--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিপদ বাঢ়িছে মধ্যপ্ৰদেশ চৰকাৰৰ৷এইবাৰ এজন সাধাৰণ লোকৰ প্ৰশ্নৰ সমুখীন হৈছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান৷লোকজনে চৌহানক প্ৰশ্ন কৰিছে যে দুৰ্বলসকলৰ বিৰুদ্ধেহে কিয় চৰকাৰৰ বুলড’জাৰ চলে? এই মন্তব্য মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাৰ মাধৌগঞ্জ থানা এলেকাৰ নিবাসী সুনীল ৰাৱাটৰ। তেওঁৰ ১৮ বছৰীয়া পুত্ৰ সুমিত ৰাৱটক যোৱা জুলাই মাহত এগৰাকী ছাত্ৰক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ঘটনাটো ১০ জুলাইত সংঘটিত হৈছিল, ১৩ জুলাইত সুমিত ধৰা পৰিছিল আৰু পাছদিনা পুৱা স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সুমিতৰ ঘৰৰ বাহিৰত বুলডজাৰ লৈ থিয় হৈ আছিল।

সুনীলৰ পত্নী ক্ৰান্তিয়ে কয়, 'পুত্ৰই ভুল কৰিলে, শাস্তি দিয়ক কিন্তু পুলিচ আৰু প্ৰশাসনৰ বিষয়াই আহি কয় যে আপুনি আপোনাৰ ল'ৰাটোক কি শিকাইছে!' সুনীলে সংবাদ মাধ্যম দ্য ৱায়াৰৰ ওচৰত নিজৰ ঘৰৰ সৈতে জড়িত নথি-পত্ৰও দাখিল কৰে। উল্লেখযোগ্য যে এই ঘটনাৰ প্ৰায় ছমাহ পূৰ্বে তেওঁ বেংকৰ পৰা ৫ লাখ টকাৰ ঋণ লৈছিল, সেই ঘৰটো অবৈধ নিৰ্মাণ বুলি দোহাই দি আৰক্ষী আৰু প্ৰশাসনে খৰখেদাকৈ ভাঙি পেলাইছিল।প্ৰশাসনৰ বিৰুদ্ধে ঋণ প্ৰদান কৰা বেংকটোৱে এখন আবেদন দাখিল কৰি ঘৰ ভাঙি পেলোৱা কাৰ্যক অবৈধ আৰু স্বেচ্ছাচাৰী বুলি অভিহিত কৰে। উল্লেখ্য যে ঘৰটোৰ মালিকীস্বত্ব ৭৫ বছৰীয়া কমল সিঙৰ হাতত। কমল সিং অসুস্থ। ঘৰটোত তেওঁ, পত্নী, জোঁৱাই সুনীল আৰু ক্ৰান্তিকে ধৰি মুঠ ৮জন লোকে বাস কৰিছিল। সুনীলে কয় যে এই ঘৰটো বন্ধকত ৰাখি এতিয়ালৈকে মুঠ ঋণ লোৱা ধন হৈছে ৭.৫ লাখ টকা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে