--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ এক ডাঙৰ বক্তব্য দি কয় যে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা আছে ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান কৰাৰ পিছত সঞ্জয় ৰাউতে লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁটৰ কথা কওঁতে কয় যে দেশৰ আটাইতকৈ পুৰণি দলটো অবিহনে কোনো তৃতীয় ফ্ৰণ্ট সফল হ’ব নোৱাৰে।

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ উদ্দেশ্য দলৰ বেনাৰত বিৰোধী দলসমূহক একত্ৰিত কৰা নহয়, ভয় আৰু ঘৃণা দূৰ কৰাহে বুলি কয় সঞ্জয় ৰাউতে।

সঞ্জয় ৰাউতে কয়, ‘মতাদৰ্শগত আৰু ৰাজনৈতিক মতানৈক্য একাষৰীয়া কৰি ৰাহুল গান্ধীয়ে নেতৃত্বৰ দক্ষতা দেখুৱাব। আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিব আৰু অনবদ্য প্ৰদৰ্শন কৰিব।

সঞ্জয় ৰাউতে বৰষুণতো ৰাহুল গান্ধীৰ সৈতে হাটলী মধৰ পৰা চন্দাৱালৰ মাজত ১৩ কিলোমিটাৰ পদযাত্ৰা কৰিছিল। সঞ্জয় ৰাউতে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছক লৈ ভুল ধাৰণা বিয়পাইছে। অৱশ্যে ৰাহুল গান্ধীৰ এই ভ্ৰমণে তেওঁক লৈ সৃষ্টি হোৱা সকলো ভুল ধাৰণা ভাঙি পেলাব।

ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নেকি? এই প্ৰশ্নৰ উত্তৰত সঞ্জয় ৰাউতে কয় ''হয়...কিয় নহয়। ৰাহুল গান্ধীয়ে নিজেই প্ৰধানমন্ত্ৰী হ’বলৈ অস্বীকাৰ কৰি কয় যে মোৰ তেনে কোনো ইচ্ছা নাই।'' ৰাউতে কয় যে যদি মানুহে তেওঁক এই পদত চাব বিচাৰে তেন্তে ৰাহুলৰ হাতত আন কোনো বিকল্প নাথাকিব।

ৰাহুল গান্ধীৰ যাত্ৰাৰ বৰ্ণনা কৰি তেওঁ কয় যে সকলো মানুহেই ৩৫০০ কিলোমিটাৰ খোজ কাঢ়িব নোৱাৰে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়ি যাবলৈ ৰাইজৰ নিষ্ঠা আৰু মৰমৰ প্ৰয়োজন। তেওঁৰ এই ভ্ৰমণত কোনো ৰাজনীতি দেখা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক