--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লতা মংগেশকাৰৰ এটা গীত যোৱা কেইদিনমানৰ পৰা ছ’চিয়েল মিডিয়াত গুঞ্জৰিত হৈ আছে। এখন বিয়াত আয়েশা নামৰ এগৰাকী পাকিস্তানী যুৱতীয়ে লতা মংগেশকাৰে গোৱা মেৰা দিল য়ে পুকাৰে আজা-ৰ ৰিমিক্স ভাৰ্চনত নৃত্য কৰি ভাইৰেল হৈ পৰে। যোৱা কিছুদিন ধৰি ছচিয়েল মিডিয়াত নেতিজেনসকলে কেৱল আয়েশাৰ এই নৃত্যকে দেখি আছে। এই নৃত্যৰ পাছতে কেৱল পাকিস্তানতে নহয় ভাৰততো আয়েশাৰ ফেন ফ’ল’ৱাৰ দ্রুতগতিত বৃদ্ধি পাইছে৷ আয়েশাৰ ভাইৰেল নৃত্যই বলীউডৰ ‘ঢক ঢক গাৰ্ল’ মাধুৰী দীক্ষিতকো আকৰ্ষিত কৰে। মাধুৰীয়েও আয়েশাক কপি কৰি নাছিলে এই নৃত্য।

মাধুৰী দীক্ষিতে ইনষ্টা একাউণ্টৰ পৰা এই ভিডিঅ’ আপলোড কৰিছে। এই ভিডিঅ’টোত মাধুৰীক বগা ৰঙৰ শাৰীত নৃত্য কৰা দেখা গৈছে। আয়েশাৰ দৰেই একে নাচিবলৈ চেষ্টা কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। ইয়াকে দেখি মাধুৰীক তীব্ৰভাৱে ট্ৰ’ল কৰিছে একাংশই। 

নেটিজেনসকলে মাধুৰী দীক্ষিতক পৰামৰ্শ দিছিল যে যদি এই গীতটোত নচাৰ মনেই আছিল তেন্তে নিজৰ ষ্টাইলত নাচিব লাগিছিল। এগৰাকী পাকিস্তানী যুৱতীৰ নৃত্য কপি কৰাৰ কি প্ৰয়োজন আছিল। একাংশই কয় যে কপি কৰাত বলীউড এনেও সিদ্ধহস্ত। 

উল্লেখ্য যে মেৰা দিল য়েহ পুকাৰে আজা লতা মংগেশকাৰৰ এটা জনপ্ৰিয় গীত। ১৯৫৪ চনত মুক্তি পোৱা নাগিন ছবিত আছিল এইটো গীত। য'ত প্ৰদীপ কুমাৰ আৰু বৈজন্তীমালাক দেখা গৈছিল। এই গীতটিৰ কথা লিখিছে ৰাজিন্দৰ কৃষ্ণই। পাকিস্তানী যুৱতীগৰাকীয়ে বিয়াত নৃত্য কৰাৰ পাছত এই গীতটো আকৌ এবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু