--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই সংসদত তাণ্ডৱৰ সৃষ্টি কৰা সকলৰ চাৰিজনক আইবিয়ে চিনাক্ত কৰি আটক কৰিছে। সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।  

তেওঁলোকৰ হাতত  আছিল  গেছ স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছ প্ৰয়োগো কৰে। তেওঁলোকৰ হাতত কি গেছ আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে চাৰি জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ দুজন হৈছে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। এই দুজনে  সংসদ ভৱনত  প্ৰৱেশ কৰিছিল। সাগৰ মাইচুৰুৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। মনোৰঞ্জন মাইচুৰৰ বাসিন্দা। বুধবাৰে সাংসদ খগেন মুৰ্মুৰ ভাষণৰ সময়তে দুয়োজন ব্যক্তিয়ে লোকসভাত হুলস্থূলৰ সৃষ্টি কৰে।  আক্ৰমণৰ সময়ত আন দুজন সংসদৰ বাহিৰত ৰৈ  আছিল। তেওঁলোকক আইবিয়ে আটক কৰিছে।সূত্ৰ অনুসৰি, বাহিৰত ৰৈ   থকা দুজনৰ ভিতৰত এগৰাকী মহিলা। মহিলাগৰাকীক হাৰিয়ানাৰ বাসিন্দা নীলম সিং বুলি চিনাক্ত কৰা হৈছে। আনজন মহাৰাষ্ট্ৰৰ অমল শিন্দে। আৰু জুজন অভিযুক্তৰ এতিয়া সন্ধান চলিছে। 

সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই পুনৰ অঘটন।  সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।  

তেওঁলোকৰ হাতত  আছিল  গেছ স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছ প্ৰয়োগো কৰে। তেওঁলোকৰ হাতত কি গেছ আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে চাৰি জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ দুজন হৈছে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। এই দুজনে  সংসদ ভৱনত  প্ৰৱেশ কৰিছিল। সাগৰ মাইচুৰুৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। মনোৰঞ্জন মাইচুৰৰ বাসিন্দা। বুধবাৰে সাংসদ খগেন মুৰ্মুৰ ভাষণৰ সময়তে দুয়োজন ব্যক্তিয়ে লোকসভাত হুলস্থূলৰ সৃষ্টি কৰে।  আক্ৰমণৰ সময়ত আন দুজন সংসদৰ বাহিৰত ৰৈ  আছিল। তেওঁলোকক আইবিয়ে আটক কৰিছে।সূত্ৰ অনুসৰি, বাহিৰত ৰৈ   থকা দুজনৰ ভিতৰত এগৰাকী মহিলা। মহিলাগৰাকীক হাৰিয়ানাৰ বাসিন্দা নীলম সিং বুলি চিনাক্ত কৰা হৈছে। আনজন মহাৰাষ্ট্ৰৰ অমল শিন্দে। আৰু জুজন অভিযুক্তৰ এতিয়া সন্ধান চলিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement