--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৃত্যু হোৱা তিনিজন ল’ৰাৰ বয়স ৮ৰ পৰা ১৩ বছৰৰ ভিতৰত। আনহাতে আন ১১ জনৰ  চিকিৎসা চলি আছে। একে সময়তে গুৰুতৰ অৱস্থাৰ বাবে তিনিজন ল’ৰাক আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

উক্ত ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ তিৰুপপুৰৰ এটা ব্যক্তিগত অনাথ আশ্ৰমত। খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ ৩ জন ল’ৰাৰ মৃত্যু হোৱাৰ বিপৰীতে চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১১জন ল’ৰাৰ। বিষয়াসকলৰ মতে, অনাথ আশ্ৰমত বাস কৰা ল’ৰাকেইটাই বুধবাৰে ৰসম আৰু লাড়ু খাইছিল। ৰাতিৰ আহাৰ খোৱাৰ পাছত কিছুমানৰ বমি আৰু ডায়েৰিয়া আৰম্ভ হৈছিল যদিও তেতিয়ালৈকে কোনো এজনৰ অৱস্থা বৰ গুৰুতৰ নাছিল।

বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত অনাথ আশ্ৰমত বাস কৰা ল’ৰাকেইটাৰ অৱস্থা বেয়া হোৱাৰ লগতে কিছুমান অচেতন হৈ পৰে। ইয়াৰ পাছত সকলোকে ওচৰৰে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু পাছত তেওঁলোকক তিৰুপপুৰ আৰু অবিনাশী চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। এই গোচৰত মৃত্যু হোৱা তিনিজন ল’ৰাৰ বয়স ৮ৰ পৰা ১৩ বছৰৰ ভিতৰত। একে সময়তে চৰকাৰী চিকিৎসালয়তো চলি আছে আন ১১জনৰ চিকিৎসা। গুৰুতৰ অৱস্থাৰ বাবে ৩ জন ল’ৰাক আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

তিৰুপুৰ জিলা দণ্ডাধীশ এছ বিনিথৰ মতে, তেওঁ চিকিৎসালয়খন পৰিদৰ্শন কৰিছে। ডি এম গৰাকীয়ে জনোৱা মতে, নমুনা সংগ্ৰহ কৰাৰ পাছত তেওঁলোকক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদনত খাদ্য বিষক্ৰিয়াৰ বিষয়টো চৰ্চালৈ আহিছে। তেওঁ কয়, "আমি এটা তদন্তৰ নিৰ্দেশ দিছো। যদিহে তদন্তত অনাথ আশ্ৰম ‘শ্ৰী বিবেকানন্দ হোম’ৰ গাফিলতি পোৱা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে অনাথ আশ্ৰমৰ লোকসকলক জেৰা চলাই আছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু