--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইনত অৰ্ডাৰ দিয়া বিৰিয়ানী খাই মৃত্যুুমুখত পৰিল কেৰালাৰ এগৰাকী যুৱতী৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷ স্থানীয় হোটেলৰ পৰা কেৰালাৰ বিৰিয়ানী ব্যঞ্জন ‘কুজিমন্থি’ সেৱন কৰাৰ পাছত এগৰাকী ২০বছৰীয়া যুৱতীৰ মৃত্যু হৈছে।

আৰক্ষীয়ে কৈছিল যে কাচাৰাগোডৰ ওচৰৰ পেৰুম্বালাৰ অঞ্জু শ্ৰীপাৰ্বতীয়ে কুজিমান্থি খাইছিল৷ তেওঁ ৩১ ডিচেম্বৰত কাচাৰাগোডৰ ৰোমানচিয়া নামৰ ৰেষ্টুৰেণ্টৰ পৰা অনলাইনত সেই খাদ্য ক্ৰয় কৰিছিল আৰু তেতিয়াৰ পৰা চিকিৎসাধীন হৈ আছিল।

এতিয়া তেওঁৰ পিতৃ-মাতৃয়ে অভিযোগ দাখিল কৰাৰ পাছত এটা গোচৰ ৰুজু কৰা হৈছে। যুৱতীগৰাকীৰ আজি পুৱা মৃত্যু হয়৷ আৰক্ষীয়ে প্ৰেছ ট্ৰাষ্ট অব্ ইণ্ডিয়াক জনায় যে ফৰেনচিক প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 
যুৱতীগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, য’ৰ পৰা তেওঁক কৰ্ণাটকৰ মেংগালুৰুৰ আন এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত তেওঁৰ মৃত্যু হৈছিল।

ইফালে, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে সমস্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ খাদ্য সুৰক্ষা আয়ুক্তক নিৰ্দেশনা জাৰি কৰা হৈছে। ডিএমঅ’য়ে ঘটনাটো আৰু ছোৱালীজনীক দিয়া চিকিৎসাৰ বিষয়েও চোৱা-চিতা কৰি আছে বুলি জৰ্জে পাথানামথিট্টাত সাংবাদিকসকলক কয়। তেওঁ কয় যে খাদ্যৰ বিষক্ৰিয়াৰ অভিযোগ তৰা হোটেলসমূহৰ অনুজ্ঞাপত্ৰ খাদ্য সুৰক্ষা আৰু মান আইনৰ (এফএছএছএ) অধীনত বাতিল কৰা হ’ব।

এই সপ্তাহৰ আৰম্ভণিতে কোট্টায়াম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী নাৰ্চে কোজিকোডৰ এটা ভোজনালয়ৰ পৰা খাদ্যগ্ৰহণ কৰাৰ পাছত মৃত্যুবৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু