবী কৰে যে ওজন হ্ৰাসৰ বাবে ঘোঁৰাৰ গাখীৰ অতি উপযোগী। অজয় দেৱগণে লগতে কয় ঘোঁৰাৰ গাখীৰত ইমান এচিড থাকে যে সকলো খাদ্য হজম হয়, পেটৰ চৰ্বিও হ্ৰাস হয়। উল্লেখ্য যে যদিও ঘোঁৰাৰ গাখীৰ খুব জনপ্ৰিয় নহয়, মধ্য এছিয়া আৰু ইউৰোপৰ কিছু অংশত ঘোঁৰাৰ গাখীৰ খায় জনসাধাৰণে। বিশেষকৈ কিৰগিজস্তানৰ ওচৰৰ অঞ্চলবোৰত বহুতো স্থানীয় লোকে ঘোঁৰাৰ গাখীৰ খায়। 


অৱশ্যে বিশেষজ্ঞসকলে কয় যে এই গাখীৰত কিমান পুষ্টি আছে সেই বিষয়ে অধিক বিতং গৱেষণাৰ প্ৰয়োজন আছে। গতিকে এনে পানীয় খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বিচক্ষণতাৰ পৰিচায়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু