--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহি নিৰুদ্দিষ্ট হোৱা বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমৰ মৃতদেহ আজি কলকাতাৰ নিউটাউন অঞ্চলৰ এক আবাসিক এলাকাৰ পৰা উদ্ধাৰ কৰা হৈছে। আনোৱাৰুল আজিমৰ ব্যক্তিগত সহায়ক আব্দুৰ ৰৌফে এই কথা সদৰি কৰিছে। ইয়াৰোপৰি স্থানীয় সংবাদ মধ্যমতো সাংসদজনৰ মৃতদেহ উদ্ধাৰৰ বাতৰি প্ৰকাশ পাইছে। এই ঘটনা সন্দৰ্ভত তিনিজনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ দিয়ে সাংসদজনৰ ব্যক্তিগত সহায়কজনে। 

বুধবাৰে এক শোকবাৰ্তাৰ জৰিয়তে সংসদজনৰ মৃত্যুত শোক প্ৰকাশ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই। ইফালে সাংসদজনক পৰিকল্পিত ভাবে হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালে। তেওঁ এই সন্দৰ্ভত বুধবাৰে বাংলাদেশৰ গৃহমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, সাংসদজনক কোনে হত্যা কৰিছে তাৰ তদন্ত ইতিমধ্যে ভাৰত আৰু বাংলাদেশ আৰক্ষীয়ে আৰম্ভ কৰিছে। আৰক্ষীয়ে আটক কৰা লোক তিনিজন এতিয়া বাংলাদেশ আৰক্ষীৰ ওচৰত আছে আৰু তেওঁলোকক সোধা পোছা কৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

তেওঁ লগতে কয়, এই সমগ্ৰ ঘটনাটোক লৈ ভাৰত-বাংলাদেশৰ সম্পৰ্ক বেয়া হোৱাৰ কোনো কাৰণ নাই। কিয়নো এই সমগ্ৰ ঘটনাটোত ভাৰতে বাংলাদেশক যথেষ্ট সহযোগ কৰিছে। 

পশ্চিমবংগৰ বিধানগৰৰ নিউটাউনৰ যিটো  ফ্লেটত  সাংসদ আনোৱাৰুল আজিমক হত্যা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে  উক্ত স্থানত কোনো মৃতদেহ পোৱা নাই আৰক্ষীয়ে। এইদৰেই জনাইছে বাংলাদেশৰ বিদেশমন্ত্ৰী হাছান মাহমুদ। হত্যাকাণ্ডটোকলৈ মন্ত্ৰীগৰাকীয়ে কয়, সাংসদ আনোৱাৰুল আজিমৰ হত্যাকাণ্ড দুখজনক, মৰ্মান্তিক আৰু অনাকাংক্ষিত।আনহাতে পিতৃ হত্যাৰ উচিত তদন্ত দাবী কৰিছে সাংসদ গৰাকীৰ কন্যা মুমতাৰিণ ফেৰদৌছ ডৰিনে। সাংসদ গৰাকীয়ে তেওঁৰ পিতৃৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী কৰে। আনোৱাৰুল আজিম বাংলাদেশৰ ঝিনাইদহ-৪ সংসদীয় সমষ্টিৰ সাংসদ আছিল। তেওঁ ২০১৪, ২০১৮ আৰু ২০২৪ চনত আৱামীলিগ দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ