--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ বিৰুদ্ধে যুঁযুধান ৰূপ লৈছে অসম বিজেপি যুৱ মৰ্চাই। এটা টুইটক কেন্দ্ৰ কৰি ৰাহুল গান্ধীক শলঠেকত পেলোৱাৰ চেষ্টা কৰিছে শাসকীয় দলৰ যুৱ গোটটোৱে। বিজেপি যুৱ মৰ্চাই দাবী কৰা অনুসৰি অসমৰ বিভিন্ন থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁলোকে ১০০০তকৈও অধিক অভিযোগ দাখিল কৰিছে। ৰাহুলে কৰা এটা টুইটৰ পাছতে বিজেপিৰ যুৱ গোটটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। অৱশ্যে তেওঁলোকৰ অভিযোগৰ আধাৰত কোনো থানাত গোচৰ ৰুজু হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই। ইফালে, সংবাদ মাধ্যমৰ আগত অসমৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানে প্ৰকাশ কৰা মতে অসমত ৩২৯খন আৰক্ষী থানা, ২৯৩টা আউটপোষ্ট আৰু ১৫১টা পেট্ৰ’ল পোষ্ট আছে। কোনো আউটপোষ্ট বা পেট্ৰ’ল পোষ্টতো অভিযোগ দাখিল কৰিব পাৰি যদিও থানাতহে গোচৰ ৰুজু কৰিব পাৰে। এনে পৰিসংখ্যৰ বিপৰীতে বিজেপি যুৱ মৰ্চাৰ সমন্বয়ক বিশ্বজিৎ খাউণ্ডে দাবী কৰিছে যে, তেওঁলোকৰ কৰ্মীসকলে ৰাহুলৰ বিৰুদ্ধে এহেজাৰৰ অধিক অভিযোগ দাখিল কৰিছে। অৱশ্যে কোন জিলাৰ কোন থানা অভিযোগ দাখিল কৰা হৈছে সেই সম্পৰ্কে তেওঁ বিতং তথ্য প্ৰকাশ কৰা নাই। খাউণ্ডে দাবী কৰাৰ দৰে এহেজাৰ অভিযোগ দাখিল কৰিবলগীয়া এনে কি অপৰাধ ৰাহুল গান্ধীয়ে কৰিছিল সেয়া স্বাভাৱিকতে উৎসুকতাৰ বিষয় হৈ পৰিছে। প্ৰকৃততে ৰাহুলে কৰা এটা টুইটক লৈয়ে জগৰ লাগে। ৰাহুল গান্ধীয়ে, ভাৰতৰ বৈচিত্ৰ্য আৰু বিশালত্বক প্ৰকাশ কৰিবলৈ কৰা এটা টুইটত তেওঁ উত্তৰ পূবক বাদ দিয়া বুলি অভিযোগ আনিছে। খাউণ্ডে অভিযোগ কৰে যে, ৰাহুল গান্ধীয়ে ভাৰতৰ কথা প্ৰকাশ কৰিবলৈ যাওতে কাশ্মীৰৰ পৰা কেৰালা আৰু গুজৰাটৰ পৰা পশ্চিমবংগলৈকে ভৌগলিক পৰিসৰৰ কথা প্ৰকাশ কৰিছে যদিও উত্তৰ পূবক বাদ দি চলিছে। এই কাৰ্যই ভাৰতৰ ভৌগলিক অখণ্ডতা আৰু নিৰাপত্তালৈ ভাবুকি কঢ়িয়াইছে। যুৱ মৰ্চাৰ এখন অভিযোগৰ প্ৰতিলিপি সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে প্ৰকাশ কৰিছে। য’ত সংগঠনটোৱে অভিযোগ কৰিছে যে, ৰাহুল গান্ধীয়ে উত্তৰ পূবক ভাৰতৰ পৰিসীমাৰ পৰা বাদ দি পৰোক্ষভাৱে উত্তৰ পূব বিশেষকৈ অৰুণাচল প্ৰদেশ চীনৰ অংশ বুলি চুবুৰীয়া দেশখনে কৰি অহা দাবীকে সমৰ্থন কৰিছে। খাউণ্ডে অভিযোগ কৰে যে ৰহুলৰ টুইটটোত বিচ্ছিন্নতাবাদী মানসিকতা প্ৰকট হৈছে আৰু এয়াই কংগ্ৰেছৰ আদৰ্শ। বিজেপিৰ মহিলা মৰ্চায়ো ৰাহুলৰ বিৰু্দ্ধে ভালেমান অভিযোগ দাখিল কৰা বুলি সদৰি কৰা হৈছে। উল্লেখ্য যে, ৰাহুল গান্ধীয়ে যোৱা ১০ ফেব্ৰুৱাৰীত কৰা এটা টুইটত লিখিছিল, ‘আমাৰ একতাই আমাৰ শক্তি। আমাৰ সাংস্কৃতিক ঐক্য। আমাৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্য। আমাৰ ভাষিক ঐক্য। আমাৰ মানুহৰ মাজৰ ঐক্য। আমাৰ ৰাজ্যবোৰৰ মাজৰ ঐক্যতে আমাৰ শক্তি নিহিত হৈ আছে। কাশ্মীৰৰ পৰা কেৰালালৈ, গুজৰাটৰ পৰা পশ্চিমবংগলৈ নিজৰ বৰ্ণময়তাৰে ভাৰত সুন্দৰ। ভাৰতৰ উদ্যমক অপমান নকৰিব।’ এই টুইটটোত উত্তৰ পূবৰ প্ৰসংগ উল্লেখ নথকাৰ অভিযোগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শাসকীয় দলৰ যুৱ গোটটোৱে আৰু ৰাহুলৰ বিৰুদ্ধে সহস্ৰাধিক অভিযোগ দাখিল কৰা বুলি প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ