--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োজনেই বলীউডৰ বিখ্যাত তাৰকা। কিন্তু দুয়োৰে মাজত সম্পৰ্কক লৈ সৃষ্টি হোৱা অস্থিৰতাৰ বাবে দুয়ো মুখামুখি হোৱা নাছিল। তাৰ পিছত তেনেকৈয়ে ১২ বছৰ পাৰ হৈ গ’ল। অৱশেষত পুনৰ একলগ হ’বলৈ উলাইছে শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰা।

বাতৰি অনুসৰি, বহুদিনৰ মূৰত পুনৰ একেলগে অভিনয় কৰিবলৈ ওলাইছে দুয়ো। ফাৰহান আখতাৰৰ পৰৱৰ্তী ছবি ‘জী লে জাৰা’ত দুয়োকে দেখা যাব।

২০০৪ চনত শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰাই প্ৰথমবাৰৰ বাবে ‘ডন’ ছবিত একেলগে কাম কৰিছিল। ফাৰহান আখতাৰৰ পৰিচালনাত দুয়োগৰাকী তাৰকাৰ মাজৰ কেমিষ্ট্ৰিয়ে দৰ্শক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পিছত ২০১১ চনত শ্বাহৰুখ আৰু প্ৰিয়ংকাই ‘ডন ২’ ছবিত পুনৰ নিজৰ চৰিত্ৰত অভিনয় কৰে। তেতিয়াই দুয়োগৰাকী তাৰকাৰ অফ-স্ক্ৰীণ সম্পৰ্কৰ সমীকৰণৰ বিষয়ে গুজৱ শুনা গ’ল। কোৱা হৈছিল যে ছবিখনৰ চেটত ইজনে সিজনৰ প্ৰেমত পৰিছিল। তেতিয়াই শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে বিবাহ বিচ্ছেদৰ কঠিন সিদ্ধান্ত ল’লে। তাৰপাছতে পত্নীক শান্ত কৰিবলৈ শ্বাহৰুখে প্ৰিয়ংকাৰ সৈতে আন কোনো ছবিত কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছিল। শ্বাহৰুখে নিজৰ কথা এতিয়াও পালন কৰি আছে। যোৱা ১২ বছৰত বলীউডৰ বাদশ্বাহে প্ৰিয়ংকাক লগ দিয়া নাই।

আনহাতে, প্ৰিয়ংকাইও বলীউড এৰি হলিউডলৈ গৈছে। প্ৰিয়ংকাই পপ তাৰকা নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আমেৰিকাত এটা পৰিয়াল গঢ়ি তুলিছে। এতিয়া ফাৰহান আখতাৰৰ পৰৱৰ্তী ছবি ‘জী লে জাৰা’ত আলিয়া ভাট আৰু কেটৰিনা কাইফৰ সৈতে অভিনয় কৰিবলৈ ওলাইছে প্ৰিয়ংকাই।

'জী লে জাৰা' এখন ৰাষ্ট্ৰীয় ছবি হ'বলৈ গৈ আছে। বহুদিনৰ মূৰত পুনৰ পৰিচালনাৰ ক্ষেত্ৰলৈ ঘূৰি আহিছে ফাৰহান আখতাৰ। শুনা যায় যে ফাৰহানে এই ছবিখনত বিশেষ চৰিত্ৰৰ বাবে শ্বাহৰুখৰ কথা চিন্তা কৰিছে। ‘জী লে জাৰা’ ছবিখনত  ঈশান খট্টৰ আৰু ৰাহুল বসুকো দেখা যাব। অৱশ্যে এই সন্দৰ্ভত ফাৰহানে এতিয়াও মুখ মেলা নাই।

বৰ্তমান ফাৰহানে ‘জী লে জাৰা’ ছবিখনৰ স্থান নিৰ্বাচনত ব্যস্ত। ছ’চিয়েল মিডিয়াত ছবি পোষ্ট কৰি তেওঁ এই কথা কয়। পৰিচালকগৰাকীৰ লগত চিনেমাট’গ্ৰাফাৰ আৰু প্ৰডাকচন ডিজাইনাৰ আছে। ৰাজস্থানৰ একাধিক স্থানত শ্বুটিং হ’ব ‘জী লে জাৰা’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ