--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পৰা উভতি অহাৰ সময়তে এখন বাছ দ’ খাৱৈত  পৰি যোৱাৰ ফলত এটি শিশুসহ সাতজন লোক নিহত হৈছে। ঘটনাটোত কমেও ২৯ জন লোক আহত হৈছে। ঘটনাটো সোমবাৰে মাজনিশা অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ দৰ্চীত সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে পুৱা প্ৰায় ১২.৩০ বজাত  বিবাহ যাত্ৰীক কঢ়িয়াই নিয়া বাছখনে  পোডিলিৰ পৰা কাকিনাদালৈ উভতি আহি আছিল। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে বাছখনে দৰ্চীৰ ওচৰৰ বিপৰীত দিশৰ পৰা অহা এখন গাড়ীক বাট এৰি দিবলৈ  যোৱাৰ সময়তে ৰাস্তাৰ কাষৰ গাৰ্ডৱালত খুন্দা মাৰে। গতি বেছি হোৱাৰ বাবে চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাছখনে পথৰ  কাষৰ  নাগাৰ্জুন সাগৰ খালত পৰি যায়। ।

বাছখনত মুঠ ৪৭ গৰাকী  যাত্ৰী আছিল। তেওঁলোকৰ সাতজনৰ মৃত্যু হৈছে।  যাৰ ভিতৰত এটা শিশুও আছে। উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দৰ্চীৰ উপ-পৰিদৰ্শক ৰামকৃষ্ণই কয়, "দুৰ্ঘটনাটোত সাতজন লোকৰ মৃত্যু হৈছে। কেইবাজনো লোক আহত হৈছে। তেওঁলোকৰ ১৫ জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক দৰ্চি আৰু অংগোলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।’’ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ