--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত দক্ষিণ কাশ্মীৰ হিমালয়ৰ অমৰনাথৰ পবিত্ৰ মন্দিৰৰ ওচৰত এটা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় য'ত ছয়গৰাকী মহিলা আৰু দহগৰাকী পুৰুষসহ কমেও ১৬ গৰাকী লোকৰ মৃত্যু হয়।

 

সংবাদ সংস্থা এএনআইৰ মতে, এতিয়ালৈকে ৪৮ গৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছে। উদ্ধাৰ অভিযানত  দুটা অতিৰিক্ত চিকিৎসা দলৰ সৈতে ছয়টা দল জড়িত হৈ আছে বুলি ভাৰতীয় সেনাই কয়।

 

"পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে যদিও বৰষুণ এতিয়াও দি আছে। সাম্ভাব্য বিপদৰ আশংকা লক্ষ্য কৰি লগতে অঞ্চলটো প্লাৱিত হোৱাৰ বাবে অমৰনাথ যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। যদি বতৰ স্বাভাৱিক হৈ তেন্তে কাইলৈ যাত্ৰা পুনৰ আৰম্ভ হব বুলি জানিব পৰা গৈছে।

 

অমৰনাথৰ পবিত্ৰ গুহা অঞ্চলৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত, যিয়ে এতিয়ালৈকে ১৩ গৰাকী লোকৰ প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পৰিস্থিতিটো লক্ষ্য কৰি কয় যে মানুহৰ জীৱন ৰক্ষা  কৰাটো আমাৰ প্ৰাথমিকতা।

 

গৃহমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ সৈতেও কথা পাতিছিল আৰু কৈছিল যে উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে।

 

ঘটনাটোৰ বিষয়ে অৱগত কৰি আইটিবিপিৰ পিআৰঅ' বিবেক কুমাৰ পাণ্ডেয়ে কয়, "পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে। কাইলৈৰ ভিতৰত পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।"

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে