--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহি নিৰুদ্দিষ্ট হোৱা বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমৰ মৃতদেহ আজি কলকাতাৰ নিউটাউন অঞ্চলৰ এক আবাসিক এলাকাৰ পৰা উদ্ধাৰ কৰা হৈছে। আনোৱাৰুল আজিমৰ ব্যক্তিগত সহায়ক আব্দুৰ ৰৌফে এই কথা সদৰি কৰিছে। ইয়াৰোপৰি স্থানীয় সংবাদ মধ্যমতো সাংসদজনৰ মৃতদেহ উদ্ধাৰৰ বাতৰি প্ৰকাশ পাইছে। এই ঘটনা সন্দৰ্ভত তিনিজনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ দিয়ে সাংসদজনৰ ব্যক্তিগত সহায়কজনে। 

বুধবাৰে এক শোকবাৰ্তাৰ জৰিয়তে সংসদজনৰ মৃত্যুত শোক প্ৰকাশ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই। ইফালে সাংসদজনক পৰিকল্পিত ভাবে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালে। তেওঁ এই সন্দৰ্ভত বুধবাৰে বাংলাদেশৰ গৃহমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, সাংসদজনক কোনে হত্যা কৰিছে তাৰ তদন্ত ইতিমধ্যে ভাৰত আৰু বাংলাদেশ আৰক্ষীয়ে আৰম্ভ কৰিছে। আৰক্ষীয়ে আটক কৰা লোক তিনিজন এতিয়া বাংলাদেশ আৰক্ষীৰ ওচৰত আছে আৰু তেওঁলোকক সোধা পোছা কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

তেওঁ লগতে কয়, এই সমগ্ৰ ঘটনাটোক লৈ ভাৰত-বাংলাদেশৰ সম্পৰ্ক বেয়া হোৱাৰ কোনো কাৰণ নাই। কিয়নো এই সমগ্ৰ ঘটনাটোত ভাৰতে বাংলাদেশক যথেষ্ট সহযোগ কৰিছে। 

পশ্চিমবংগৰ বিধানগৰৰ নিউটাউনৰ যিটো  ফ্লেটত  সাংসদ আনোৱাৰুল আজিমক হত্যা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে  উক্ত স্থানত কোনো মৃতদেহ পোৱা নাই আৰক্ষীয়ে। এইদৰেই জনাইছে বাংলাদেশৰ বিদেশমন্ত্ৰী হাছান মাহমুদ। হত্যাকাণ্ডটোকলৈ মন্ত্ৰীগৰাকীয়ে কয়, সাংসদ আনোৱাৰুল আজিমৰ হত্যাকাণ্ড দুখজনক, মৰ্মান্তিক আৰু অনাকাংক্ষিত।আনহাতে পিতৃ হত্যাৰ উচিত তদন্ত দাবী কৰিছে সাংসদ গৰাকীৰ কন্যা মুমতাৰিণ ফেৰদৌছ ডৰিনে। সাংসদ গৰাকীয়ে তেওঁৰ পিতৃৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী কৰে। আনোৱাৰুল আজিম বাংলাদেশৰ ঝিনাইদহ-৪ সংসদীয় সমষ্টিৰ সাংসদ আছিল। তেওঁ ২০১৪, ২০১৮ আৰু ২০২৪ চনত আৱামীলিগ দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু