--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পৰা উভতি অহাৰ সময়তে এখন বাছ দ’ খাৱৈত  পৰি যোৱাৰ ফলত এটি শিশুসহ সাতজন লোক নিহত হৈছে। ঘটনাটোত কমেও ২৯ জন লোক আহত হৈছে। ঘটনাটো সোমবাৰে মাজনিশা অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ দৰ্চীত সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে পুৱা প্ৰায় ১২.৩০ বজাত  বিবাহ যাত্ৰীক কঢ়িয়াই নিয়া বাছখনে  পোডিলিৰ পৰা কাকিনাদালৈ উভতি আহি আছিল। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে বাছখনে দৰ্চীৰ ওচৰৰ বিপৰীত দিশৰ পৰা অহা এখন গাড়ীক বাট এৰি দিবলৈ  যোৱাৰ সময়তে ৰাস্তাৰ কাষৰ গাৰ্ডৱালত খুন্দা মাৰে। গতি বেছি হোৱাৰ বাবে চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাছখনে পথৰ  কাষৰ  নাগাৰ্জুন সাগৰ খালত পৰি যায়। ।

বাছখনত মুঠ ৪৭ গৰাকী  যাত্ৰী আছিল। তেওঁলোকৰ সাতজনৰ মৃত্যু হৈছে।  যাৰ ভিতৰত এটা শিশুও আছে। উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দৰ্চীৰ উপ-পৰিদৰ্শক ৰামকৃষ্ণই কয়, "দুৰ্ঘটনাটোত সাতজন লোকৰ মৃত্যু হৈছে। কেইবাজনো লোক আহত হৈছে। তেওঁলোকৰ ১৫ জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক দৰ্চি আৰু অংগোলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।’’ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস