--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী অৱনীত কৌৰে ‘মিছন: ইম্পচিবল-দ্য ফাইনেল ৰেকনিং’ৰ চেটত হলীউডৰ তাৰকা টম ক্ৰুজক লগ পায়। ২৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে টমৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰি একচন হিৰোজনে লাইভ ষ্টাণ্ট কৰা অভিজ্ঞতাৰ বিষয়ে কয়। অৱশ্যে অৱনীতে হলীউডৰ এই বৃহৎ ফ্ৰেঞ্চাইজি মিছন: ইম্প’চিবলৰ সৈতে জড়িততাক গোপনে ৰাখিছে।

Avneet Kaur met Tom Cruise
সোমবাৰে (১১ নৱেম্বৰ) অৱনীত কৌৰে তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টেৰে সকলোকে আচৰিত কৰি তুলে। এই পোষ্টটোৰ জৰিয়তে তেওঁ তাৰকাগৰাকীৰ সৈতে কটোৱা সুন্দৰ মুহূৰ্ত আৰু তেওঁ দেখা লাইভ ষ্টাণ্টৰ বিষয়ে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে।

অৱনীতে কেপচনত লিখিছে,“মই এতিয়াও নিজকে চিকুটি আছো ! মই একমাত্ৰ টম ক্ৰুজ অভিনীত মিছন ইম্পচিবল চলচ্চিত্ৰখনৰ ছেটটো দৰ্শন কৰাৰ অবিশ্বাস্য সুযোগ পাইছিলো ৷ চলচ্চিত্ৰ নিৰ্মাণৰ যাদু প্ৰত্যক্ষ কৰাটো আচৰিত আছিল । প্ৰকৃত, ব্যৱহাৰিক ষ্টাণ্ট প্ৰদৰ্শনৰ প্ৰতি টমৰ সমৰ্পণে কামৰ মানদণ্ড বৃদ্ধি কৰি আহিছে ।” 
'I'm Still Pinching Myself': Avneet Kaur In Awe After Meeting Tom Cruise On Mission: Impossible Set


মিছন: ইম্পছিবল - দ্য ফাইনেল ৰেকনিঙৰ কথা ক’বলৈ গ’লে, চলচ্চিত্ৰখন ২৩ মে’, ২০২৫ তাৰিখে মুক্তিৰ বাবে নিৰ্ধাৰিত কৰা হৈছে । চলচ্চিত্ৰখনে টম ক্ৰুজৰ চৰিত্ৰ ইথান হান্টক অনুসৰণ কৰিব, যিয়ে ৰাছিয়ান ছাবমেৰিনৰ ভিতৰত লুকাই থকা মায়াবী সত্তাটো উন্মোচন কৰিব ।

চলচ্চিত্ৰখনে একশ্যন-পেকেজৰ প্ৰতিশ্ৰুতি দিয়ে, যাৰ ভিতৰত আছে উভতি অহা বিৰোধী গেব্ৰিয়েল (এছাই মোৰালেছ)ৰ সৈতে মুখামুখি হোৱা । ক্ৰিষ্টোফাৰ মেককুৱেৰীৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত নৱাগত হান্না ৱেডিংহাম, জেনেট মেকটিৰ, নিক অফাৰমেন আৰু ট্ৰেমেল টিলমেনৰ সৈতে ছাইমন পেগ, ভিং ৰামেছ, হেইলি এটৱেল, ভেনেছা কিৰ্বাই আৰু পম ক্লেমেণ্টিয়েফকে ধৰি আকৰ্ষণীয় কলা-কুশলীয়ে অভিনয় কৰিছে ।


মিছন: ইম্পছিবল্ দলটোৱেও অৱনীতে কৰা পোষ্টটোৰ প্ৰতি সঁহাৰি জনাই,  মন্তব্য কৰে যে মিছনৰ জটিল গোপনীয়তা অতি সোনকালে মুক্ত কৰা হ’ব । বলীউডৰ অভিনেতা বৰুণ ধৱনে অৱনীতৰ পোষ্টত মন্তব্য কৰে, “বাও” । তেওঁৰ অনুৰাগীয়ে  পোষ্টটো দেখি উৎকণ্ঠিত হৈ পৰে, এজনে ইয়াক “১১:১১ উপহাৰ” বুলি অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে তেওঁক ভাৰতীয়ৰ বাবে গৌৰৱৰ উৎস বুলি প্ৰশংসা কৰে ৷

'I'm Still Pinching Myself': Avneet Kaur In Awe After Meeting Tom Cruise On Mission: Impossible Set

অৱনীতে ক্ৰুজৰ প্ৰতি তেওঁৰ প্ৰশংসা অব্যাহত ৰাখি ইনষ্টাগ্ৰাম ষ্ট'ৰীও দিয়ে ৷ ক্ৰুজক এগৰাকী প্ৰেৰণাদায়ক গুৰু হিচাপে প্ৰশংসা কৰি লগতে কয়, “আপুনি আপুনি হোৱাৰ বাবে ধন্যবাদ আৰু মোক ইমান আদৰণি জনোৱাৰ বাবে আৰু মোক সদায় নতুন নতুন কথা শিকিবলৈ আৰু বিকাশ কৰিবলৈ সোঁৱৰাই দিয়াৰ বাবে ! আপুনি সেই সকলোবোৰ বিপজ্জনকভাৱে কঠিন ষ্টাণ্ট নিজেই কৰা দেখি মই আচৰিত হৈ গ’লোঁ ! আপুনি চিনেমাত আৰু বাস্তৱ জীৱনতো যাদুগৰ!”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু