--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অংকিতা ভাণ্ডাৰীৰ ৰহস্যজনক হত্যাকাণ্ডই৷ এই ঘটনাত বিজেপি নেতা পুলকিত আৰ্যৰ নাম সাঙোৰ খাই পৰাৰ লগে-লগে ঘটনাই অন্য ৰূপ লৈছে৷ অংকিতা ভাণ্ডাৰীৰ আছিল  এখন ৰিজ’ৰ্টৰ অভ্যৰ্থনাকৰ্মী৷ৰিজ’ৰ্টখনলৈ অবৈধভাৱে বহু ছোৱালীক অনা হৈছিল বুলি অংকিতা ভাণ্ডাৰীয়ে অভিযোগ কৰিছে বুলি জানিব পৰা গৈছে৷ আনহাতে তেওঁলোকৰ নাম  প্ৰৱেশ পঞ্জীত অন্তভুৰ্ক্ত  নাছিল। ৰিজ’ৰ্টখনত বহু নিচাযুক্ত দ্ৰব্যৰো ব্যৱহাৰ কৰা হৈছিল।  য'ত সুৰা আৰু গাঞ্জাৰ দৰে ড্ৰাগ অন্তৰ্ভুক্ত আছিল। 

যদিও  নিয়ম অনুসৰি, তাত সকলোৰে প্ৰৱেশ নথিভুক্ত কৰা হৈছিল, কিন্তু যেতিয়া ছোৱালীবোৰ কঢ়িয়াই অনা হৈছিল, তেওঁলোকৰ প্ৰৱেশ নথিভুক্ত কৰা হোৱা নাছিল৷  মে মাহত উক্ত ৰিজ’ৰ্টত  ৰিচেপচনিষ্ট হিচাপে যোগদান কৰিছিল অংকিতাই৷ 

কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়তে বিজেপি নেতাই সংঘটিত কৰা এই জঘন্য কাণ্ডই সকলোকে শংকিত কৰি তুলিছে৷ আনহাতে, দলৰ পৰা অভিযুক্তকেইজনক  বহিষ্কাৰ কৰিয়েই দ্বায়িত্ব সামৰিছে বিজেপি চৰকাৰে৷ দলটোৰ এনে স্থিতিক লৈ এতিয়া সৰৱ হৈ উঠিছে বিৰোধী পক্ষ৷ 
একে সময়তে, আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে মোডী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।তেওঁ টুইটাৰত লিখিছিল যে,
"উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে চিতাৰ নাম নিৰ্ণয় কৰাত ব্যস্ত আছিল। বিজেপিত দুৰ্বৃত্ত নাম থকা সকলৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা লোৱা হ'ব?”
সঞ্জয় সিঙৰ এনে প্ৰশ্নই সকলোকে এতিয়া ভবাই তুলিছে৷ মাত্ৰ ১৯ বছৰীয়া নিৰ্দোষী যুৱতী এগৰাকীৰ এনে নিৰ্মম হত্যাই অন্তৰ স্পৰ্শ কৰিব পৰা নাই মোদী 
চৰকাৰৰ। অংকিতাৰ হত্যাকাণ্ডত জড়িত সকলক উচিত শাস্তি প্ৰদানৰ বিপৰীতে চিতাক নতুন নাম দিয়াতহে ব্যস্ত নৰেন্দ্ৰ মোদীৰ চৰকাৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement