--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ সতনাৰ চিত্ৰকুটত দীপাৱলীৰ দ্বিতীয় দিনা গাধ মেলা অনুষ্ঠিত কৰা হয়। ছলমান আৰু শ্বাহৰুখক নাম দি দুটা গাধ বিক্ৰী হৈছিল মেলাখনত আটাইতকৈ দামী গাধৰ নাম কোৱা হৈছিল ছলমান, যাৰ বাবে মালিকে লাভ কৰিছিল এক লাখ টকা। আৰু দ্বিতীয় অৰ্থাৎ ৯০ হাজাৰ টকাত হাজাৰ টকাত বিক্ৰী কৰা গাধটোৰ নাম আছিল শ্বাহৰুখ। বাকী গাধ কেইটা ৩০ হাজাৰৰ পৰা ৬০ হাজাৰ টকাৰ ভিতৰত বিক্ৰী হৈছে।

এই মেলাৰ বিশেষত্ব এটাই আছিল যে মেলাখন মোগল শাসক ঔৰংজেবে আৰম্ভ কৰিছিল। সতনা জিলাৰ চিত্ৰকুট নগৰ পঞ্চায়তত আয়োজন কৰা হৈছে এই মেলা। এইবাৰ কেৱল মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰেই নহয় বিহাৰ, ছত্তীশগড় আদি ৰাজ্যৰ ব্যৱসায়ীসকলেও এই মেলাত উপস্থিত হৈছিল। পাঁচ হাজাৰৰো অধিক গাধ বিক্ৰী কৰিবলৈ বিভিন্ন ব্যৱসায়ী আহিছিল মেলালৈ। আমোদজনক কথাটো হ’ল গাধ কিনা-বেচা কৰাসকলতকৈ এই মেলা চোৱা মানুহৰ ভিৰ বেছি।

মোগল সেনাবাহিনীত গাধ-খচ্চৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। চিত্ৰকুটৰ মেলাৰ পৰা ঔৰংগজেবে নিজৰ সৈন্যবাহিনীৰ বাবে গাধ-খচ্চৰ আনিছিল। ইয়াৰ ফলত ইয়াৰ গুৰুত্ব বৃদ্ধি পায়। বহু ব্যৱসায়ীয়ে বৰ্তমান তেওঁলোকৰ গাধৰ নাম চিনেমা তাৰকাৰ নামেৰে ৰাখে আৰু এই পৰিচয়ে আমৰ পৰা ইহঁতক বিশেষ কৰি তোলে। উন্নত মানৰ গাধ আৰু খচ্চৰ এই মেলাত বিক্ৰীৰ বাবে আহে।

গাধ মেলাত গাধ বিক্ৰী কৰিবলৈ প্ৰৱেশ মাচুল দিব লাগে। চিত্ৰকুট নগৰ পঞ্চায়তে প্ৰতিটো গাধৰ বাবে ৩০০ টকাকৈ প্ৰৱেশ মাচুল লয়।  ইয়াৰ পাছত গাধৰ বাবে দৰদাম কৰা হয় আৰু গাধৰ জাত আৰু স্বাস্থ্য চাই দাম নিৰ্ণয় কৰা হয়। এই মেলাত প্ৰতি বছৰে গড়ে তিনিৰ পৰা চাৰি হাজাৰ গাধ বিক্ৰী হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু