--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ মূল অভিযুক্ত আশিস মিশ্ৰ আজি কাৰাগাৰৰ পৰা মুকলি হ’ল। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিসে চাৰিগৰাকীকৈ প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। কৃষক আন্দোলনৰ সময়ত ৰাজপথতে প্ৰতিবাদী কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাই নিয়াৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত আশিস মিশ্ৰই অতি সোনকালে জামিন লাভ কৰাক লৈ বিভিন্ন বিৰোধী ৰাজনৈতিক দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মন্ত্ৰীপুত্ৰ হোৱাৰ সুবাদতে তেওঁ গুৰুতৰ অভিযোগত অভিযুক্ত হৈও সহজতে শাস্তিৰ পৰা ৰেহাই পোৱা বুলি অভিযোগ উঠিছে। আজি তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পিছফালৰ দুৱাৰেৰে তেওঁ এখন এছইউভি গাড়ীত উঠি কাৰাগাৰৰ পৰা ওলাই যায়। সাধাৰণ কয়েদীৰ দৰে কোনো নিয়ম তেওঁ পালন কৰিবলগীয়া হোৱা নাই। আশিস মিশ্ৰৰ অধিবক্তা অৱদেশ কুমাৰ সিঙে কয় যে, ন্যায়ালয়ে তিনি লাখ টকাৰ দুখন জামিন ব’ণ্ডৰ বিনিময়ত তেওঁক মুকলিৰ নিৰ্দেশ দিয়ে আৰু তেওঁক চহৰখন নেৰিবলৈ চৰ্ত বান্ধি দিয়া হৈছে। উল্লেখ্য যে, যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। এটা বিতৰ্কিত নিৰ্দেশত ন্যায়ালয়ে আৰক্ষীয়ে দাখিল কৰা তদন্তৰ ভালেমান দিশৰ ওপৰত প্ৰশ্ন উত্থপন কৰে। আশিস মিশ্ৰই কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলাবলৈ চালকক প্ৰৰোচিত কৰা বুলি আৰক্ষীয়ে অনা অভিযোগক সন্দৰ্ভতো আৰক্ষীক প্ৰশ্ন কৰে। আশিস মিশ্ৰক ন্যায়ালয়ে তদন্তকাৰী বিষয়াই বিচাৰিলেই তদন্ত প্ৰক্ৰিয়াত চামিল হ’বলৈ চৰ্ত বান্ধি দিছে। ইফালে, আশিস মিশ্ৰই জামিন পোৱা তথা কাৰামুক্ত হোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে সংযুক্ত কৃষক মৰ্চা। এই কৃষক সংগঠনটোৰ নেতা ৰাজেশ টিকাইটে এই আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ