--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী অৱনীত কৌৰে ‘মিছন: ইম্পচিবল-দ্য ফাইনেল ৰেকনিং’ৰ চেটত হলীউডৰ তাৰকা টম ক্ৰুজক লগ পায়। ২৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে টমৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰি একচন হিৰোজনে লাইভ ষ্টাণ্ট কৰা অভিজ্ঞতাৰ বিষয়ে কয়। অৱশ্যে অৱনীতে হলীউডৰ এই বৃহৎ ফ্ৰেঞ্চাইজি মিছন: ইম্প’চিবলৰ সৈতে জড়িততাক গোপনে ৰাখিছে।

Avneet Kaur met Tom Cruise
সোমবাৰে (১১ নৱেম্বৰ) অৱনীত কৌৰে তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টেৰে সকলোকে আচৰিত কৰি তুলে। এই পোষ্টটোৰ জৰিয়তে তেওঁ তাৰকাগৰাকীৰ সৈতে কটোৱা সুন্দৰ মুহূৰ্ত আৰু তেওঁ দেখা লাইভ ষ্টাণ্টৰ বিষয়ে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে।

অৱনীতে কেপচনত লিখিছে,“মই এতিয়াও নিজকে চিকুটি আছো ! মই একমাত্ৰ টম ক্ৰুজ অভিনীত মিছন ইম্পচিবল চলচ্চিত্ৰখনৰ ছেটটো দৰ্শন কৰাৰ অবিশ্বাস্য সুযোগ পাইছিলো ৷ চলচ্চিত্ৰ নিৰ্মাণৰ যাদু প্ৰত্যক্ষ কৰাটো আচৰিত আছিল । প্ৰকৃত, ব্যৱহাৰিক ষ্টাণ্ট প্ৰদৰ্শনৰ প্ৰতি টমৰ সমৰ্পণে কামৰ মানদণ্ড বৃদ্ধি কৰি আহিছে ।” 
'I'm Still Pinching Myself': Avneet Kaur In Awe After Meeting Tom Cruise On Mission: Impossible Set


মিছন: ইম্পছিবল - দ্য ফাইনেল ৰেকনিঙৰ কথা ক’বলৈ গ’লে, চলচ্চিত্ৰখন ২৩ মে’, ২০২৫ তাৰিখে মুক্তিৰ বাবে নিৰ্ধাৰিত কৰা হৈছে । চলচ্চিত্ৰখনে টম ক্ৰুজৰ চৰিত্ৰ ইথান হান্টক অনুসৰণ কৰিব, যিয়ে ৰাছিয়ান ছাবমেৰিনৰ ভিতৰত লুকাই থকা মায়াবী সত্তাটো উন্মোচন কৰিব ।

চলচ্চিত্ৰখনে একশ্যন-পেকেজৰ প্ৰতিশ্ৰুতি দিয়ে, যাৰ ভিতৰত আছে উভতি অহা বিৰোধী গেব্ৰিয়েল (এছাই মোৰালেছ)ৰ সৈতে মুখামুখি হোৱা । ক্ৰিষ্টোফাৰ মেককুৱেৰীৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত নৱাগত হান্না ৱেডিংহাম, জেনেট মেকটিৰ, নিক অফাৰমেন আৰু ট্ৰেমেল টিলমেনৰ সৈতে ছাইমন পেগ, ভিং ৰামেছ, হেইলি এটৱেল, ভেনেছা কিৰ্বাই আৰু পম ক্লেমেণ্টিয়েফকে ধৰি আকৰ্ষণীয় কলা-কুশলীয়ে অভিনয় কৰিছে ।


মিছন: ইম্পছিবল্ দলটোৱেও অৱনীতে কৰা পোষ্টটোৰ প্ৰতি সঁহাৰি জনাই,  মন্তব্য কৰে যে মিছনৰ জটিল গোপনীয়তা অতি সোনকালে মুক্ত কৰা হ’ব । বলীউডৰ অভিনেতা বৰুণ ধৱনে অৱনীতৰ পোষ্টত মন্তব্য কৰে, “বাও” । তেওঁৰ অনুৰাগীয়ে  পোষ্টটো দেখি উৎকণ্ঠিত হৈ পৰে, এজনে ইয়াক “১১:১১ উপহাৰ” বুলি অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে তেওঁক ভাৰতীয়ৰ বাবে গৌৰৱৰ উৎস বুলি প্ৰশংসা কৰে ৷

'I'm Still Pinching Myself': Avneet Kaur In Awe After Meeting Tom Cruise On Mission: Impossible Set

অৱনীতে ক্ৰুজৰ প্ৰতি তেওঁৰ প্ৰশংসা অব্যাহত ৰাখি ইনষ্টাগ্ৰাম ষ্ট'ৰীও দিয়ে ৷ ক্ৰুজক এগৰাকী প্ৰেৰণাদায়ক গুৰু হিচাপে প্ৰশংসা কৰি লগতে কয়, “আপুনি আপুনি হোৱাৰ বাবে ধন্যবাদ আৰু মোক ইমান আদৰণি জনোৱাৰ বাবে আৰু মোক সদায় নতুন নতুন কথা শিকিবলৈ আৰু বিকাশ কৰিবলৈ সোঁৱৰাই দিয়াৰ বাবে ! আপুনি সেই সকলোবোৰ বিপজ্জনকভাৱে কঠিন ষ্টাণ্ট নিজেই কৰা দেখি মই আচৰিত হৈ গ’লোঁ ! আপুনি চিনেমাত আৰু বাস্তৱ জীৱনতো যাদুগৰ!”

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement