--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় অধিনায়কগৰাকীয়ে দুই কিংবদন্তি ৱেষ্ট ইণ্ডিজৰ ছাৰ গাৰফিল্ড ছোবাৰ্ছৰ ৫৯ বছৰীয়া আৰু ভাৰতৰ সুনীল গাভাস্কাৰৰ ৪৫ বছৰীয়া ৰেকৰ্ড ম্লান কৰে।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ প্ৰথমদিনা মধ্যাহ্ন ভোজনৰ আগেয়ে দুটা ৰেকৰ্ড প্রতিষ্ঠা কৰে শুভমন গীলে।


ভাৰতীয় অধিনায়কগৰাকীয়ে দুই কিংবদন্তি ৱেষ্ট ইণ্ডিজৰ ছাৰ গাৰফিল্ড ছোবাৰ্ছৰ ৫৯ বছৰীয়া আৰু ভাৰতৰ সুনীল গাভাস্কাৰৰ ৪৫ বছৰীয়া ৰেকৰ্ড ম্লান কৰে।


দক্ষিণ আফ্রিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাটিত এটা টেষ্ট শৃংখলাত ভ্রমণকাৰী দলৰ অধিনায়ক হিচপে সর্বোচ্চ ৰানৰ অভিলেখ গড়ে গীলে। ভাৰতীয় অধিনায়কগৰাকীয়ে তেনেদৰেই ছোবাৰ্ছৰ ৰেকৰ্ড ভাঙে। ১৯৬৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাত ৭২২ ৰান কৰিছিল বেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে।


গীলে চলিত শৃংখলাত প্রথম চাৰিখন টেষ্টত কৰিছিল ৭২২ ৰান। বৃহস্পতিবাৰে অন্তিম টেষ্টত ১ ৰান কৰাৰ লগে লগে গীলৰ ৰানৰ সংখ্যা ৭২৩লৈ বৃদ্ধি কৰে। গীলে তেনেদৰেই নতুন ৰেকৰ্ড গড়ে। ইফালে, গাভাস্কাৰৰো এটা ৰেকৰ্ড তেওঁ ভংগ কৰে। ভাৰতৰ অধিনায়ক হিচাপে এটা টেষ্ট শৃংখলাত সর্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড প্রতিষ্ঠা কৰে গীলে। ১৯৭৮-৭৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭২২ ৰান কৰিছিল ভাৰতৰ তদানীন্তন অধিনায়ক গাভাস্কাৰে।


গীলে বৃহস্পতিবাৰে ১১ ৰান গোটোৱাৰ লগে লগে তেওঁৰ ৰানৰ সংখ্যা হয়গৈ ৭৩৩ আৰু ইয়াৰ ফলত নতুন ৰেকৰ্ডৰ গৰাকী হয়। ইফালে ইংলেণ্ডৰ বিৰুদ্ধে বৰষুণে ব্যাঘাত জন্মোৱা পঞ্চম তথা অন্তিম টেষ্টখনত বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰত। মূল একাদশত ৪টাকৈ সালসলনি ঘটোৱা ভাৰতে ২২৪ ৰানতে কেউটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে। ইংলেণ্ডে বাতৰি লিখা পৰলৈ ১৯৬ ৰানত ৫টা উইকেট হেৰুৱায়। ভাৰতে মূল একাদশত চাৰিটা সালসলনি ঘটায়। সেই অনুসৰি ধ্ৰুৱ জোৰেল, কৰুণ নায়াৰ, আকাশ দীপ আৰু প্রসিদ্ধ কৃষ্ণক দলত অন্তর্ভুক্ত কৰা হয়। তেওঁলোকক স্থান এৰি দিয়ে ঋষভ পণ্ট, ছাৰ্দুল ঠাকুৰ, অনছুল কমবুজ আৰু যশপ্রীত বুমৰাহে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু