--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চেম্বাৰ অব্‌ ট্রেড এণ্ড ইণ্ডাষ্ট্ৰিজে (চি টি আই) এই সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ কাৰণে আমেৰিকাক দাবী জনাইছে। সংগঠনটোৱে কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতৰ বছৰি প্রায় ৭০০ কোটি ডলাৰ লোকচান হ'ব।

ডিজিটেল ডেস্ক : আমেৰিকাই ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপৰ ঘোষণাৰ প্রতিবাদ আৰম্ভ হৈছে দেশত।


চেম্বাৰ অব্‌ ট্রেড এণ্ড ইণ্ডাষ্ট্ৰিজে (চি টি আই) এই সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ কাৰণে আমেৰিকাক দাবী জনাইছে। সংগঠনটোৱে কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতৰ বছৰি প্রায় ৭০০ কোটি ডলাৰ লোকচান হ'ব।


আমেৰিকাই এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে ভাৰতত দেশখনৰ সামগ্ৰী বর্জন অভিযান আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰি চি টি আইৰ অধ্যক্ষ ব্রিজেশ গোৱল আৰু সাধাৰণ সম্পাদক গুৰমীট আৰোৰাই কয় যে আমেৰিকালৈ ভাৰতে ধাতু, মণি-মুকুতা, চামৰা, ৰাসায়নিক, বস্ত্র, ইলেক্ট্রনিক, ইলেক্ট্রিক, মা-মছলা, মেচিনৰ অংশ-পাতি, ঔষধ আৰু চাউলৰ দৰে বিভিন্ন সামগ্রী প্ৰেৰণ কৰে। ২৫% শুল্ক আৰোপ কৰাৰ পাছত এই সামগ্ৰীসমূহৰ দাম আমেৰিকাৰ বজাৰত বৃদ্ধি পাব, যাৰ ফলত বিক্ৰী হ্রাস পাব। ইয়াৰ লগে লগে ৰপ্তানিও হ্রাস পাব। ইয়াৰ প্ৰভাৱ পৰিব ভাৰতীয় ব্যৱসায়ী আৰু কাৰখানাসমূহত।


তেওঁলোকে প্ৰকাশ কৰা অনুসৰি চেম্বাৰে অচিৰেই আন বাণিজ্যিক সংগঠনৰ সৈতে আলোচনা কৰিব আৰু আমেৰিকাৰ সামগ্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। আমেৰিকাৰ সামগ্ৰী বৰ্জন অভিযান বৃহৎ হাৰত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰতত আমেৰিকাৰ বিভিন্ন ধৰণৰ পানীয় সামগ্রী (ছফ্ট ড্রিং আদি), ৱেফাৰ্ছ, আমেৰিকাৰ 'ফুড চেইন' আদিৰ এখন বৃহৎ বজাৰ আছে। চি টি আয়ে এই সকলো ব্ৰেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ কাৰণে কাম কৰি আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ