--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০১ চনত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘লোগান’-এ। আমিৰ খান অভিনীত ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰে। বলিউডৰ সূত্ৰ অনুসৰি, আমিৰ নহয়, শ্বাহৰুখ খানহে ছবি নিৰ্মাতাসকলৰ প্ৰথম পছন্দ আছিল ‘লোগান’ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে! শ্বাহৰুখে ‘লোগান’ ছবিখনত অভিনয় কৰিবলৈও ইচ্ছুক আছিল। কিন্তু সময় উলিয়াব নোৱাৰিলে। সেয়ে তেওঁ ‘লোগান’ ছবিখনত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰিলে। পিছত আমিৰক অভিনয়ৰ প্ৰস্তাৱ দিয়াত তেওঁ মান্তি হ’ল।
 
এনেদৰে কেইবাখনো ছৱিত শ্বাহৰুখ খানে অভিনয় কৰাৰ কথা আছিল অথবা নাকচ কৰিছিল। এই ছৱিসমূহ পাছলৈ বলিউডৰ অন্যতম জনপ্ৰিয় ছৱি হিচাপে বিবেচিত হৈছিল। চাও আহক তেনে কেইখনমান ছৱিৰ বিষয়ে।

২০০৩ চনত ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত ছবিগৃহত মুক্তি লাভ কৰিছিল মুন্নাভাই এম বি বি এছ। এই ছবিখনত মুন্নাভাই-চাৰ্কিট যুটিত অভিনয় কৰি সঞ্জয় দত্ত আৰু আৰ্শদ ৱাৰ্ছীয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। ৰাজকুমাৰে প্ৰথমে শ্বাহৰুখক ‘মুন্নাভাই এম বি বি এছ’ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ অফাৰ দিছিল। কিন্তু সেই সময়ত শ্বাহৰুখৰ অস্ত্ৰোপচাৰ হ’বলৈ ওলাইছিল। গতিকে শ্বাহৰুখে ৰাজকুমাৰৰ প্ৰস্তাৱ নাকচ কৰিলে। পিছত সঞ্জয়ক অভিনয়ৰ প্ৰস্তাৱ দিয়াত তেওঁ অভিনয় কৰিবলৈ সন্মত হয়।

২০০৬ চনত ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ পৰিচালিত ‘ৰং দে বসন্তী’ ছবিগৃহত মুক্তি লাভ কৰে। আমিৰৰ লগতে ছবিখনত অভিনয় কৰিছে শৰ্মান যোশী, আৰ মাধৱন, কুনাল কাপুৰ, সোহা আলী খান, সিদ্ধাৰ্থ, অতুল কুলকাৰ্ণী আৰু ৱাহিদা ৰহমানে। তাৰকাৰে ভৰা এই ছবিখনত শ্বাহৰুখেও অভিনয় কৰাৰ কথা আছিল। সূত্ৰৰ মতে, ছবি নিৰ্মাতাসকলে শ্বাহৰুখৰ কাষ চাপে ‘ৰং দে বসন্তী’ ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ। কিন্তু শ্বাহৰুখে সেই ভূমিকাত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰে। পিছলৈ মাধৱনে সেই চৰিত্ৰত অভিনয় কৰা দেখা গ’ল।

২০০৯ চনত মুক্তি পোৱা ৰাজকুমাৰ হিৰানীৰ ছবি ‘থ্ৰী ইডিয়টছ’ই আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছিল। আমিৰ—আৰ মাধৱন, শৰ্মান যোশী, কৰীনা কাপুৰ খান, বোমন ইৰাণী, ওমি বৈদ্য আৰু মোনা সিঙে নিজৰ ভূমিকা নিপুণভাৱে পালন কৰে। সূত্ৰ অনুসৰি ৰাজকুমাৰে শ্বাহৰুখক ‘থ্ৰী ইডিয়টছ’ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ অফাৰ দিছিল। কিন্তু শ্বাহৰুখে এই প্ৰস্তাৱ নাকচ কৰে। পিছত আমিৰক শ্বাহৰুখে ঘূৰাই দিয়া চৰিত্ৰটোৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।

আশুতোষ গোৱাৰিকাৰৰ পৰিচালনাত নিৰ্মিত ‘যোধা আকবৰ’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০০৮ চনত। এই ঐতিহাসিক ছবিখনত শ্বাহৰুখক সম্ৰাট আকবৰৰ চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু শ্বাহৰুখে তেনে ভূমিকা পালন কৰিব বিচৰা নাছিল। পিছলৈ হৃতিক ৰোশনে সেই চৰিত্ৰত অভিনয় কৰা দেখা গ’ল।
.
২০০৯ চনত ডেনি বয়েলৰ পৰিচালিত স্লামডগ মিলিয়নেয়াৰত দেৱ পেটেল, ফ্ৰেইডা পিণ্টো আৰু মধুৰ মিট্টলে অভিনয় কৰিছিল। ‘স্লামডগ মিলিয়নাৰ’ ছবিখনত অনিল কাপুৰে ৰিয়েলিটি শ্ব’ৰ আয়োজকৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। এই চৰিত্ৰৰ বাবে ছবি নিৰ্মাতাসকলে প্ৰথমে শ্বাহৰুখক পছন্দ কৰিছিল। কিন্তু তেওঁ সহায়ক ভূমিকাত অভিনয় কৰিবলৈ ইচ্ছুক নাছিল। গতিকে অভিনেতাজনে অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিলে।

২০১০ চনত এছ শংকৰৰ পৰিচালনাত ৰজনীকান্ত অভিনীত ‘ৰবট’ ছবিখন ছবিগৃহত মুক্তি লাভ কৰে যদিও ছবি নিৰ্মাতাসকলে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ প্ৰথম প্ৰস্তাৱ শ্বাহৰুখৰ ওচৰলৈ লৈ যায়। শ্বাহৰুখে এই প্ৰস্তাৱ নাকচ কৰাৰ সময়ত দক্ষিণৰ অভিনেতা ৰজনীকান্তক প্ৰস্তাৱ দিয়া হৈছিল।

২০০০ চনত ৰাকেশ ৰোশনে পৰিচালনা কৰিছিল ‘কহো না... প্যাৰ হায়’। ৰাকেশ-পুত্ৰ হৃতিক ৰোশনে এই ছবিৰ জৰিয়তে বলীউডত অভিষেক ঘটায়। সূত্ৰ অনুসৰি ৰাকেশে প্ৰথমে শ্বাহৰুখক বাছি লৈছিল ‘কাহো না... প্যাৰ হায়’ ছবিত অভিনয় কৰিবলৈ। কিন্তু হৃতিকে দেউতাকক কৈছিল যে তেওঁ বলীউডত কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে। গতিকে শ্বাহৰুখৰ সলনি ৰাকেশে পুত্ৰক সেই ছবিখনত অভিনয় কৰাৰ সুযোগ দিলে।

২০১২ চনত কবীৰ খানে ছবিগৃহত মুক্তি লাভ কৰা ‘এক থা টাইগাৰ’ পৰিচালনা কৰিছিল। এই ছবিখনত প্ৰথমে শ্বাহৰুখক মুখ্য চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। সূত্ৰ অনুসৰি শ্বাহৰুখে টাইগাৰৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰাৰ সময়তে ছলমান খানক লগ পাইছিল ছবি নিৰ্মাতাসকলে। পিছত ছলমানে টাইগাৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে