--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ‘নিয়োগ মহা সঞ্চালকালয়’ৰ অধীনস্থ গুৱাহাটীৰ ‘ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ’ই  ‘নিয়োগ বিনিময় কেন্দ্ৰ’সমূহত পঞ্জীয়নভুক্ত অনুসূচিত জাতি/জনজাতিৰ চাকৰিপ্ৰাৰ্থীসকলৰ বাবে ছটা পাঠ্যক্ৰমৰ ‘বিনামূলীয়া আৰু বৃত্তিমূলক চাকৰিমুখী প্ৰশিক্ষণ কাৰ্যসূচী’ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে।

অনুসূচিত জাতি/জনজাতিৰ চাকৰিপ্ৰাৰ্থীসকলক বিশেষ দক্ষতাৰে শক্তিশালী কৰি তোলা লক্ষ্যৰে নিৰ্ধাৰিত কাৰ্যসূচীসমূহৰ ভিতৰত আছে বিশেষ প্ৰশিক্ষণ, 'অ' লেভেল ছফ্টৱে’ৰ প্ৰশিক্ষণ’, 'অ' লেভেল কম্পিউটাৰ হাৰ্ডৱেৰ মেইণ্টেনেঞ্চ প্ৰশিক্ষণ’, ‘কাৰ্যালয় স্বয়ংক্ৰিয়কৰণ’, ‘একাউণ্টিং আৰু প্ৰকাশন সহায়ক’, ‘কম্পিউটাৰ এপ্লিকেশ্যন আৰু ব্যৱসায়িক একাউণ্টিং সহযোগী’ আৰু ‘চাইবাৰ ছিকিউৰ্ড ৱে’ব ডেভেলপমেণ্ট এছোচিয়েট কাৰ্যক্ৰম’। পাঠ্যক্ৰমৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলে প্ৰতি মাহে ১০০০ টকাৰ বৃত্তি লাভ কৰিব। প্ৰশিক্ষণ কাৰ্যসূচী ২০২৪ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

অনুসূচিত জাতি/জনজাতিৰ যোগ্য চাকৰিপ্ৰাৰ্থীসকলে আবেদন সম্পৰ্কীয় সবিশেষ তথ্যৰ বাবে www.ncs.gov.in বা www.dge.gov.in ত সকলো তথ্য লাভ কৰিব পাৰিব বা  তেওঁলোকৰ আবেদন পত্ৰসমূহ ‘অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ’, গোপীনাথ নগৰ, কৰ্কটৰোগ চিকিৎসা প্ৰতিষ্ঠানৰ বিপৰীতে, আইটিআই, গুৱাহাটী-১৬-ৰ পিছফালে থকা কাৰ্যালয়ত দাখিল কৰিব পাৰিব। প্ৰতিগৰাকী প্ৰাৰ্থীক কেৱল এটা পাঠ্যক্ৰমৰ বাবেহে বিবেচনা কৰা হ'ব আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ পছন্দৰ পাঠ্যক্ৰম প্ৰাথমিকতাৰ ভিত্তিত সূচিত কৰিব পাৰিব। ‘অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ’ত আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ১৫ জুন ২০২৪।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ