ডিজিটেল ডেস্কঃউত্তৰাখণ্ডত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডই এতিয়া দেশজুৰি তোলপাৰ লগাইছে। বিজেপি নেতাৰ পুত্ৰই যৌন কাৰ্যত সন্মতি নিদিয়াৰ বাবেই অংকিতাক হত্যা কৰা বুলি অভিযোগ উঠিছে। তেনে বহু অভিযোগ ইয়াৰ পূৰ্বেও বহু নেতাৰ পুত্ৰ-কন্যাৰ বিৰুদ্ধে উত্থাপন হৈছে।বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যক অংকিতা ভাণ্ডাৰীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যক উত্তৰাখণ্ডৰ ঋষিকেশৰ লক্ষ্মণ ঝুলা অঞ্চলৰ তেওঁৰ ৰিজৰ্টত ৰিচেপচনিষ্ট হিচাপে কাম কৰা ১৯ বছৰীয়া কিশোৰী অংকিতা ভাণ্ডাৰীৰ হত্যাৰ মুখ্য অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছে৷ অংকিতা ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত সন্ধানহীন হৈ পৰিছিল৷ কেইদিনমান পিছত উদ্ধাৰ হৈছিল অংকিতাৰ মৃতদেহ। সাক্ষ্য-প্ৰমাণৰ ভিত্তিত বিজেপিয়ে বিনোদ আৰ্য আৰু পুলকিতৰ ভায়েক অংকিত আৰ্যক দলৰ পৰা বহিষ্কাৰ কৰে। নেতাৰ সন্তানৰ কুকীৰ্তিৰ এয়াই প্ৰথম ঘটনা নহয়। কেৱল এটা। আন বহু ঘটনাত ৰাজনীতিৰ সন্তানৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অপৰাধৰ অভিযোগ । তেনে অপৰাধৰ ভিতৰত হত্যা, ধৰ্ষণ আৰু আক্ৰমণ আদি সকলো আছে ? জানো আহকতেনে কেইটামান ঘটনাৰ বিষয়ে-
লখিমপুৰ খেৰীৰ ঘটনা
কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে ২০২১ চনত কৃষক আন্দোলনৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত বাহনেৰে চাৰিজন কৃষকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। যোৱা বছৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ কৰি থকাৰ সময়তে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত মুঠ আঠজন লোক নিহত হৈছিল।

বিজেপি নেতা অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই কৃষকৰ প্ৰতিবাদৰ সময়ত তেওঁৰ এছইউভি বাহনেৰে চাৰিজন কৃষকক মহতিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছিল। আশীষ মিশ্ৰক ২০২১ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে দাবী কৰিছিল যে উক্ত হত্যাকাণ্ড "পূৰ্ব পৰিকল্পিত" আছিল। ২৬ জুলাইত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুক্তি দিবলৈ অস্বীকাৰ কৰাৰ পিছতে মিশ্ৰইউচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ
২০২২ চনৰ ছেপ্টেম্বৰত ফতেহাবাদ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক চোটে লাল বাৰ্মা আৰু তেওঁৰ পুত্ৰ লক্ষ্মী কান্ত বাৰ্মাৰ বিৰুদ্ধে আগ্ৰাত এগৰাকী মহিলাই ধৰ্ষণ, আক্ৰমণ আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।বিজেপি বিধায়ক চোটে লাল বাৰ্মাই কৈছিল যে তেওঁৰ পুত্ৰৰ সৈতে জড়িত গোচৰটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।এজাহাৰখনত দুটা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে নিজকে লক্ষ্মী কান্ত বাৰ্মাৰ আইনীভাৱে বিবাহিত পত্নী বুলি দাবী কৰে আৰু বিধায়কজনে তেওঁক ভাবুকি দিয়া তথা আন এগৰাকী মহিলাক বিয়া কৰোৱাৰ অভিযোগ উত্থাপন কৰে।
তাজগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন্দ্ৰ বালিয়ানে কয় যে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ), ৩১৩ (মহিলাৰ সন্মতি অবিহনে গৰ্ভপাত কৰা), ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৫০৪ (ইচ্ছাকৃত অপমান), ৫০৬ (অপৰাধমূলক ভাবুকি), ৪৯৪ (বহুগামীতা) আৰু ৩২৮ (সশস্ত্ৰ আক্ৰমণ)ৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। বিজেপি বিধায়ক চোটে লাল বাৰ্মাই কৈছিল যে তেওঁৰ গোচৰটোৰ সৈতে কোনো সম্পৰ্ক নাই কিয়নো তেওঁ কেতিয়াও মহিলাগৰাকীক লগ পোৱা নাছিল আৰু তেওঁৰ পুত্ৰৰ সৈতে সম্পৰ্ক নাছিল। মহিলাগৰাকীয়ে চোটে লাল বাৰ্মাৰ পুত্ৰ লক্ষ্মী কান্ত বাৰ্মাৰ বিৰুদ্ধেও ধৰ্ষণ, আক্ৰমণ আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।
কৈলাশ বিজয়বৰ্গীয়াৰ পুত্ৰ
মধ্য প্ৰদেশৰ বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়াক ২০১৯ চনৰ জুন মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ এজন পৌৰ বিষয়াক ক্ৰিকেট বেটেৰে আক্ৰমণ কৰিছিল বুলি অভিযোগ উঠিছিল।
গৰুৰ চোৰাং ব্যৱসায়ৰ গোচৰত সুকন্যা মণ্ডল
টিএমচিৰ শক্তিশালী নেতা অনুব্ৰত মণ্ডলৰ জীয়ৰী সুকন্যা ২০২২ চনত তেওঁৰ দেউতাকৰ সৈতে গৰু চোৰাং ব্যৱসায়ৰ গোচৰত জড়িত হৈ থকাৰ অভিযোগ উঠিছিল। শেহতীয়াকৈ চিবিআইয়ে পশ্চিমবংগত বহু কোটিটকীয়া কেলেংকাৰীৰ তদন্তৰ চলাই সুকন্যাৰ সম্পত্তিৰ বিৱৰণ বিচাৰি তেওঁলৈ এখন নতুন জাননী প্ৰেৰণ কৰিছে।

২৩ ছেপ্টেম্বৰত সুকন্যাই চিবিআইৰ জেৰাৰ পৰা হাত সাৰিবলৈ অসুস্থতাৰ কথা উল্লেখ কৰিছিল। টিএমচিৰ বীৰভূম জিলা গোটৰ সভাপতি সুকন্যা মণ্ডলৰ পিতৃক ১১ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী সুকন্যাক ১৬ ছেপ্টেম্বৰত তেওঁৰ বোলপুৰৰ বাসগৃহত প্ৰায় এঘণ্টা ধৰি চিবিআইয়ে সোধা-পোছা কৰে।
কৰ্ণাটকৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰৰ কুকীৰ্তি
কংগ্ৰেছ বিধায়ক এন এ হাৰিছৰ পুত্ৰ মহম্মদ নালাপদ হাৰিছৰ বিৰুদ্ধে ২০১৮ চনত বাংগালুৰুৰ এখন পাবত এজন লোকক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। কৰ্ণাটক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নলাপদ হেৰিছে পাবত হোৱা তৰ্ক-বিতৰ্কৰ সময়তে লোকজনক আক্ৰমণ কৰিছিল আৰু তেওঁৰ বন্ধুবৰ্গকো তেওঁক প্ৰহাৰ কৰিবলৈ প্ৰৰোচিত কৰিছিল। ফেব্ৰুৱাৰী ২০১৮ত নালাপদক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত, নালাপদে ১১৬ দিন কাৰাগাৰত কটাইছিল। তাৰ পিছত একে বছৰৰ জুন মাহত তেওঁক চৰ্তসাপেক্ষে জামিন দিয়া হৈছিল।
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাৰ জীয়ৰীৰ প্ৰচণ্ড ঘোচা
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাৰ জীয়ৰী মিলাৰী চাংটেক এটা ভাইৰেল ভিডিঅ'ত আইজলৰ এখন ক্লিনিকত এজন চৰ্মৰোগ বিশেষজ্ঞক ঘোচা মাৰি থকা দেখা গৈছিল। ইয়াৰ বাবে জোৰামথাঙ্গাই ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিছিল। 

ঘটনাটো আগষ্ট ২০২২ ত সংঘটিত হৈছিল। মিলাৰী চাংটেক ক্লিনিকলৈ অহাৰ সময়তে চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে কিবা কথা মনোমালিন্য হৈছিল। মিলাৰীয়ে চিকিৎসকজনৰ ওচৰলৈ আহিছিল আৰু তেওঁৰ মুখত আঘাত কৰিছিল। এজন মানুহে তেওঁক টানি নি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল।
অস্ত্ৰ আইনৰ গোচৰত মুখতাৰ আনছাৰীৰ পুত্ৰ
উত্তৰ প্ৰদেশৰ কুখ্যাত ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ পুত্ৰ আব্বাছ আনছাৰী অস্ত্ৰ অনুজ্ঞাপত্ৰৰ গোচৰত পলাতক হৈ আছে। ২০২২ চনৰ ২৫ আগষ্টত আদালতে তেওঁক পলাতক ঘোষণা কৰে।
বিধায়ক পুত্ৰজন অন্যান্য গোচৰৰ লগতে অস্ত্ৰ আইন আৰু মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত অভিযুক্ত হৈ আছে।আৰক্ষীয়ে আব্বাছ আনচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাখনো ৰাজ্যত সতৰ্কবাণী প্ৰেৰণ কৰিছে। আনহাতে তেওঁৰ দেউতাকৰ বিৰুদ্ধেও ৪০ টাতকৈও অধিক গোচৰ ৰুজু হৈছে।শেহতীয়াকৈ, এলাহাবাদ উচ্চ ন্যায়ালয়ে মুখতাৰ আনছাৰীক ২৩ বছৰ পুৰণি গোচৰত ৫ বছৰৰ কাৰাদণ্ড বিহিছে।