--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী বিমানবন্দৰত ৭টা বিলাসী হাতঘড়ী সৰবৰাহ কৰাৰ অভিযোগত শুল্ক বিভাগৰ বিষয়াই গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে, তেওঁৰ পৰা উদ্ধাৰ কৰা ঘড়ীসমূহৰ ভিতৰত এটা সোণেৰে তৈয়াৰী আৰু হীৰাৰ ষ্টাডযুক্ত যাৰ মূল্য ২৭.০৯ কোটি টকা।

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক আয়ুক্ত জুবাইৰ ৰিয়াজ কামিলিয়ে কয় যে মূল্যৰ ক্ষেত্ৰত এইটোৱেই হৈছে বাণিজ্যিক বা বিলাসী সামগ্ৰী জব্দ কৰা সৰ্বাধিক।এয়া সোণ জব্দ কৰাৰ সমতুল্য।" এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে মঙলবাৰে ডুবাইৰ পৰা অহা অভিযুক্ত যাত্ৰীজনক শুল্ক বিভাগৰ বিষয়াই ৰখাই দিয়ে। অভিযুক্ত এজন ভাৰতীয় নাগৰিক। বিবৃতিটোত কোৱা হৈছে যে তেওঁৰ সামগ্ৰীৰ বিশদ পৰীক্ষা আৰু ব্যক্তিগত অনুসন্ধানৰ সময়ত ৭টা হাতঘড়ী উদ্ধাৰ কৰা হৈছে।

দিল্লী কাষ্টমছে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে এই ঘড়ীসমূহৰ উপৰিও যাত্ৰীজনৰ পৰা মুঠ মূল্য ২৮.১৭ কোটি টকাৰ হীৰা ষ্টাডযুক্ত সোণৰ ব্ৰেচলেট আৰু এটা আইফোন ১৪ প্ৰ’ ২৫৬ ​​জিবিও উদ্ধাৰ কৰা হৈছে। ঘড়ীবোৰ জব্দ কৰাৰ পাছতে আটক কৰা হৈছে যাত্ৰীজনক। শুল্ক বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অভিযুক্ত ভ্ৰমণকাৰী আৰু তেওঁৰ আত্মীয়ৰ  ডুবাইত দামী ঘড়ীৰ শ্ব’ৰুম আছে, যাৰ শাখা সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউএই) অন্যান্য ঠাইত আছে।

নাম প্ৰকাশ নকৰাৰ ইচ্ছা প্ৰকাশ কৰি বিষয়াগৰাকীয়ে কয়, ‘এজন হাই প্ৰফাইল ক্লায়েণ্টৰ হাতত ডেলিভাৰী দিবলৈ তেওঁ দিল্লীলৈ লৈ গৈছিল। যাত্ৰীজনে দিল্লীৰ এখন পাঁচ তাৰকা হোটেলত এই গ্ৰাহকজনক লগ কৰাৰ কথা আছিল, যিজন গুজৰাটৰ বুলি কোৱা হৈছে। গ্ৰাহকজনে অৱশ্যে তেওঁক লগ কৰিবলৈ হাত আগবঢ়াই নিদিলে। এতিয়ালৈকে অভিযুক্তই গ্ৰাহকৰ নাম প্ৰকাশ কৰা নাই আৰু তেওঁ নিজৰ জীৱনৰ বাবে আশংকা কৰা বুলিও কয়।

দিল্লী শুল্ক মণ্ডলৰ মুখ্য আয়ুক্ত সুৰজিৎ ​​ভুজবালে কয় যে, “দিল্লী বিমানবন্দৰত সজাগ শুল্ক বিষয়াসকলে তীব্ৰ যান-জঁটৰ হেঁচা সত্ত্বেও এই জব্দ সম্ভৱ কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু