--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিৰ নাম অভিধানত বিশেষণ হিচাবে অন্তৰ্ভূক্ত হোৱাৰ কথাটো সঁচাকৈয়ে আচৰিত হ’বলগীয়া কথা। কিন্তু তেনে ঘটনাই ঘটিছে ব্ৰাজিলত।ব্ৰাজিলৰ অভিধানত "ব্যতিক্ৰমী, অতুলনীয়, অনন্য" ব্যক্তিৰ কথা  বৰ্ণনা কৰোঁতে ব্যৱহাৰ কৰিব পৰাকৈ  "পেলে" বিশেষণটো সংযোগ কৰা হৈছে। 

দেশ খনৰ বহুল প্ৰচলিত মাইকেলিছ অভিধানে কিংবদন্তী ফুটবলাৰ পেলেৰ প্ৰতি  সন্মান জনোৱাৰ বাবে ১২৫,০০০ তকৈও অধিক স্বাক্ষৰ সংগ্ৰহ কৰিছিল। তিনিবাৰৰ বিশ্বকাপ চেম্পিয়ন পেলেৰ ডিচেম্বৰত মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ  ৮২ বছৰ বয়সত মৃত্যু হৈছিল। অভিধানৰ পৰিশিষ্টত  এইদৰে কোৱা হৈছে: "পেলেৰ  অসাধাৰণ,গুণ, মূল্য বা শ্ৰেষ্ঠতা কাৰো সৈতে মিলাব নোৱাৰি; এডচন আৰাণ্টেছ ডো নেচিমেণ্টোৰ উপনাম পেলে  সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ৰৈ যাব; পেলেৰ অৰ্থ সেয়ে ব্যতিক্ৰমী, অতুলনীয়, অনন্য। 

অভিধান খনত পেলে শব্দটো বিশেষণ হিচাবে ব্যৱহাৰ কৰিব পৰা উদাহৰণো দিয়া হৈছে, যেনে : তেওঁ বাস্কেটবলৰ পেলে, তেওঁ টেনিছৰ পেলে, তেওঁ ব্ৰাজিলিয়ান থিয়েটাৰৰ পেলে, তেওঁ হৈছে ঔষধৰ পেলে।" পেলে ফাউণ্ডেচন, চেণ্টোছ এফ চি আৰু বহু দেশৰ অন্যতম জনপ্ৰিয় অভিধানৰ প্ৰকাশকসকলে পেলে শব্দটো বিশেষণ হিচাবে ব্যৱহাৰৰ কথাটোক স্বীকৃতি দিছে। এতিয়াৰে পৰা  সৰ্বশ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো ব্যৱহাৰ কৰিব পৰা যাব।   ফুটবলৰ সৰ্বশ্ৰেষ্ঠ সকলৰ নাম মনলৈ আহিলে আজিও বিশ্বত পেলে,  ডিয়েগো মাৰাডোনা, লিঅনেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দৰে তাৰকাসকলৰ নামেই প্ৰথমে মনলৈ আহে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস