--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলোপ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাশ্মীৰৰ দুৰ্দিনৰ বাবে বহুতে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুকে দোষাৰোপ কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত ৰাজনৈতিক মত পাৰ্থক্য থাকিলেও নেচনেল কনফাৰেন্সৰ মুৰব্বী তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই নেহৰুৰ পক্ষ লৈ ভালে কেইটা নতুন দিশ উন্মোচিত কৰিছে।  অনুচ্ছেদ ৩৭০ বাতিলৰ বিষয়ত  উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে জম্মু-কাশ্মীৰ "নৰকলৈ যাব "


তেওঁ কয় "জম্মু আৰু কাশ্মীৰক নৰকত পতিত হ’বলৈ দিয়ক... যিসকলে মানুহৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল তেওঁলোকে মানুহৰ হৃদয় জয় কৰিব বিচাৰিছে। আপুনি কেনেকৈ জিকিব ,  যদি আপুনি মানুহক দূৰলৈ ঠেলি দিবলৈয়েই এনে কাম কৰে?" 
জম্মু-কাশ্মীৰত দশকজুৰি সংঘটিত হিংসা আৰু অস্থিৰতাৰ বাবে বিজেপিয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুক  দোষাৰোপ কৰাৰ বিষয়টোতে আপত্তি দৰ্শায় আব্দুল্লাই।   কাশ্মীৰৰ প্ৰাক্তন  মুখ্যমন্ত্ৰী আব্দুল্লাই  দাবী কৰে যে যেতিয়া অনুচ্ছেদ  ৩৭০ ৰ বিশেষ ব্যৱস্থা অনা হৈছিল, তেতিয়া নেহৰু ভাৰতত নাছিল। তেওঁ সেই সময়ত  আমেৰিকাত আছিল।জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে  দাবী কৰে  যে তেতিয়াৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল কৰাত আগভাগ লৈছিল।

আব্দুল্লাই কয় "মই নাজানো তেওঁলোকে (বিজেপি) পণ্ডিত জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে কিয় ইমান বিষ ঢালি আছে।অনুচ্ছেদ ৩৭০-ৰ অধীনত কাশ্মীৰক  বিশেষ মৰ্যাদা প্ৰদান কৰাৰ বাবে  নেহৰু  দায়বদ্ধ নহয় । যেতিয়া এই অনুচ্ছেদ (৩৭০) অনা হৈছিল, চৰ্দাৰ পেটেল সংসদত আছিল আৰু পণ্ডিত নেহৰু আমেৰিকাত আছিল। যেতিয়া কেবিনেট বৈঠক (বিশেষ সাংবিধানিক ব্যৱস্থা জাৰি কৰাৰ বিষয়ত) অনুষ্ঠিত হৈছিল, শ্যামা প্ৰসাদ মুখাৰ্জীও তাত আছিল।  সেই বৈঠকতে৩৭০ অনুচ্ছেদৰ  সিদ্ধান্তটো লোৱা হৈছিল," ।

আব্দুল্লাই কয়  যে তেওঁ আশাবাদী যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক জম্মু আৰু কাশ্মীৰত তাৎক্ষণিকভাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিব।উল্লেখ্য  ন্যায়ালয়ে সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দানত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্ত বাহাল  ৰখাৰ  পিছতে আব্দুল্লাই এনেদৰে মন্তব্য কৰে। ন্যায়ালয়ে  জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ আৰু ৰাজ্য খনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অহা বছৰৰ ছেপ্টেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

উল্লেখ্য  যোৱা সপ্তাহত লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে নেহৰুৱে দুটা ডাঙৰ ভুল কৰিছিল যাৰ বাবে কাশ্মীৰে বহু বছৰ ধৰি ভুগিব লগা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে