--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২ মে' অৰ্থাৎ আজি প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়( Satyajit Ray)ৰ ১০১সংখ্যক জন্ম বাৰ্ষিকী। যিয়ে ভাৰতীয় চলচ্চিত্ৰক বহুতো মহান চলচ্চিত্ৰ প্ৰদান কৰিছে। ১৯২১ চনৰ ২ মে' তাৰিখে জন্মগ্ৰহণ কৰা সত্যজিৎ ৰায় দেশৰ মহান পৰিচালকসকলৰ ভিতৰত অন্যতম। এজন সফল পৰিচালক হোৱাৰ উপৰিও তেওঁ এজন মহান লেখক, শিল্পী, চিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ আৰু পোছাক ডিজাইনাৰ আছিল। তেওঁ চলচ্চিত্ৰ উদ্যোগত পথেৰ পাঁচালী, অপৰাজিতো, অপুৰ সংসাৰ আৰু চাৰুলতাৰ দৰে বহুতো স্মৰণীয় চলচ্চিত্ৰ উপহাৰ দিছে। 

তেওঁ জীৱনত মুঠ ৩৭ খন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, যাৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে বিশেষ পৰিচিতি লাভ কৰিছিল। ভাৰতীয় চলচ্চিত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা সত্যজিৎ ৰায়ৰ ইংলেণ্ড ভ্ৰমণৰ পাছত চলচ্চিত্ৰৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। ১৯৫০ চনৰ এপ্ৰিল মাহত ৰয়ে তেওঁৰ পত্নীৰ সৈতে ইংলেণ্ড ভ্ৰমণলৈ গৈছিল। সেই সময়ছোৱাত সত্যজিৎ ৰয়ে বিদেশী বিজ্ঞাপন কোম্পানী এটাত কাম কৰিছিল। চাকৰিৰ কাম ভালদৰে শিকিবলৈ কোম্পানীটোৱে ৰায়ক ছয় মাহৰ বাবে লণ্ডনৰ মুখ্য কাৰ্যালয়লৈ পঠিয়াইছিল। লণ্ডনত তেওঁ বাইচাইকেল থিভছ চলচ্চিত্ৰখন চাইছিল। ইয়াৰ পাছত তেওঁ ছবিখনৰ প্ৰতি ইমানেই প্ৰভাৱিত হৈছিল যে পৰিচালক হোৱাৰ আকাংক্ষা তেওঁৰ মনত উদ্ভৱ হৈছিল। 

লণ্ডনত থাকোঁতে তেওঁ প্ৰায় ১০০ খন চিনেমা চাইছিল। নিজ ইচ্ছা পূৰণ কৰি সত্যজিৎ ৰায়ে তেওঁৰ প্ৰথম ছবি 'পথেৰ পাঁচালী' নিৰ্মাণ কৰিছিল। তেওঁৰ চলচ্চিত্ৰখন কাঁ চলচ্চিত্ৰ মহোৎসৱতো যথেষ্ট প্ৰশংসিত হৈছিল। সত্যজিৎ ৰয়ে বেছিভাগ ছবি বাংলা ভাষাত নিৰ্মাণ কৰিছিল। তেওঁৰ প্ৰথম ছবি 'পথেৰ পাঁচালী'য়ে কেইবাটাও বঁটা লাভ কৰিছিল। ইয়াৰ পাছত তেওঁ হিন্দীত 'শতৰঞ্জ কে খিলাড়ী'ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰে। এই চিনেমা হিন্দী চিনেমাৰ অন্যতম স্মৰণীয় চলচ্চিত্ৰ। হলীউডৰ চলচ্চিত্ৰ 'দ্য গডফাদাৰ'ৰ পৰিচালক ফ্ৰান্সিছ ফৰ্ড কপোলাও সত্যজিৎ ৰায়ৰ অনুৰাগী আছিল। যদিও ৰায়ৰ প্ৰথমখন চলচ্চিত্ৰ সমগ্ৰ বিশ্বতে প্ৰশংসিত হৈছিল, ছবিখনে ভাৰতত সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। 

দৰাচলতে এই চলচ্চিত্ৰখনত ৰয়ে ভাৰতৰ প্ৰকৃত ছবি দেখুৱাইছিল, যিটো বিদেশত যথেষ্ট প্ৰশংসিত হৈছিল কিন্তু ভাৰতত নহয়। ছবিখনে ভাৰতৰ দৰিদ্ৰতাক প্ৰতিফলিত কৰিছিল। বিশেষকৈ ই পশ্চিমবংগৰ পৰিস্থিতি মুকলি কৰি দিছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ভাৰত চৰকাৰে ৩২ টা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। 

কেৱল সেয়াই নহয় 'পথেৰ পাঁচালী'ৰ বাবে সত্যজিৎ ৰায়ে লাভ কৰিছিল অস্কাৰৰ বিশেষ সন্মান(Honorary Award). পাছে স্বাস্থ্য ভালে নথকাৰ বাবে সেই সন্মান গ্ৰহণ কৰিবলৈ যাব পৰা নাছিল সত্যজিৎ ৰায়। ৰায়ক সন্মান প্ৰদান কৰিবলৈ অস্কাৰ কমিটি উঠি আহিছিল ভাৰতলৈ। অস্কাৰ সমিতিৰ অধ্যক্ষ নিজেই এই সন্মান ৰায়ক প্ৰদান কৰিবলৈ ভাৰতলৈ আহিছিল। এই কথাতেই বুজিব চলচ্চিত্ৰ উদ্যোগৰ বাবে সত্যজিৎ ৰায় মাইলষ্ট'ন আছিল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু