--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত সম্প্ৰতি উদ্বেগজনক হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক এনে ঘটনাৰ খবৰ সংবাদ মাধ্যম যোগে প্ৰকাশ পাই আহিছে। মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা এনে অপৰাধৰ দৈনন্দিন ঘটনাৰ মাজতে দেশৰ ৰাজধানী চহৰ দিল্লীত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনাই প্ৰমাণ কৰি দিছে যে আন স্থান বাদেই, নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজত থকা স্থানতো মহিলাৰ নিৰাপত্তা এতিয়া সুনিশ্চিত নহয়। কিয়নো সোমবাৰে সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ স্থান হৈছে এখন কাৰাগাৰ।

দিল্লীৰ মাণ্ডোলী কাৰাগাৰত বন্দী হৈ থকা এগৰাকী বিচাৰাধীন কয়েদীয়ে সোমবাৰে কাৰাগাৰৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত থকা এগৰাকী মহিলা চিকিৎসকক শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ধৰ্ষণ কৰিবলৈও চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই চাঞ্চল্যকৰ ঘটনাৰ অভিযুক্ত কয়েদী গৰাকীয়ে নিয়মীয়া চিকিৎসা পৰীক্ষাৰ সময়ত বাথৰুমত লুকাই আছিল। মহিলা চিকিৎসক গৰাকী আন কয়েদীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বাথৰুমৰ ফালে যোৱাৰ সময়তে অভিযুক্ত কয়েদীগৰাকীয়ে চিকিৎসক গৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে।

এনে আকস্মিক ঘটনাত হচকিত হৈ পৰা চিকিৎসকগৰাকীয়ে কয়েদীগৰাকীৰ কবলৰ পৰা ওলাবলৈ আপ্ৰাণ চেষ্টা চলায় আৰু ইয়াতে ক্ষুণ্ণ হৈ দুৰ্বৃত্তই তেওঁক প্ৰহাৰো কৰে। কিন্তু চিকিৎসকগৰাকীয়ে সুযোগ বুজি কাৰাগাৰৰ এলাৰ্ম বজাই আৰক্ষীক সতৰ্ক কৰি দিয়াৰ লগতে কোনোমতে কয়েদীগৰাকীৰ পৰা নিজকে ৰক্ষা কৰি বাহিৰলৈ দৌৰি ওলাই যাবলৈ সক্ষম হয়।

চিকিৎসকগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে কাৰাগাৰৰ আৰক্ষীৰ আগত অৱগত কৰাৰ লগে লগে অভিযুক্ত কয়েদীগৰাকীক আটক কৰা হয় বুলি কাৰাগাৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ইয়াৰ পিছতে ভুক্তভোগী চিকিৎসক গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে স্থানীয় এখন চিকিৎসালয়ত প্ৰেৰণ কৰা হয় বুলিও তেওঁ লগতে উল্লেখ কৰে।

ইফালে এনে জঘন্য অপৰাধৰ চেষ্টা চলোৱা অভিযুক্ত কয়েদীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬, ৫১১, ৩০৭, ৩৫ আৰু ৫০৬ ৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে অভিযুক্ত কয়েদীগৰাকী মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত দুটা গোচৰতে কাৰাবন্দী হৈ আছে। ২০২০ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এক গোচৰত কয়েদীগৰাকী দোষী সাব্যস্ত হৈছিল আৰু তাৰ পাছতেই মাণ্ডোলী কাৰাগাৰত বন্দী হয়।

আনহাতে এই চাঞ্চল্যকৰ ঘটনাৰ পাছত হচকিত হৈ পৰা কাৰাগাৰ কৰ্তৃপক্ষই ভৱিষ্যতে এনে ধৰণৰ যিকোনো ঘটনা প্ৰতিহত কৰিবলৈ বেৰেকৰ চাৰিওফালে নিৰাপত্তা বৃদ্ধি কৰিছে বুলি জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু