--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লতা মংগেশকাৰৰ এটা গীত যোৱা কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াত গুঞ্জৰিত হৈ আছে। এখন বিয়াত আয়েশা নামৰ এগৰাকী পাকিস্তানী যুৱতীয়ে লতা মংগেশকাৰে গোৱা মেৰা দিল য়ে পুকাৰে আজা-ৰ ৰিমিক্স ভাৰ্চনত নৃত্য কৰি ভাইৰেল হৈ পৰে। যোৱা কিছুদিন ধৰি ছচিয়েল মিডিয়াত নেতিজেনসকলে কেৱল আয়েশাৰ এই নৃত্যকে দেখি আছে। এই নৃত্যৰ পাছতে কেৱল পাকিস্তানতে নহয় ভাৰততো আয়েশাৰ ফেন ফ’ল’ৱাৰ দ্রুতগতিত বৃদ্ধি পাইছে৷ আয়েশাৰ ভাইৰেল নৃত্যই বলীউডৰ ‘ঢক ঢক গাৰ্ল’ মাধুৰী দীক্ষিতকো আকৰ্ষিত কৰে। মাধুৰীয়েও আয়েশাক কপি কৰি নাছিলে এই নৃত্য।

মাধুৰী দীক্ষিতে ইনষ্টা একাউণ্টৰ পৰা এই ভিডিঅ’ আপলোড কৰিছে। এই ভিডিঅ’টোত মাধুৰীক বগা ৰঙৰ শাৰীত নৃত্য কৰা দেখা গৈছে। আয়েশাৰ দৰেই একে নাচিবলৈ চেষ্টা কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। ইয়াকে দেখি মাধুৰীক তীব্ৰভাৱে ট্ৰ’ল কৰিছে একাংশই। 

নেটিজেনসকলে মাধুৰী দীক্ষিতক পৰামৰ্শ দিছিল যে যদি এই গীতটোত নচাৰ মনেই আছিল তেন্তে নিজৰ ষ্টাইলত নাচিব লাগিছিল। এগৰাকী পাকিস্তানী যুৱতীৰ নৃত্য কপি কৰাৰ কি প্ৰয়োজন আছিল। একাংশই কয় যে কপি কৰাত বলীউড এনেও সিদ্ধহস্ত। 

উল্লেখ্য যে মেৰা দিল য়েহ পুকাৰে আজা লতা মংগেশকাৰৰ এটা জনপ্ৰিয় গীত। ১৯৫৪ চনত মুক্তি পোৱা নাগিন ছবিত আছিল এইটো গীত। য'ত প্ৰদীপ কুমাৰ আৰু বৈজন্তীমালাক দেখা গৈছিল। এই গীতটিৰ কথা লিখিছে ৰাজিন্দৰ কৃষ্ণই। পাকিস্তানী যুৱতীগৰাকীয়ে বিয়াত নৃত্য কৰাৰ পাছত এই গীতটো আকৌ এবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক