--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশলৈ অবৈধ প্ৰব্ৰজন ৰোধৰ দাবী দীৰ্ঘদিনীয়া। প্ৰব্ৰজন ৰোধ কৰাৰ ৰাজনৈতিক প্ৰতিশ্ৰুতিয়েও অতিক্ৰম কৰিছে দীঘলীয়া পৰিক্ৰমা। কিন্তু প্ৰব্ৰজন ৰোধ সম্ভৱ হৈ উঠা নাই আজিকোপতি। বিশেষকৈ অসমকে ধৰি উত্তৰ পূবলৈ চুবুৰীয়া বাংলাদেশৰ পৰা নিৰন্তৰ গতিত চলি আছে অবৈধ প্ৰব্ৰজন। সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি নিত্য নতুন কৌশল উদ্ভাৱন আৰু নানা কাৰচাজিৰে ভাৰতলৈ প্ৰেৰণ কৰি থকা হৈছে বাংলাদেশীক। যিসকলে দেশত সৃষ্টি কৰিছে এটা সমাধানহীন সংকটৰ। কেৱল এয়াই নহয়, অবৈধ গোধন সৰবৰাহৰ গতিও ৰুদ্ধ হোৱা নাই। এইবাৰ এই সম্পৰ্কে তথ্য দাঙি ধৰিছে স্বয়ং বিএছএফ-এ। সীমান্তৰ সুৰক্ষাত নিয়োজিত সংস্থাটোৱে প্ৰকাশ কৰিছে যে, যোৱা এটা বছৰতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৩০০০বাংলাদেশী লোকক সীমা সুৰক্ষা বাহিনী অৰ্থাত বিএছএফ-এ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি পশুৰ অবৈধ সৰবৰাহতো কিছু গতিৰোধক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত এইবাৰ অক্টোবৰ মাহলৈ ভাৰতৰ পৰা পশুৰ অবৈধ সৰবৰাহ ৮০হাজাৰলৈ হ্ৰাস পাইছে। অথচ পূৰ্বৰ দুই-তিনিটা বছৰত এই সংখ্যা ১.৭লাখ আছিল। বিএছএফৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সংবাদমেল সংম্বোধন কৰি এই তথ্য সদৰি কৰিছে বিএছএফৰ সঞ্চালক প্ৰধান পংকজ কুমাৰ সিঙে। সিঙে কয়, বিএছএফে এতিয়া ১৯৩ বেটেলিয়নৰ সৈতে দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত হৈ আছে। ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা আছে বিএছএফৰ হাতত। বাংলাদেশৰ সীমান্তৰ সৈতে ভাৰতৰ ৪১০০কিলোমিটাৰ ভূমি আৰু ৯৩০কিলোমিটাৰ নদী সীমা ক্ষেত্ৰ সংযোজিত হৈ আছে। ম্যানমাৰৰ সীমান্তত বিএছএফ কৰ্তব্যৰত হৈ থকা নাই যদিও বিএছএফৰ চোৰাংচোৱাই সেই সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ঘটোৱা ৰহিঙীয়া মুছলমান আৰু সীমান্তৰে সৰবৰাহ হোৱা অবৈধ অস্ত্ৰৰ ওপৰত চোকা নজৰ দি আছে।


কেৱল এয়াই নহয়, বাংলাদেশ সীমান্তৰে দেশলৈ ‘য়াবা’ ড্ৰাগছৰ সৰবৰাহ হৈ থকা বিষয়টোও সদৰি কৰে বিএছএফৰ মুৰব্বী সিঙে। এই ক্ষেত্ৰতো বিএছএফৰ ততপৰতাৰ কথা তেওঁ প্ৰকাশ কৰে। যোৱা বছৰ এই নিষিদ্ধ নিচাজাতীয় টেবলেট ৬লাখ সীমান্তৰে সৰবৰাহ হৈছিল যদিও এইবছৰ সেয়া ২.৫লাখলৈ হ্ৰাস হৈছে বুলি তেওঁ প্ৰকাশ কৰে। কিন্তু এই কাৰ্যক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে। কেৱল পশুধনৰ অবৈধ সৰবৰাহ বা অবৈধ অনুপ্ৰৱেশেই নহয়, জালনোট, নিষিদ্ধ ড্ৰাগছৰ বেহা চলাৰ অন্যতম গুৰুত্বপূৰ্ণ পথ হৈ পৰা ভাৰত-বাংলাদেশ সীমান্তৰ এই উদ্বেগজনক ছবিখন কেতিয়ালৈ সলনি হ’ব সেয়া সময়েহে ক’ব। কিন্তু এই তথ্যসমূহে ভালেমান কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে।

তাৰ ভিতৰত মূল কথাটো হৈচে যে, চৰকাৰে যিমানে অবৈধ অনুপ্ৰৱেশ ৰোধৰ দাবী নকৰক কিয়, অবৈধ অনুপ্ৰৱেশ ঘটি থকাটো এতিয়া স্পষ্ট হৈ পৰিছে। এবছৰৰো কম সময়তে তিনি হাজাৰ অনপ্ৰৱেশকাৰী ধৰা পৰাটো নিশ্চয় সাধাৰণ কথা নহয়। হয়তো তাতকৈ আৰু বহু বেছিসংখ্যক অনু্প্ৰৱেশকাৰী ধৰা নপৰাকৈ ৰৈ গৈছে আৰু তেওঁলোকে সুকলমে ভাৰতত প্ৰৱেশ কৰিছে। এই আশংকা মুঠেও অমূলক নহয়। বিএছএফ-এ সদৰি কৰা তথ্যই ভাৰতৰ সীমান্তঞ্চলৰ প্ৰকৃত ছবিখন প্ৰকট কৰি তোলাৰ লগতে ভাৰতৰ অবৈধ অনুপ্ৰৱেশৰ সমস্যাটো যে নিয়ন্ত্ৰণলৈ অহা নাই সেইকথা স্পষ্ট কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ