--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইনত অৰ্ডাৰ দিয়া বিৰিয়ানী খাই মৃত্যুুমুখত পৰিল কেৰালাৰ এগৰাকী যুৱতী৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷ স্থানীয় হোটেলৰ পৰা কেৰালাৰ বিৰিয়ানী ব্যঞ্জন ‘কুজিমন্থি’ সেৱন কৰাৰ পাছত এগৰাকী ২০বছৰীয়া যুৱতীৰ মৃত্যু হৈছে।

আৰক্ষীয়ে কৈছিল যে কাচাৰাগোডৰ ওচৰৰ পেৰুম্বালাৰ অঞ্জু শ্ৰীপাৰ্বতীয়ে কুজিমান্থি খাইছিল৷ তেওঁ ৩১ ডিচেম্বৰত কাচাৰাগোডৰ ৰোমানচিয়া নামৰ ৰেষ্টুৰেণ্টৰ পৰা অনলাইনত সেই খাদ্য ক্ৰয় কৰিছিল আৰু তেতিয়াৰ পৰা চিকিৎসাধীন হৈ আছিল।

এতিয়া তেওঁৰ পিতৃ-মাতৃয়ে অভিযোগ দাখিল কৰাৰ পাছত এটা গোচৰ ৰুজু কৰা হৈছে। যুৱতীগৰাকীৰ আজি পুৱা মৃত্যু হয়৷ আৰক্ষীয়ে প্ৰেছ ট্ৰাষ্ট অব্ ইণ্ডিয়াক জনায় যে ফৰেনচিক প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 
যুৱতীগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, য’ৰ পৰা তেওঁক কৰ্ণাটকৰ মেংগালুৰুৰ আন এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত তেওঁৰ মৃত্যু হৈছিল।

ইফালে, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে সমস্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ খাদ্য সুৰক্ষা আয়ুক্তক নিৰ্দেশনা জাৰি কৰা হৈছে। ডিএমঅ’য়ে ঘটনাটো আৰু ছোৱালীজনীক দিয়া চিকিৎসাৰ বিষয়েও চোৱা-চিতা কৰি আছে বুলি জৰ্জে পাথানামথিট্টাত সাংবাদিকসকলক কয়। তেওঁ কয় যে খাদ্যৰ বিষক্ৰিয়াৰ অভিযোগ তৰা হোটেলসমূহৰ অনুজ্ঞাপত্ৰ খাদ্য সুৰক্ষা আৰু মান আইনৰ (এফএছএছএ) অধীনত বাতিল কৰা হ’ব।

এই সপ্তাহৰ আৰম্ভণিতে কোট্টায়াম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী নাৰ্চে কোজিকোডৰ এটা ভোজনালয়ৰ পৰা খাদ্যগ্ৰহণ কৰাৰ পাছত মৃত্যুবৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক