--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ‘নিয়োগ মহা সঞ্চালকালয়’ৰ অধীনস্থ গুৱাহাটীৰ ‘ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ’ই  ‘নিয়োগ বিনিময় কেন্দ্ৰ’সমূহত পঞ্জীয়নভুক্ত অনুসূচিত জাতি/জনজাতিৰ চাকৰিপ্ৰাৰ্থীসকলৰ বাবে ছটা পাঠ্যক্ৰমৰ ‘বিনামূলীয়া আৰু বৃত্তিমূলক চাকৰিমুখী প্ৰশিক্ষণ কাৰ্যসূচী’ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে।

অনুসূচিত জাতি/জনজাতিৰ চাকৰিপ্ৰাৰ্থীসকলক বিশেষ দক্ষতাৰে শক্তিশালী কৰি তোলা লক্ষ্যৰে নিৰ্ধাৰিত কাৰ্যসূচীসমূহৰ ভিতৰত আছে বিশেষ প্ৰশিক্ষণ, 'অ' লেভেল ছফ্টৱে’ৰ প্ৰশিক্ষণ’, 'অ' লেভেল কম্পিউটাৰ হাৰ্ডৱেৰ মেইণ্টেনেঞ্চ প্ৰশিক্ষণ’, ‘কাৰ্যালয় স্বয়ংক্ৰিয়কৰণ’, ‘একাউণ্টিং আৰু প্ৰকাশন সহায়ক’, ‘কম্পিউটাৰ এপ্লিকেশ্যন আৰু ব্যৱসায়িক একাউণ্টিং সহযোগী’ আৰু ‘চাইবাৰ ছিকিউৰ্ড ৱে’ব ডেভেলপমেণ্ট এছোচিয়েট কাৰ্যক্ৰম’। পাঠ্যক্ৰমৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলে প্ৰতি মাহে ১০০০ টকাৰ বৃত্তি লাভ কৰিব। প্ৰশিক্ষণ কাৰ্যসূচী ২০২৪ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

অনুসূচিত জাতি/জনজাতিৰ যোগ্য চাকৰিপ্ৰাৰ্থীসকলে আবেদন সম্পৰ্কীয় সবিশেষ তথ্যৰ বাবে www.ncs.gov.in বা www.dge.gov.in ত সকলো তথ্য লাভ কৰিব পাৰিব বা  তেওঁলোকৰ আবেদন পত্ৰসমূহ ‘অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ’, গোপীনাথ নগৰ, কৰ্কটৰোগ চিকিৎসা প্ৰতিষ্ঠানৰ বিপৰীতে, আইটিআই, গুৱাহাটী-১৬-ৰ পিছফালে থকা কাৰ্যালয়ত দাখিল কৰিব পাৰিব। প্ৰতিগৰাকী প্ৰাৰ্থীক কেৱল এটা পাঠ্যক্ৰমৰ বাবেহে বিবেচনা কৰা হ'ব আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ পছন্দৰ পাঠ্যক্ৰম প্ৰাথমিকতাৰ ভিত্তিত সূচিত কৰিব পাৰিব। ‘অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ’ত আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ১৫ জুন ২০২৪।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু