--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৃত্যু হোৱা তিনিজন ল’ৰাৰ বয়স ৮ৰ পৰা ১৩ বছৰৰ ভিতৰত। আনহাতে আন ১১ জনৰ  চিকিৎসা চলি আছে। একে সময়তে গুৰুতৰ অৱস্থাৰ বাবে তিনিজন ল’ৰাক আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

উক্ত ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ তিৰুপপুৰৰ এটা ব্যক্তিগত অনাথ আশ্ৰমত। খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ ৩ জন ল’ৰাৰ মৃত্যু হোৱাৰ বিপৰীতে চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১১জন ল’ৰাৰ। বিষয়াসকলৰ মতে, অনাথ আশ্ৰমত বাস কৰা ল’ৰাকেইটাই বুধবাৰে ৰসম আৰু লাড়ু খাইছিল। ৰাতিৰ আহাৰ খোৱাৰ পাছত কিছুমানৰ বমি আৰু ডায়েৰিয়া আৰম্ভ হৈছিল যদিও তেতিয়ালৈকে কোনো এজনৰ অৱস্থা বৰ গুৰুতৰ নাছিল।

বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত অনাথ আশ্ৰমত বাস কৰা ল’ৰাকেইটাৰ অৱস্থা বেয়া হোৱাৰ লগতে কিছুমান অচেতন হৈ পৰে। ইয়াৰ পাছত সকলোকে ওচৰৰে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু পাছত তেওঁলোকক তিৰুপপুৰ আৰু অবিনাশী চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। এই গোচৰত মৃত্যু হোৱা তিনিজন ল’ৰাৰ বয়স ৮ৰ পৰা ১৩ বছৰৰ ভিতৰত। একে সময়তে চৰকাৰী চিকিৎসালয়তো চলি আছে আন ১১জনৰ চিকিৎসা। গুৰুতৰ অৱস্থাৰ বাবে ৩ জন ল’ৰাক আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

তিৰুপুৰ জিলা দণ্ডাধীশ এছ বিনিথৰ মতে, তেওঁ চিকিৎসালয়খন পৰিদৰ্শন কৰিছে। ডি এম গৰাকীয়ে জনোৱা মতে, নমুনা সংগ্ৰহ কৰাৰ পাছত তেওঁলোকক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদনত খাদ্য বিষক্ৰিয়াৰ বিষয়টো চৰ্চালৈ আহিছে। তেওঁ কয়, "আমি এটা তদন্তৰ নিৰ্দেশ দিছো। যদিহে তদন্তত অনাথ আশ্ৰম ‘শ্ৰী বিবেকানন্দ হোম’ৰ গাফিলতি পোৱা যায়, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে অনাথ আশ্ৰমৰ লোকসকলক জেৰা চলাই আছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক