--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অংকিতা ভাণ্ডাৰীৰ ৰহস্যজনক হত্যাকাণ্ডই৷ এই ঘটনাত বিজেপি নেতা পুলকিত আৰ্যৰ নাম সাঙোৰ খাই পৰাৰ লগে-লগে ঘটনাই অন্য ৰূপ লৈছে৷ অংকিতা ভাণ্ডাৰীৰ আছিল  এখন ৰিজ’ৰ্টৰ অভ্যৰ্থনাকৰ্মী৷ৰিজ’ৰ্টখনলৈ অবৈধভাৱে বহু ছোৱালীক অনা হৈছিল বুলি অংকিতা ভাণ্ডাৰীয়ে অভিযোগ কৰিছে বুলি জানিব পৰা গৈছে৷ আনহাতে তেওঁলোকৰ নাম  প্ৰৱেশ পঞ্জীত অন্তভুৰ্ক্ত  নাছিল। ৰিজ’ৰ্টখনত বহু নিচাযুক্ত দ্ৰব্যৰো ব্যৱহাৰ কৰা হৈছিল।  য'ত সুৰা আৰু গাঞ্জাৰ দৰে ড্ৰাগ অন্তৰ্ভুক্ত আছিল। 

যদিও  নিয়ম অনুসৰি, তাত সকলোৰে প্ৰৱেশ নথিভুক্ত কৰা হৈছিল, কিন্তু যেতিয়া ছোৱালীবোৰ কঢ়িয়াই অনা হৈছিল, তেওঁলোকৰ প্ৰৱেশ নথিভুক্ত কৰা হোৱা নাছিল৷  মে মাহত উক্ত ৰিজ’ৰ্টত  ৰিচেপচনিষ্ট হিচাপে যোগদান কৰিছিল অংকিতাই৷ 

কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়তে বিজেপি নেতাই সংঘটিত কৰা এই জঘন্য কাণ্ডই সকলোকে শংকিত কৰি তুলিছে৷ আনহাতে, দলৰ পৰা অভিযুক্তকেইজনক  বহিষ্কাৰ কৰিয়েই দ্বায়িত্ব সামৰিছে বিজেপি চৰকাৰে৷ দলটোৰ এনে স্থিতিক লৈ এতিয়া সৰৱ হৈ উঠিছে বিৰোধী পক্ষ৷ 
একে সময়তে, আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে মোডী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।তেওঁ টুইটাৰত লিখিছিল যে,
"উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে চিতাৰ নাম নিৰ্ণয় কৰাত ব্যস্ত আছিল। বিজেপিত দুৰ্বৃত্ত নাম থকা সকলৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা লোৱা হ'ব?”
সঞ্জয় সিঙৰ এনে প্ৰশ্নই সকলোকে এতিয়া ভবাই তুলিছে৷ মাত্ৰ ১৯ বছৰীয়া নিৰ্দোষী যুৱতী এগৰাকীৰ এনে নিৰ্মম হত্যাই অন্তৰ স্পৰ্শ কৰিব পৰা নাই মোদী 
চৰকাৰৰ। অংকিতাৰ হত্যাকাণ্ডত জড়িত সকলক উচিত শাস্তি প্ৰদানৰ বিপৰীতে চিতাক নতুন নাম দিয়াতহে ব্যস্ত নৰেন্দ্ৰ মোদীৰ চৰকাৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু