ডিজিটেল ডেস্কঃ সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই সংসদত তাণ্ডৱৰ সৃষ্টি কৰা সকলৰ চাৰিজনক আইবিয়ে চিনাক্ত কৰি আটক কৰিছে। সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।
তেওঁলোকৰ হাতত আছিল গেছ স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছ প্ৰয়োগো কৰে। তেওঁলোকৰ হাতত কি গেছ আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে চাৰি জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ দুজন হৈছে সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি। এই দুজনে সংসদ ভৱনত প্ৰৱেশ কৰিছিল। সাগৰ মাইচুৰুৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। মনোৰঞ্জন মাইচুৰৰ বাসিন্দা। বুধবাৰে সাংসদ খগেন মুৰ্মুৰ ভাষণৰ সময়তে দুয়োজন ব্যক্তিয়ে লোকসভাত হুলস্থূলৰ সৃষ্টি কৰে। আক্ৰমণৰ সময়ত আন দুজন সংসদৰ বাহিৰত ৰৈ আছিল। তেওঁলোকক আইবিয়ে আটক কৰিছে।সূত্ৰ অনুসৰি, বাহিৰত ৰৈ থকা দুজনৰ ভিতৰত এগৰাকী মহিলা। মহিলাগৰাকীক হাৰিয়ানাৰ বাসিন্দা নীলম সিং বুলি চিনাক্ত কৰা হৈছে। আনজন মহাৰাষ্ট্ৰৰ অমল শিন্দে। আৰু জুজন অভিযুক্তৰ এতিয়া সন্ধান চলিছে।
সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই পুনৰ অঘটন। সংসদৰ শীতকালীন অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।