--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিৰ নাম অভিধানত বিশেষণ হিচাবে অন্তৰ্ভূক্ত হোৱাৰ কথাটো সঁচাকৈয়ে আচৰিত হ’বলগীয়া কথা। কিন্তু তেনে ঘটনাই ঘটিছে ব্ৰাজিলত।ব্ৰাজিলৰ অভিধানত "ব্যতিক্ৰমী, অতুলনীয়, অনন্য" ব্যক্তিৰ কথা  বৰ্ণনা কৰোঁতে ব্যৱহাৰ কৰিব পৰাকৈ  "পেলে" বিশেষণটো সংযোগ কৰা হৈছে। 

দেশ খনৰ বহুল প্ৰচলিত মাইকেলিছ অভিধানে কিংবদন্তী ফুটবলাৰ পেলেৰ প্ৰতি  সন্মান জনোৱাৰ বাবে ১২৫,০০০ তকৈও অধিক স্বাক্ষৰ সংগ্ৰহ কৰিছিল। তিনিবাৰৰ বিশ্বকাপ চেম্পিয়ন পেলেৰ ডিচেম্বৰত মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ  ৮২ বছৰ বয়সত মৃত্যু হৈছিল। অভিধানৰ পৰিশিষ্টত  এইদৰে কোৱা হৈছে: "পেলেৰ  অসাধাৰণ,গুণ, মূল্য বা শ্ৰেষ্ঠতা কাৰো সৈতে মিলাব নোৱাৰি; এডচন আৰাণ্টেছ ডো নেচিমেণ্টোৰ উপনাম পেলে  সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ৰৈ যাব; পেলেৰ অৰ্থ সেয়ে ব্যতিক্ৰমী, অতুলনীয়, অনন্য। 

অভিধান খনত পেলে শব্দটো বিশেষণ হিচাবে ব্যৱহাৰ কৰিব পৰা উদাহৰণো দিয়া হৈছে, যেনে : তেওঁ বাস্কেটবলৰ পেলে, তেওঁ টেনিছৰ পেলে, তেওঁ ব্ৰাজিলিয়ান থিয়েটাৰৰ পেলে, তেওঁ হৈছে ঔষধৰ পেলে।" পেলে ফাউণ্ডেচন, চেণ্টোছ এফ চি আৰু বহু দেশৰ অন্যতম জনপ্ৰিয় অভিধানৰ প্ৰকাশকসকলে পেলে শব্দটো বিশেষণ হিচাবে ব্যৱহাৰৰ কথাটোক স্বীকৃতি দিছে। এতিয়াৰে পৰা  সৰ্বশ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো ব্যৱহাৰ কৰিব পৰা যাব।   ফুটবলৰ সৰ্বশ্ৰেষ্ঠ সকলৰ নাম মনলৈ আহিলে আজিও বিশ্বত পেলে,  ডিয়েগো মাৰাডোনা, লিঅনেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দৰে তাৰকাসকলৰ নামেই প্ৰথমে মনলৈ আহে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে