--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় বলীউদৰ জেষ্ঠ অভিনেতা শৰৎ ছাক্সেনা । প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত অভিনয় কৰিব শৰৎ ছাক্সেনাই । কম সময়ৰ ভিতৰতে আৰম্ভ হ’ব ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম ৷ 

শৰৎ ছাক্সেনাই অভিনয় জীৱনৰ পাতনি মেলিছিল ১৯৭০ চনত । হিন্দীৰ লগতে তেলুগু, মালায়ালম আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে । প্ৰথমাৱস্থাত তেওঁ সহ-অভিনেতা হিচাপেই অভিনয় জীৱনৰ আৰম্ভণি ঘটাইছিল ৷

Sharat Saxena's birthday: Remembering his notable performances in Bollywood

তেওঁ অভিনয় কৰা কেইখনমান উল্লেখনীয় জনপ্ৰিয় ছবি হ’ল ফানা, ক্ৰীছ, ত্ৰিদেৱ, ঘায়েল, খিলাড়ী, গোলাম, গুপ্ত: দ্য হিডেন ট্ৰুথ, ডুপ্লিকেট, ছ’লজাৰ, বাগৱান, মিষ্টাৰ ইণ্ডিয়া, এক হি ৰাস্তা,ফিৰ হেৰাফেৰী,বজৰংগী ভাইজান, আদি । ছবিত অভিনয় কৰাৰ লগতে তেওঁ দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰততো অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে ।


আহিবলগীয়া নতুন অসমীয়া ছবি ‘মোক্ষ’ত তেওঁ অভিনয় কৰিব এটি বিশেষ চৰিত্ৰত । উল্লেখ্য যে এই ছবিখনৰ মুখ্য চৰিত্ৰটো ৰূপায়ন কৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ সোমবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মহুৰত অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকি অভিনেতাগৰাকীয়ে কয়, “ডেৰ হাজাৰ কিলোমিটাৰ দূৰৰ মুম্বাইৰ পৰা মোক আজি ইয়ালৈ মাতি অনাৰ বাবে মই অতি সুখী অনুভৱ কৰিছো । এই সৌভাগ্য সকলোৱে লাভ নকৰে । ঈশ্বৰৰ আশীৰ্বাদত মই এই সৌভাগ্য লাভ কৰিছো । এই ছবিখনত মোৰ চৰিত্ৰটো ইমান ডাঙৰ নহয় যদিও বহুত গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ । যিমানদূৰলৈ মই ছবিখনৰ বিষয়বস্তুৰ বিষয়ে জানিব পাৰিছো, মোৰ ছবিখনৰ বিষয়বস্তু বহুত ভাল লাগিছে । মই আশাবাদী যে দৰ্শকে ছবিখন চাই ভাল পাব । ছবিখনৰ যি কাহিনী সেয়া অতি হৃদয়স্পৰ্শী । ছবিখনত দেশপ্রেম, প্ৰেম আৰু বন্ধুত্বৰ সুন্দৰ উপস্থাপন কৰা হৈছে ৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ