--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰৰ বহু প্ৰত্যাশিত ছবি এনিমেলে ছবিগৃহত ঢৌ তুলিছে। ১ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে প্ৰথম দিনাৰ পৰাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ৰণবীৰৰ লগতে ছবিখনত ববী দেউলৰ বলিষ্ঠ অভিনয়ক অতিশয় শলাগ লোৱা হৈছে।

ছবিখনে লাভ কৰা মৰম দেখি ববি দেউল বৰ আৱেগিক হৈ পৰিল আৰু কান্দিবলৈ ধৰে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত ববি দেউলে পাপাৰাজীৰ সন্মুখত হাত যোৰ কৰি সকলো অনুৰাগীক ধন্যবাদ জনাইছে; ইয়াৰ পাছত নিজৰ গাড়ীত বহিবলৈ লওঁতে তেওঁ আৱেগিক হৈ কান্দি উঠে।

তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ ওপৰত ইটোৰ পাছত সিটো মন্তব্য দেখা গৈছে। এনিমেলত তেওঁৰ উৎকৃষ্ট অভিনয়ৰ বাবে অনুৰাগীয়ে ববীক স্নেহেৰে ওপচাই দিছে।ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ দিনটোত বিশ্বজুৰি ১১৬ কোটি টকা উপাৰ্জন কৰি বক্স অফিচত খলকনি তুলিছে। ঘৰুৱা বক্স অফিচত ছবিখনে প্ৰথম দিনাই ৬৩.৮ কোটি আৰু দ্বিতীয় দিনা ৬৬ কোটি টকা উপাৰ্জন কৰিছিল। এই দুদিনত এনিমেলৰ মুঠ সংগ্ৰহ হৈছে ১২৯.৮০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান