--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় বলীউদৰ জেষ্ঠ অভিনেতা শৰৎ ছাক্সেনা । প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত অভিনয় কৰিব শৰৎ ছাক্সেনাই । কম সময়ৰ ভিতৰতে আৰম্ভ হ’ব ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম ৷ 

শৰৎ ছাক্সেনাই অভিনয় জীৱনৰ পাতনি মেলিছিল ১৯৭০ চনত । হিন্দীৰ লগতে তেলুগু, মালায়ালম আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে । প্ৰথমাৱস্থাত তেওঁ সহ-অভিনেতা হিচাপেই অভিনয় জীৱনৰ আৰম্ভণি ঘটাইছিল ৷

Sharat Saxena's birthday: Remembering his notable performances in Bollywood

তেওঁ অভিনয় কৰা কেইখনমান উল্লেখনীয় জনপ্ৰিয় ছবি হ’ল ফানা, ক্ৰীছ, ত্ৰিদেৱ, ঘায়েল, খিলাড়ী, গোলাম, গুপ্ত: দ্য হিডেন ট্ৰুথ, ডুপ্লিকেট, ছ’লজাৰ, বাগৱান, মিষ্টাৰ ইণ্ডিয়া, এক হি ৰাস্তা,ফিৰ হেৰাফেৰী,বজৰংগী ভাইজান, আদি । ছবিত অভিনয় কৰাৰ লগতে তেওঁ দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰততো অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে ।


আহিবলগীয়া নতুন অসমীয়া ছবি ‘মোক্ষ’ত তেওঁ অভিনয় কৰিব এটি বিশেষ চৰিত্ৰত । উল্লেখ্য যে এই ছবিখনৰ মুখ্য চৰিত্ৰটো ৰূপায়ন কৰিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ৷ সোমবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মহুৰত অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকি অভিনেতাগৰাকীয়ে কয়, “ডেৰ হাজাৰ কিলোমিটাৰ দূৰৰ মুম্বাইৰ পৰা মোক আজি ইয়ালৈ মাতি অনাৰ বাবে মই অতি সুখী অনুভৱ কৰিছো । এই সৌভাগ্য সকলোৱে লাভ নকৰে । ঈশ্বৰৰ আশীৰ্বাদত মই এই সৌভাগ্য লাভ কৰিছো । এই ছবিখনত মোৰ চৰিত্ৰটো ইমান ডাঙৰ নহয় যদিও বহুত গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ । যিমানদূৰলৈ মই ছবিখনৰ বিষয়বস্তুৰ বিষয়ে জানিব পাৰিছো, মোৰ ছবিখনৰ বিষয়বস্তু বহুত ভাল লাগিছে । মই আশাবাদী যে দৰ্শকে ছবিখন চাই ভাল পাব । ছবিখনৰ যি কাহিনী সেয়া অতি হৃদয়স্পৰ্শী । ছবিখনত দেশপ্রেম, প্ৰেম আৰু বন্ধুত্বৰ সুন্দৰ উপস্থাপন কৰা হৈছে ৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু