--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খহি পৰিল এটা অট্টালিকা। যাৰফলত ৯জনকৈ লোক গুৰুতৰভাবে আহত হয়। এই অঘটন সংঘটিত হৈছে মুম্বাইত। মঙলবাৰে পুৱা প্ৰায় ৮.১০ বজাত মুম্বাইৰ জয় মহাৰাষ্ট্ৰ নগৰৰ এনটপ হিল এলেকাত অৱস্থিত অট্টালিকাটো খহি পৰে। ঘটনাটোত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিস্তৰ ক্ষতিসাধনৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষী তথা প্ৰশাসনে৷

ঘটনাস্থলীত চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, এখন উদ্ধাৰকাৰী ভান আৰু অন্যান্য অগ্নি নিৰ্বাপক সঁজুলি সহিতে উদ্ধাৰকাৰী দল উপস্থিত হয় উদ্ধাৰ কাৰ্য চলায়৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ ধ্বংসস্তুপৰ মাজৰ পৰা ৯গৰাকী ব্যক্তিকে জীৱন্তে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ৯জন লোকেই গুৰুতৰভাবে আহত হৈছে। অট্টালিকা খহি পৰা খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰু পঢ়কঃ হোটেলত গাৰ্লফ্ৰেণ্ডৰ সৈতে আৰক্ষী বিষয়াক হাতে-লোটে ধৰা পেলালে পত্নীয়ে! তাৰপাছত?

বৰ্তমানলৈকে সমগ্ৰ ঘটনাটোত হোৱা ক্ষয়-ক্ষতি আৰু বিনষ্ট হোৱা সামগ্ৰীৰ সঠিক হিচাপ লাভ কৰিব পৰা হোৱা নাই৷ এই অঘটনৰ প্ৰকৃত কাৰণ বিচাৰিবলৈ আৰক্ষীক তদন্তৰ নিৰ্দেশ প্ৰশাসনৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক