--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বৰ্ষৰ শেষৰফালে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছিল প্ৰখ্যাত ফেশ্বন ব্ৰেণ্ড লুই ভিট্টনৰ চিইঅ’ বাৰ্নাৰ্ড আৰ্নল্ট।  টেছলাৰ চিইঅ’ ইলন মাস্কক অতিক্ৰম কৰিছিল তেওঁ। ব্লুমবাৰ্গ বিলিয়নাৰ শেহতীয়া সূচকাং অনুসৰি যোৱা ১৯ এপ্ৰিলত ২০৮ বিলিয়ন ডলাৰ সম্পত্তিৰে এই স্থান অক্ষুণ্ণ ৰাখিছে বাৰ্ণাডে।

৭৪ বছৰীয়া ধনকুবেৰ গৰাকীয়ে তেওঁৰ পিছত এই বিশাল সম্পত্তিৰ কুবেৰ সাম্ৰাজ্য কোনে চম্ভালিব, সেয়া নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। জানিব পৰা মতে, বাৰ্নাডে প্ৰতি মাহতে এবাৰকৈ মুখ্য কাৰ্যালয়ৰ ব্যক্তিগত ডাইনিং ৰুমৰ ভিতৰত নিজৰ পাঁচ সন্তানৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, এই বিশেষ দিনটোৰ দুপৰীয়াৰ আহাৰ ৯০ মিনিটৰ বাবে হয় আৰু আৰম্ভণিতে ফৰাচী কোটিপতিগৰাকীয়ে আলোচনাৰ বিষয়সমূহ পাঁচ সন্তানৰ আগত পঢ়ি শুনোৱাৰ পিছতে তেওঁৰ বিলাসী ব্যৱসায়িক সাম্ৰাজ্যৰ নানা কৌশলৰ বিষয়ে আলোচনা কৰে।

ইয়াৰ পিছতে আৰ্নল্টে তেওঁৰ পাঁচ সন্তানৰ পৰা ব্যৱসায়িক পৰামৰ্শ বিচাৰে বুলি প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰাই ধনকুবেৰ আৰ্নল্টে তেওঁৰ এই বিশাল কুবেৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ’ব তথা কোনগৰাকী সন্তানে ফলপ্ৰসূভাৱে এই সাম্ৰাজ্য আগবঢ়াই নিব পাৰে, সেয়া নিশ্চিত কৰাৰ মানসেৰে অডিচন গ্ৰহণ কৰে।

অৱশ্যে বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তিগৰাকীয়ে কাক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিব, তাৰ কোনো ইংগিত দিয়া নাই। মাথোঁ যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে উত্তৰাধিকাৰী নিৰ্বাচিত কৰা হ’ব বুলি উল্লেখ কৰিছে আৰ্নল্টে। উল্লেখ্য যে, আৰ্নল্টে নিজ সন্তানকো কোম্পানীটোৰ ভিতৰতে গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে