--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত দক্ষিণ কাশ্মীৰ হিমালয়ৰ অমৰনাথৰ পবিত্ৰ মন্দিৰৰ ওচৰত এটা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় য'ত ছয়গৰাকী মহিলা আৰু দহগৰাকী পুৰুষসহ কমেও ১৬ গৰাকী লোকৰ মৃত্যু হয়।

 

সংবাদ সংস্থা এএনআইৰ মতে, এতিয়ালৈকে ৪৮ গৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছে। উদ্ধাৰ অভিযানত  দুটা অতিৰিক্ত চিকিৎসা দলৰ সৈতে ছয়টা দল জড়িত হৈ আছে বুলি ভাৰতীয় সেনাই কয়।

 

"পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে যদিও বৰষুণ এতিয়াও দি আছে। সাম্ভাব্য বিপদৰ আশংকা লক্ষ্য কৰি লগতে অঞ্চলটো প্লাৱিত হোৱাৰ বাবে অমৰনাথ যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। যদি বতৰ স্বাভাৱিক হৈ তেন্তে কাইলৈ যাত্ৰা পুনৰ আৰম্ভ হব বুলি জানিব পৰা গৈছে।

 

অমৰনাথৰ পবিত্ৰ গুহা অঞ্চলৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত, যিয়ে এতিয়ালৈকে ১৩ গৰাকী লোকৰ প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পৰিস্থিতিটো লক্ষ্য কৰি কয় যে মানুহৰ জীৱন ৰক্ষা  কৰাটো আমাৰ প্ৰাথমিকতা।

 

গৃহমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ সৈতেও কথা পাতিছিল আৰু কৈছিল যে উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে।

 

ঘটনাটোৰ বিষয়ে অৱগত কৰি আইটিবিপিৰ পিআৰঅ' বিবেক কুমাৰ পাণ্ডেয়ে কয়, "পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে। কাইলৈৰ ভিতৰত পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।"

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ