--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুনেত কণ্ঠশিল্পী এ আৰ ৰহমানে লাইভ অনুষ্ঠান পৰিৱেশন কৰে, তেতিয়াই সভাস্থলীত উপস্থিত হয় আৰক্ষী।সংগীতানুষ্ঠান চলি থকাৰ মাজতে আৰক্ষীয়ে মঞ্চত উঠি শ্ব’টো বন্ধ কৰিবলৈ দাবী জনায় আৰু এই ভিডিঅ’ টুইটাৰত শ্বেয়াৰ হোৱাৰ পিছত ভাইৰেল হৈছে। ঘটনাৰ পিছতে পুনে আৰক্ষীয়ে স্পষ্টীকৰণ জাৰি কৰি কয় যে গায়ক-সংগীত সুৰকাৰগৰাকীয়ে নিশা ১০ বজাৰ সময়সীমা অতিক্ৰম কৰা বাবেহে এই অনুষ্ঠানত আৰক্ষী উপস্থিত হয়৷

খবৰ অনুসৰি এ আৰ ৰহমানক তেওঁৰ হিট ট্ৰেক চাইয়া চাইয়া পৰিবেশন কৰি থকাৰ সময়তে ৰখাই দিয়া হৈছিল। অৱশ্যে নিশা ১০ বজাৰ পিছত তেওঁ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে তেওঁক তেওঁৰ অনুষ্ঠানটো বন্ধ কৰিবলৈ কোৱা হৈছিল বুলি কৰ্তৃপক্ষই জনায়।

পুনে আৰক্ষীৰ ডিচিপি জ’ন ২ স্মাৰ্টনা পাটিলে কয়, “ৰহমানে তেওঁৰ শেষ গীতটো গাই আছিল, আৰু গান গাই থাকোঁতে তেওঁ গম পোৱা নাছিল যে ইতিমধ্যে নিশা ১০ বাজি গৈছে, গতিকে সভাস্থলীত থকা আমাৰ আৰক্ষী বিষয়াজনে গৈ তেওঁক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মানি চলিবলগীয়া সময়সীমা অতিক্ৰম কৰা বাবে তেওঁ গান গোৱা বন্ধ কৰি দিয়ে৷"৷

সোমবাৰে এ আৰ ৰহমানে পুনে কনচাৰ্টৰ ছবি টুইট কৰি অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ অতি সোনকালে ঘূৰি আহিব বুলি উল্লেখ কৰে। 

শেহতীয়াকৈ এ আৰ ৰহমানে চেন্নাইত অনুষ্ঠিত এক অনুষ্ঠানত পত্নী ছাইৰা বানুক হিন্দী ভাষাত কথা নক’বলৈ, তামিল ভাষাত কথা ক’বলৈ কোৱাৰ ভিডিঅ’ৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছিল।

এ আৰ ৰহমানৰ শেহতীয়া ৰচনাসমূহৰ ভিতৰত আছে মণি ৰত্নমৰ পনিয়িন চেলভান: পাৰ্ট ২।তেওঁ ছবিখনৰ সংগীত ৰচনা কৰিছিল আৰু অভিনেতা ঐশ্বৰ্য ৰায়কে ধৰি অভিনেতা-অভিনেত্ৰীৰ সৈতে সক্ৰিয়ভাৱে প্ৰচাৰ কৰা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ