--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় অধিনায়কগৰাকীয়ে দুই কিংবদন্তি ৱেষ্ট ইণ্ডিজৰ ছাৰ গাৰফিল্ড ছোবাৰ্ছৰ ৫৯ বছৰীয়া আৰু ভাৰতৰ সুনীল গাভাস্কাৰৰ ৪৫ বছৰীয়া ৰেকৰ্ড ম্লান কৰে।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ প্ৰথমদিনা মধ্যাহ্ন ভোজনৰ আগেয়ে দুটা ৰেকৰ্ড প্রতিষ্ঠা কৰে শুভমন গীলে।


ভাৰতীয় অধিনায়কগৰাকীয়ে দুই কিংবদন্তি ৱেষ্ট ইণ্ডিজৰ ছাৰ গাৰফিল্ড ছোবাৰ্ছৰ ৫৯ বছৰীয়া আৰু ভাৰতৰ সুনীল গাভাস্কাৰৰ ৪৫ বছৰীয়া ৰেকৰ্ড ম্লান কৰে।


দক্ষিণ আফ্রিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাটিত এটা টেষ্ট শৃংখলাত ভ্রমণকাৰী দলৰ অধিনায়ক হিচপে সর্বোচ্চ ৰানৰ অভিলেখ গড়ে গীলে। ভাৰতীয় অধিনায়কগৰাকীয়ে তেনেদৰেই ছোবাৰ্ছৰ ৰেকৰ্ড ভাঙে। ১৯৬৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাত ৭২২ ৰান কৰিছিল বেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে।


গীলে চলিত শৃংখলাত প্রথম চাৰিখন টেষ্টত কৰিছিল ৭২২ ৰান। বৃহস্পতিবাৰে অন্তিম টেষ্টত ১ ৰান কৰাৰ লগে লগে গীলৰ ৰানৰ সংখ্যা ৭২৩লৈ বৃদ্ধি কৰে। গীলে তেনেদৰেই নতুন ৰেকৰ্ড গড়ে। ইফালে, গাভাস্কাৰৰো এটা ৰেকৰ্ড তেওঁ ভংগ কৰে। ভাৰতৰ অধিনায়ক হিচাপে এটা টেষ্ট শৃংখলাত সর্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড প্রতিষ্ঠা কৰে গীলে। ১৯৭৮-৭৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭২২ ৰান কৰিছিল ভাৰতৰ তদানীন্তন অধিনায়ক গাভাস্কাৰে।


গীলে বৃহস্পতিবাৰে ১১ ৰান গোটোৱাৰ লগে লগে তেওঁৰ ৰানৰ সংখ্যা হয়গৈ ৭৩৩ আৰু ইয়াৰ ফলত নতুন ৰেকৰ্ডৰ গৰাকী হয়। ইফালে ইংলেণ্ডৰ বিৰুদ্ধে বৰষুণে ব্যাঘাত জন্মোৱা পঞ্চম তথা অন্তিম টেষ্টখনত বেটিং বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰত। মূল একাদশত ৪টাকৈ সালসলনি ঘটোৱা ভাৰতে ২২৪ ৰানতে কেউটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে। ইংলেণ্ডে বাতৰি লিখা পৰলৈ ১৯৬ ৰানত ৫টা উইকেট হেৰুৱায়। ভাৰতে মূল একাদশত চাৰিটা সালসলনি ঘটায়। সেই অনুসৰি ধ্ৰুৱ জোৰেল, কৰুণ নায়াৰ, আকাশ দীপ আৰু প্রসিদ্ধ কৃষ্ণক দলত অন্তর্ভুক্ত কৰা হয়। তেওঁলোকক স্থান এৰি দিয়ে ঋষভ পণ্ট, ছাৰ্দুল ঠাকুৰ, অনছুল কমবুজ আৰু যশপ্রীত বুমৰাহে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ