--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খহি পৰিল এটা অট্টালিকা। যাৰফলত ৯জনকৈ লোক গুৰুতৰভাবে আহত হয়। এই অঘটন সংঘটিত হৈছে মুম্বাইত। মঙলবাৰে পুৱা প্ৰায় ৮.১০ বজাত মুম্বাইৰ জয় মহাৰাষ্ট্ৰ নগৰৰ এনটপ হিল এলেকাত অৱস্থিত অট্টালিকাটো খহি পৰে। ঘটনাটোত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিস্তৰ ক্ষতিসাধনৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষী তথা প্ৰশাসনে৷

ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, এখন উদ্ধাৰকাৰী ভান আৰু অন্যান্য অগ্নি নিৰ্বাপক সঁজুলি সহিতে উদ্ধাৰকাৰী দল উপস্থিত হয় উদ্ধাৰ কাৰ্য চলায়৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ ধ্বংসস্তুপৰ মাজৰ পৰা ৯গৰাকী ব্যক্তিকে জীৱন্তে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ৯জন লোকেই গুৰুতৰভাবে আহত হৈছে। অট্টালিকা খহি পৰা খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰু পঢ়কঃ হোটেলত গাৰ্লফ্ৰেণ্ডৰ সৈতে আৰক্ষী বিষয়াক হাতে-লোটে ধৰা পেলালে পত্নীয়ে! তাৰপাছত?

বৰ্তমানলৈকে সমগ্ৰ ঘটনাটোত হোৱা ক্ষয়-ক্ষতি আৰু বিনষ্ট হোৱা সামগ্ৰীৰ সঠিক হিচাপ লাভ কৰিব পৰা হোৱা নাই৷ এই অঘটনৰ প্ৰকৃত কাৰণ বিচাৰিবলৈ আৰক্ষীক তদন্তৰ নিৰ্দেশ প্ৰশাসনৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে