--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ মূল অভিযুক্ত আশিস মিশ্ৰ আজি কাৰাগাৰৰ পৰা মুকলি হ’ল। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিসে চাৰিগৰাকীকৈ প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। কৃষক আন্দোলনৰ সময়ত ৰাজপথতে প্ৰতিবাদী কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাই নিয়াৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত আশিস মিশ্ৰই অতি সোনকালে জামিন লাভ কৰাক লৈ বিভিন্ন বিৰোধী ৰাজনৈতিক দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মন্ত্ৰীপুত্ৰ হোৱাৰ সুবাদতে তেওঁ গুৰুতৰ অভিযোগত অভিযুক্ত হৈও সহজতে শাস্তিৰ পৰা ৰেহাই পোৱা বুলি অভিযোগ উঠিছে। আজি তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পিছফালৰ দুৱাৰেৰে তেওঁ এখন এছইউভি গাড়ীত উঠি কাৰাগাৰৰ পৰা ওলাই যায়। সাধাৰণ কয়েদীৰ দৰে কোনো নিয়ম তেওঁ পালন কৰিবলগীয়া হোৱা নাই। আশিস মিশ্ৰৰ অধিবক্তা অৱদেশ কুমাৰ সিঙে কয় যে, ন্যায়ালয়ে তিনি লাখ টকাৰ দুখন জামিন ব’ণ্ডৰ বিনিময়ত তেওঁক মুকলিৰ নিৰ্দেশ দিয়ে আৰু তেওঁক চহৰখন নেৰিবলৈ চৰ্ত বান্ধি দিয়া হৈছে। উল্লেখ্য যে, যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। এটা বিতৰ্কিত নিৰ্দেশত ন্যায়ালয়ে আৰক্ষীয়ে দাখিল কৰা তদন্তৰ ভালেমান দিশৰ ওপৰত প্ৰশ্ন উত্থপন কৰে। আশিস মিশ্ৰই কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাবলৈ চালকক প্ৰৰোচিত কৰা বুলি আৰক্ষীয়ে অনা অভিযোগক সন্দৰ্ভতো আৰক্ষীক প্ৰশ্ন কৰে। আশিস মিশ্ৰক ন্যায়ালয়ে তদন্তকাৰী বিষয়াই বিচাৰিলেই তদন্ত প্ৰক্ৰিয়াত চামিল হ’বলৈ চৰ্ত বান্ধি দিছে। ইফালে, আশিস মিশ্ৰই জামিন পোৱা তথা কাৰামুক্ত হোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে সংযুক্ত কৃষক মৰ্চা। এই কৃষক সংগঠনটোৰ নেতা ৰাজেশ টিকাইটে এই আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু