--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োজনেই বলীউডৰ বিখ্যাত তাৰকা। কিন্তু দুয়োৰে মাজত সম্পৰ্কক লৈ সৃষ্টি হোৱা অস্থিৰতাৰ বাবে দুয়ো মুখামুখি হোৱা নাছিল। তাৰ পিছত তেনেকৈয়ে ১২ বছৰ পাৰ হৈ গ’ল। অৱশেষত পুনৰ একলগ হ’বলৈ উলাইছে শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰা।

বাতৰি অনুসৰি, বহুদিনৰ মূৰত পুনৰ একেলগে অভিনয় কৰিবলৈ ওলাইছে দুয়ো। ফাৰহান আখতাৰৰ পৰৱৰ্তী ছবি ‘জী লে জাৰা’ত দুয়োকে দেখা যাব।

২০০৪ চনত শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰাই প্ৰথমবাৰৰ বাবে ‘ডন’ ছবিত একেলগে কাম কৰিছিল। ফাৰহান আখতাৰৰ পৰিচালনাত দুয়োগৰাকী তাৰকাৰ মাজৰ কেমিষ্ট্ৰিয়ে দৰ্শক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পিছত ২০১১ চনত শ্বাহৰুখ আৰু প্ৰিয়ংকাই ‘ডন ২’ ছবিত পুনৰ নিজৰ চৰিত্ৰত অভিনয় কৰে। তেতিয়াই দুয়োগৰাকী তাৰকাৰ অফ-স্ক্ৰীণ সম্পৰ্কৰ সমীকৰণৰ বিষয়ে গুজৱ শুনা গ’ল। কোৱা হৈছিল যে ছবিখনৰ চেটত ইজনে সিজনৰ প্ৰেমত পৰিছিল। তেতিয়াই শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে বিবাহ বিচ্ছেদৰ কঠিন সিদ্ধান্ত ল’লে। তাৰপাছতে পত্নীক শান্ত কৰিবলৈ শ্বাহৰুখে প্ৰিয়ংকাৰ সৈতে আন কোনো ছবিত কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। শ্বাহৰুখে নিজৰ কথা এতিয়াও পালন কৰি আছে। যোৱা ১২ বছৰত বলীউডৰ বাদশ্বাহে প্ৰিয়ংকাক লগ দিয়া নাই।

আনহাতে, প্ৰিয়ংকাইও বলীউড এৰি হলিউডলৈ গৈছে। প্ৰিয়ংকাই পপ তাৰকা নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আমেৰিকাত এটা পৰিয়াল গঢ়ি তুলিছে। এতিয়া ফাৰহান আখতাৰৰ পৰৱৰ্তী ছবি ‘জী লে জাৰা’ত আলিয়া ভাট আৰু কেটৰিনা কাইফৰ সৈতে অভিনয় কৰিবলৈ ওলাইছে প্ৰিয়ংকাই।

'জী লে জাৰা' এখন ৰাষ্ট্ৰীয় ছবি হ'বলৈ গৈ আছে। বহুদিনৰ মূৰত পুনৰ পৰিচালনাৰ ক্ষেত্ৰলৈ ঘূৰি আহিছে ফাৰহান আখতাৰ। শুনা যায় যে ফাৰহানে এই ছবিখনত বিশেষ চৰিত্ৰৰ বাবে শ্বাহৰুখৰ কথা চিন্তা কৰিছে। ‘জী লে জাৰা’ ছবিখনত  ঈশান খট্টৰ আৰু ৰাহুল বসুকো দেখা যাব। অৱশ্যে এই সন্দৰ্ভত ফাৰহানে এতিয়াও মুখ মেলা নাই।

বৰ্তমান ফাৰহানে ‘জী লে জাৰা’ ছবিখনৰ স্থান নিৰ্বাচনত ব্যস্ত। ছ’চিয়েল মিডিয়াত ছবি পোষ্ট কৰি তেওঁ এই কথা কয়। পৰিচালকগৰাকীৰ লগত চিনেমাট’গ্ৰাফাৰ আৰু প্ৰডাকচন ডিজাইনাৰ আছে। ৰাজস্থানৰ একাধিক স্থানত শ্বুটিং হ’ব ‘জী লে জাৰা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু