--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ ওচৰত ডাঙৰ মানুহ বোলাই থকা এজন প্ৰেমিকে প্ৰেমিকাৰ বাবে বজাৰৰ খৰচ উলিয়াবলৈ আনৰ গাড়ীৰ পাৰ্টছ চুৰি কৰি বিক্ৰী কৰাৰ ঘটনা এটা পোহৰলৈ আহিছে।  যোৱা এবছৰ ধৰি মুম্বাইৰ  উত্তৰ উপনগৰৰ পাৰ্কিং লটত শ শ গাড়ীৰ পৰা ইলেক্ট্ৰনিক কণ্ট্ৰোল মডিউল (ইচিএম) আৰু ইনজেক্টৰ চুৰি হোৱাৰ অভিযোগ উঠি আহিছে।  আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিষয়টোৰ তদন্ত চলাই আহিছিল যদিও কাকো ধৰিবলৈ সক্ষম হোৱা নাছিল। 

শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে   এজন ২৮ বছৰীয়া যুৱকক এই সন্দৰ্ভত  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি  অভিযুক্ত যুৱকজনে তেওঁৰ প্ৰেমিকাক  বজাৰ কৰি দিলৈ প্ৰয়োজন হোৱা ধন গাড়ীৰ পাৰ্টছ  চুৰি কৰি উলিয়াইছিল। আৰক্ষীয়ে জনোৱা অনুসৰি মালাড ইষ্টৰ কুৰাৰ গাঁৱৰ বাসিন্দা মহছিন মেহবুব শ্বেখ নামৰ যুৱকজনক  কেইবা মাহ ধৰি ট্ৰেকিং কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়।আৰক্ষী বিষয়াসকলে কৈছে  যে আন্ধেৰী পূবৰ জিজামাতা ৰোডৰ নাৰায়ণ নগৰ চাওলৰ বাসিন্দা ৪০ বছৰীয়া গোৰখনাথ যাদৱে  দাবী কৰিছিল যে অঞ্চলটোত ৰখাই থোৱা কেইবাখনো গাড়ীৰ পৰা  ইচিএম, ইনজেক্টৰ চুৰি হৈছে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰিবলৈ  চাৰিজন বিষয়াৰ এটা দল গঠন  কৰিছিল। দলটোৱে সেই নিৰ্দিষ্ট অঞ্চল আৰু অন্যান্য অঞ্চলত ৫০  টাতকৈও অধিক চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা আৰম্ভ কৰিছিল।কিন্তু তেওঁলোকে চোৰক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল। বিষয়াসকলে তেতিয়া তেওঁলোকৰ ইনফৰ্মাৰৰ নেটৱৰ্ক সক্ৰিয় কৰিছিল। আৰক্ষীয়ে  মালাড ইষ্টৰ কেইটাও গেৰেজত   বৃহৎ সংখ্যক ইচিএম আৰু ইনজেক্টৰ বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল।

গেৰেজৰ মালিকসকলক সোধা-পোছা কৰাৰ পিছত বিষয়াসকলে জানিব পাৰিছিল  যে শ্বেইখ নামৰ এজন ব্যক্তিয়ে যোৱা বছৰত ২.৮০  লাখ টকা  মূল্যৰ পেট্ৰ'ল, ডিজেল আৰু চিএনজি গাড়ীৰ পৰা  ৩৬ টা ইচিএম বিক্ৰী কৰিছে।

 আৰক্ষীয়ে শ্বেখৰ প্ৰেমিকাৰ ঠিকনা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত কুৰাৰ গাঁৱত  অভিযুক্তজনক ধৰিবলৈ জাল পেলাইছিল। যুৱকজনে  দুচকীয়া বাহনত এগৰাকী মহিলাৰ সৈতে গৈ থকা আৰক্ষীয়ে দেখিছিল ।  শ্বেইখে পলাই যাবলৈ চেষ্টা কৰিছিল  কিন্তু আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।  আৰক্ষীয়ে যুৱকজনৰ  ঘৰত তালাচী চলাই ৯৮ টা ইচিএম আৰু ইনজেক্টৰ উদ্ধাৰ কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ