--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুনেত কণ্ঠশিল্পী এ আৰ ৰহমানে লাইভ অনুষ্ঠান পৰিৱেশন কৰে, তেতিয়াই সভাস্থলীত উপস্থিত হয় আৰক্ষী।সংগীতানুষ্ঠান চলি থকাৰ মাজতে আৰক্ষীয়ে মঞ্চত উঠি শ্ব’টো বন্ধ কৰিবলৈ দাবী জনায় আৰু এই ভিডিঅ’ টুইটাৰত শ্বেয়াৰ হোৱাৰ পিছত ভাইৰেল হৈছে। ঘটনাৰ পিছতে পুনে আৰক্ষীয়ে স্পষ্টীকৰণ জাৰি কৰি কয় যে গায়ক-সংগীত সুৰকাৰগৰাকীয়ে নিশা ১০ বজাৰ সময়সীমা অতিক্ৰম কৰা বাবেহে এই অনুষ্ঠানত আৰক্ষী উপস্থিত হয়৷

খবৰ অনুসৰি এ আৰ ৰহমানক তেওঁৰ হিট ট্ৰেক চাইয়া চাইয়া পৰিবেশন কৰি থকাৰ সময়তে ৰখাই দিয়া হৈছিল। অৱশ্যে নিশা ১০ বজাৰ পিছত তেওঁ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে তেওঁক তেওঁৰ অনুষ্ঠানটো বন্ধ কৰিবলৈ কোৱা হৈছিল বুলি কৰ্তৃপক্ষই জনায়।

পুনে আৰক্ষীৰ ডিচিপি জ’ন ২ স্মাৰ্টনা পাটিলে কয়, “ৰহমানে তেওঁৰ শেষ গীতটো গাই আছিল, আৰু গান গাই থাকোঁতে তেওঁ গম পোৱা নাছিল যে ইতিমধ্যে নিশা ১০ বাজি গৈছে, গতিকে সভাস্থলীত থকা আমাৰ আৰক্ষী বিষয়াজনে গৈ তেওঁক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মানি চলিবলগীয়া সময়সীমা অতিক্ৰম কৰা বাবে তেওঁ গান গোৱা বন্ধ কৰি দিয়ে৷"৷

সোমবাৰে এ আৰ ৰহমানে পুনে কনচাৰ্টৰ ছবি টুইট কৰি অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ অতি সোনকালে ঘূৰি আহিব বুলি উল্লেখ কৰে। 

শেহতীয়াকৈ এ আৰ ৰহমানে চেন্নাইত অনুষ্ঠিত এক অনুষ্ঠানত পত্নী ছাইৰা বানুক হিন্দী ভাষাত কথা নক’বলৈ, তামিল ভাষাত কথা ক’বলৈ কোৱাৰ ভিডিঅ’ৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছিল।

এ আৰ ৰহমানৰ শেহতীয়া ৰচনাসমূহৰ ভিতৰত আছে মণি ৰত্নমৰ পনিয়িন চেলভান: পাৰ্ট ২।তেওঁ ছবিখনৰ সংগীত ৰচনা কৰিছিল আৰু অভিনেতা ঐশ্বৰ্য ৰায়কে ধৰি অভিনেতা-অভিনেত্ৰীৰ সৈতে সক্ৰিয়ভাৱে প্ৰচাৰ কৰা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?