--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ ওচৰত ডাঙৰ মানুহ বোলাই থকা এজন প্ৰেমিকে প্ৰেমিকাৰ বাবে বজাৰৰ খৰচ উলিয়াবলৈ আনৰ গাড়ীৰ পাৰ্টছ চুৰি কৰি বিক্ৰী কৰাৰ ঘটনা এটা পোহৰলৈ আহিছে।  যোৱা এবছৰ ধৰি মুম্বাইৰ  উত্তৰ উপনগৰৰ পাৰ্কিং লটত শ শ গাড়ীৰ পৰা ইলেক্ট্ৰনিক কণ্ট্ৰোল মডিউল (ইচিএম) আৰু ইনজেক্টৰ চুৰি হোৱাৰ অভিযোগ উঠি আহিছে।  আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিষয়টোৰ তদন্ত চলাই আহিছিল যদিও কাকো ধৰিবলৈ সক্ষম হোৱা নাছিল। 

শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে   এজন ২৮ বছৰীয়া যুৱকক এই সন্দৰ্ভত  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি  অভিযুক্ত যুৱকজনে তেওঁৰ প্ৰেমিকাক  বজাৰ কৰি দিলৈ প্ৰয়োজন হোৱা ধন গাড়ীৰ পাৰ্টছ  চুৰি কৰি উলিয়াইছিল। আৰক্ষীয়ে জনোৱা অনুসৰি মালাড ইষ্টৰ কুৰাৰ গাঁৱৰ বাসিন্দা মহছিন মেহবুব শ্বেখ নামৰ যুৱকজনক  কেইবা মাহ ধৰি ট্ৰেকিং কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়।আৰক্ষী বিষয়াসকলে কৈছে  যে আন্ধেৰী পূবৰ জিজামাতা ৰোডৰ নাৰায়ণ নগৰ চাওলৰ বাসিন্দা ৪০ বছৰীয়া গোৰখনাথ যাদৱে  দাবী কৰিছিল যে অঞ্চলটোত ৰখাই থোৱা কেইবাখনো গাড়ীৰ পৰা  ইচিএম, ইনজেক্টৰ চুৰি হৈছে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰিবলৈ  চাৰিজন বিষয়াৰ এটা দল গঠন  কৰিছিল। দলটোৱে সেই নিৰ্দিষ্ট অঞ্চল আৰু অন্যান্য অঞ্চলত ৫০  টাতকৈও অধিক চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা আৰম্ভ কৰিছিল।কিন্তু তেওঁলোকে চোৰক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল। বিষয়াসকলে তেতিয়া তেওঁলোকৰ ইনফৰ্মাৰৰ নেটৱৰ্ক সক্ৰিয় কৰিছিল। আৰক্ষীয়ে  মালাড ইষ্টৰ কেইটাও গেৰেজত   বৃহৎ সংখ্যক ইচিএম আৰু ইনজেক্টৰ বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল।

গেৰেজৰ মালিকসকলক সোধা-পোছা কৰাৰ পিছত বিষয়াসকলে জানিব পাৰিছিল  যে শ্বেইখ নামৰ এজন ব্যক্তিয়ে যোৱা বছৰত ২.৮০  লাখ টকা  মূল্যৰ পেট্ৰ'ল, ডিজেল আৰু চিএনজি গাড়ীৰ পৰা  ৩৬ টা ইচিএম বিক্ৰী কৰিছে।

 আৰক্ষীয়ে শ্বেখৰ প্ৰেমিকাৰ ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত কুৰাৰ গাঁৱত  অভিযুক্তজনক ধৰিবলৈ জাল পেলাইছিল। যুৱকজনে  দুচকীয়া বাহনত এগৰাকী মহিলাৰ সৈতে গৈ থকা আৰক্ষীয়ে দেখিছিল ।  শ্বেইখে পলাই যাবলৈ চেষ্টা কৰিছিল  কিন্তু আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।  আৰক্ষীয়ে যুৱকজনৰ  ঘৰত তালাচী চলাই ৯৮ টা ইচিএম আৰু ইনজেক্টৰ উদ্ধাৰ কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা