--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলোপ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাশ্মীৰৰ দুৰ্দিনৰ বাবে বহুতে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুকে দোষাৰোপ কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত ৰাজনৈতিক মত পাৰ্থক্য থাকিলেও নেচনেল কনফাৰেন্সৰ মুৰব্বী তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই নেহৰুৰ পক্ষ লৈ ভালে কেইটা নতুন দিশ উন্মোচিত কৰিছে।  অনুচ্ছেদ ৩৭০ বাতিলৰ বিষয়ত  উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে জম্মু-কাশ্মীৰ "নৰকলৈ যাব "


তেওঁ কয় "জম্মু আৰু কাশ্মীৰক নৰকত পতিত হ’বলৈ দিয়ক... যিসকলে মানুহৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল তেওঁলোকে মানুহৰ হৃদয় জয় কৰিব বিচাৰিছে। আপুনি কেনেকৈ জিকিব ,  যদি আপুনি মানুহক দূৰলৈ ঠেলি দিবলৈয়েই এনে কাম কৰে?" 
জম্মু-কাশ্মীৰত দশকজুৰি সংঘটিত হিংসা আৰু অস্থিৰতাৰ বাবে বিজেপিয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুক  দোষাৰোপ কৰাৰ বিষয়টোতে আপত্তি দৰ্শায় আব্দুল্লাই।   কাশ্মীৰৰ প্ৰাক্তন  মুখ্যমন্ত্ৰী আব্দুল্লাই  দাবী কৰে যে যেতিয়া অনুচ্ছেদ  ৩৭০ ৰ বিশেষ ব্যৱস্থা অনা হৈছিল, তেতিয়া নেহৰু ভাৰতত নাছিল। তেওঁ সেই সময়ত  আমেৰিকাত আছিল।জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে  দাবী কৰে  যে তেতিয়াৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল কৰাত আগভাগ লৈছিল।

আব্দুল্লাই কয় "মই নাজানো তেওঁলোকে (বিজেপি) পণ্ডিত জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে কিয় ইমান বিষ ঢালি আছে।অনুচ্ছেদ ৩৭০-ৰ অধীনত কাশ্মীৰক  বিশেষ মৰ্যাদা প্ৰদান কৰাৰ বাবে  নেহৰু  দায়বদ্ধ নহয় । যেতিয়া এই অনুচ্ছেদ (৩৭০) অনা হৈছিল, চৰ্দাৰ পেটেল সংসদত আছিল আৰু পণ্ডিত নেহৰু আমেৰিকাত আছিল। যেতিয়া কেবিনেট বৈঠক (বিশেষ সাংবিধানিক ব্যৱস্থা জাৰি কৰাৰ বিষয়ত) অনুষ্ঠিত হৈছিল, শ্যামা প্ৰসাদ মুখাৰ্জীও তাত আছিল।  সেই বৈঠকতে৩৭০ অনুচ্ছেদৰ  সিদ্ধান্তটো লোৱা হৈছিল," ।

আব্দুল্লাই কয়  যে তেওঁ আশাবাদী যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক জম্মু আৰু কাশ্মীৰত তাৎক্ষণিকভাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিব।উল্লেখ্য  ন্যায়ালয়ে সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দানত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্ত বাহাল  ৰখাৰ  পিছতে আব্দুল্লাই এনেদৰে মন্তব্য কৰে। ন্যায়ালয়ে  জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ আৰু ৰাজ্য খনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অহা বছৰৰ ছেপ্টেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

উল্লেখ্য  যোৱা সপ্তাহত লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে নেহৰুৱে দুটা ডাঙৰ ভুল কৰিছিল যাৰ বাবে কাশ্মীৰে বহু বছৰ ধৰি ভুগিব লগা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক