--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ এক ডাঙৰ বক্তব্য দি কয় যে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা আছে ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰাৰ পিছত সঞ্জয় ৰাউতে লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁটৰ কথা কওঁতে কয় যে দেশৰ আটাইতকৈ পুৰণি দলটো অবিহনে কোনো তৃতীয় ফ্ৰণ্ট সফল হ’ব নোৱাৰে।

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ উদ্দেশ্য দলৰ বেনাৰত বিৰোধী দলসমূহক একত্ৰিত কৰা নহয়, ভয় আৰু ঘৃণা দূৰ কৰাহে বুলি কয় সঞ্জয় ৰাউতে।

সঞ্জয় ৰাউতে কয়, ‘মতাদৰ্শগত আৰু ৰাজনৈতিক মতানৈক্য একাষৰীয়া কৰি ৰাহুল গান্ধীয়ে নেতৃত্বৰ দক্ষতা দেখুৱাব। আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিব আৰু অনবদ্য প্ৰদৰ্শন কৰিব।

সঞ্জয় ৰাউতে বৰষুণতো ৰাহুল গান্ধীৰ সৈতে হাটলী মধৰ পৰা চন্দাৱালৰ মাজত ১৩ কিলোমিটাৰ পদযাত্ৰা কৰিছিল। সঞ্জয় ৰাউতে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছক লৈ ভুল ধাৰণা বিয়পাইছে। অৱশ্যে ৰাহুল গান্ধীৰ এই ভ্ৰমণে তেওঁক লৈ সৃষ্টি হোৱা সকলো ভুল ধাৰণা ভাঙি পেলাব।

ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নেকি? এই প্ৰশ্নৰ উত্তৰত সঞ্জয় ৰাউতে কয় ''হয়...কিয় নহয়। ৰাহুল গান্ধীয়ে নিজেই প্ৰধানমন্ত্ৰী হ’বলৈ অস্বীকাৰ কৰি কয় যে মোৰ তেনে কোনো ইচ্ছা নাই।'' ৰাউতে কয় যে যদি মানুহে তেওঁক এই পদত চাব বিচাৰে তেন্তে ৰাহুলৰ হাতত আন কোনো বিকল্প নাথাকিব।

ৰাহুল গান্ধীৰ যাত্ৰাৰ বৰ্ণনা কৰি তেওঁ কয় যে সকলো মানুহেই ৩৫০০ কিলোমিটাৰ খোজ কাঢ়িব নোৱাৰে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়ি যাবলৈ ৰাইজৰ নিষ্ঠা আৰু মৰমৰ প্ৰয়োজন। তেওঁৰ এই ভ্ৰমণত কোনো ৰাজনীতি দেখা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য