--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বৰ্ষৰ শেষৰফালে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছিল প্ৰখ্যাত ফেশ্বন ব্ৰেণ্ড লুই ভিট্টনৰ চিইঅ’ বাৰ্নাৰ্ড আৰ্নল্ট।  টেছলাৰ চিইঅ’ ইলন মাস্কক অতিক্ৰম কৰিছিল তেওঁ। ব্লুমবাৰ্গ বিলিয়নাৰ শেহতীয়া সূচকাং অনুসৰি যোৱা ১৯ এপ্ৰিলত ২০৮ বিলিয়ন ডলাৰ সম্পত্তিৰে এই স্থান অক্ষুণ্ণ ৰাখিছে বাৰ্ণাডে।

৭৪ বছৰীয়া ধনকুবেৰ গৰাকীয়ে তেওঁৰ পিছত এই বিশাল সম্পত্তিৰ কুবেৰ সাম্ৰাজ্য কোনে চম্ভালিব, সেয়া নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। জানিব পৰা মতে, বাৰ্নাডে প্ৰতি মাহতে এবাৰকৈ মুখ্য কাৰ্যালয়ৰ ব্যক্তিগত ডাইনিং ৰুমৰ ভিতৰত নিজৰ পাঁচ সন্তানৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, এই বিশেষ দিনটোৰ দুপৰীয়াৰ আহাৰ ৯০ মিনিটৰ বাবে হয় আৰু আৰম্ভণিতে ফৰাচী কোটিপতিগৰাকীয়ে আলোচনাৰ বিষয়সমূহ পাঁচ সন্তানৰ আগত পঢ়ি শুনোৱাৰ পিছতে তেওঁৰ বিলাসী ব্যৱসায়িক সাম্ৰাজ্যৰ নানা কৌশলৰ বিষয়ে আলোচনা কৰে।

ইয়াৰ পিছতে আৰ্নল্টে তেওঁৰ পাঁচ সন্তানৰ পৰা ব্যৱসায়িক পৰামৰ্শ বিচাৰে বুলি প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰাই ধনকুবেৰ আৰ্নল্টে তেওঁৰ এই বিশাল কুবেৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ’ব তথা কোনগৰাকী সন্তানে ফলপ্ৰসূভাৱে এই সাম্ৰাজ্য আগবঢ়াই নিব পাৰে, সেয়া নিশ্চিত কৰাৰ মানসেৰে অডিচন গ্ৰহণ কৰে।

অৱশ্যে বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তিগৰাকীয়ে কাক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিব, তাৰ কোনো ইংগিত দিয়া নাই। মাথোঁ যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে উত্তৰাধিকাৰী নিৰ্বাচিত কৰা হ’ব বুলি উল্লেখ কৰিছে আৰ্নল্টে। উল্লেখ্য যে, আৰ্নল্টে নিজ সন্তানকো কোম্পানীটোৰ ভিতৰতে গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস