--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী-স্ত্ৰীৰ অবিচ্ছেদ্য সম্পৰ্কক লজ্জিত কৰা এক ঘটনা পোহৰলৈ আহিছে। সামান্য কাজিয়া লগাৰ পাছত পত্নীয়ে চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা কৰিলে আৰু স্বামীয়ে পত্নীৰ প্ৰাণৰক্ষা কৰাৰ সলনি সেই দৃশ্য মোবাইলত বন্দী কৰাৰ কামত ব্যস্ত থাকিল। পত্নীৰ আত্মহত্যাৰ লাইভ ভিডিঅ’ বনাই থাকিল স্বামীয়ে। মোবাইলত ভিডিঅ’ ক্লিপটো চাই স্বামীক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে। বিহাৰৰ গুলমোহৰত সংঘটিত হৈছে এই ঘটনা। 

কিডোৱাই নগৰ ব্লকৰ বাসিন্দা ৰং ব্যৱসায়ী ৰাজ কিশোৰ গুপ্তাই জনোৱা মতে, তেওঁৰ ৩২ বছৰীয়া কন্যা শোভিতা গুপ্তাই ৫ বছৰ পূৰ্বে গুলমোহৰ বিহাৰৰ বাসিন্দা সঞ্জীৱ গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ফুলবাগ সাগৰ মাৰ্কেটত সঞ্জীৱৰ এখন মোবাইল দোকান আছে। সঞ্জীৱৰ উপৰিও ডাঙৰ ভাতৃ শিৱম, বায়েক দীপিকাও গুলমোহৰ বিহাৰৰ ঘৰত থাকে। সঞ্জীৱৰ পিতৃ-মাতৃৰ ঘৰ ফতেহপুৰ বিন্দকীত। বিয়াৰ পিছত আৰম্ভণিতে সকলো ঠিকেই আছিল যদিও যোৱা কেইমাহমানৰ পৰা সঞ্জীৱ আৰু শোভিতাৰ মাজত কাজিয়া হৈছিল।

ৰাজ কিশোৰে জনোৱা মতে, মঙলবাৰে বিয়লি প্ৰায় ২.৩০ বজাত সঞ্জীৱে তেওঁক ফোন কৰি শোভিতাই আত্মহত্যা কৰা বুলি জনায়। পৰিয়ালৰ সৈতে ৰাজ কিশোৰে সঞ্জীৱ গুপ্তাৰ ঘৰত উপস্থিত হোৱাৰ সময়ত কন্যা শোভিতা বিচনাত পৰি আছিল আৰু সঞ্জীৱে তেওঁৰ হাৰ্ট পাম্প কৰি আছিল। পৰিয়ালৰ লোকে শোভিতাক ততাতৈয়াকৈ গোবিন্দ নগৰৰ চিকিৎসালয়লৈ লৈ যায়। ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে।

ৰাজ কিশোৰে আৰক্ষীক অভিযোগ দিয়া অনুসৰি জোঁৱায়েক সঞ্জীৱে শোভিতাক চিপ লোৱা চেষ্টাৰ পৰা ৰক্ষা কৰাৰ পৰিৱৰ্তে ভিডিঅ’ বনোৱাৰ কামত ব্যস্ত থাকে। মোবাইলত ভিডিঅ’ ক্লিপটো চাই আৰক্ষীয়ে সঞ্জীৱক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে।

ওচমানপুৰৰ আউটপোষ্টৰ প্ৰভাৰী সত্যপাল সিঙে জনোৱা মতে, ভিডিঅ’ ক্লিপটোত মহিলাগৰাকীয়ে ফাঁচটো স্থাপন কৰিবলৈ চেষ্টা কৰি থাকোঁতে থিয় হৈ থকা দেখা গৈছে আৰু তাৰ পিছত নিজেই ফাঁচটো খুলি চকীৰ পৰা নামি অহা দেখা গৈছে। সম্প্ৰতি ভিডিঅ’ ক্লিপৰ ভিত্তিত স্বামীক জেৰা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক