--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বি-টাউনৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খানৰ ফ্লাৰ্টী ষ্টাইলৰ বাবে পৰিচিত। ইফালে সিফালে ঘূৰি ফুৰাৰ উপৰিও তেওঁৰ ফূৰ্তিৰ মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। সকলোৱে ছাৰাৰ দুষ্টামিৰ কথা কয়। অৱশ্যে এই সকলোবোৰৰ বাহিৰেও ২৭ বছৰীয়া ছাৰাই কেতিয়া বিবাহপাশত আবদ্ধ হ’ব, তেওঁৰ অনুৰাগীসকলে এই প্ৰশ্নসমূহ জানিবলৈ আগ্ৰহী। বাৰু, এতিয়া অপেক্ষা শেষ কাৰণ ছাৰাই নিজৰ বিয়াৰ পৰিকল্পনাৰ বিষয়ে নিজৰ মৌনতা ভাঙি নিজৰ জীৱন সংগীৰ বিষয়েও মুকলিকৈ কৈছে।

শেহতীয়াকৈ ছাৰা আলী খানে তেওঁৰ আগন্তুক ছবি 'গেছলাইট'ৰ প্ৰচাৰৰ বাবে 'বিগ বছ' খ্যাতি শ্বেহনাজ গিলৰ 'দেশী ভাইবছ উইথ শ্বেহনাজ গিল'ত অংশগ্ৰহণ কৰিছিল। এই সময়ত শ্বাহনাজে ছাৰা আলী খানৰ বিয়াৰ পৰিকল্পনাৰ বিষয়ে সুধিছিল। এই কথাত অভিনেত্ৰীগৰাকীয়ে এটা ধেমেলীয়া উত্তৰ দিলে।

শ্বাহনাজ গিলে ছাৰা আলী খানক সুধিলে যে,তেওঁৰ বিয়াৰ পৰিকল্পনা কি? এই কথাত অভিনেত্ৰীগৰাকীয়ে ক’লে, “এতিয়াই নহয়।” কোনোবা অন্ধ পাগল বিচাৰিব লাগিব, যিয়ে মোক বিয়া কৰাব পাৰে। বৰ্তমান মই এইখিনিৰহে সন্ধানত।"

শ্বাহনাজে ছাৰাক সুধিলে অন্ধ পাগল কিয়? এই কথাত ছাৰাই ক’লে, “মই ভাবো যে এজন অন্ধ পাগলৰ প্ৰয়োজন হ’ব, কাৰণ যদি তেওঁৰ মগজু আছে আৰু জানে, মোক চিনি পাব, তেন্তে তেওঁ পলাই নাযায়। মোক সহ্য কৰিব পৰা কোনোবা লাগে।"

শ্বাহনাজে লগতে কয় যে ছাৰাও ঠিক তাইৰ দৰেই।২০২৩ চনৰ ৩১ মাৰ্চত হটষ্টাৰত মুক্তি লাভ কৰিছে ছাৰা আলী খানৰ ‘গেছলাইট’। ছাৰাৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে চিত্ৰংগদা সিং আৰু বিক্ৰান্ত মেছীয়ে। ‘গেছলাইট’ৰ উপৰিও ছাৰাক ‘জাৰা হাটকে জাৰা বাচকে’, ‘এ ৱাটান মেৰে ৱাটান’ আৰু ‘মেট্ৰ’ ইন ডিনন’ৰ দৰে ছবিত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ