--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চেম্বাৰ অব্‌ ট্রেড এণ্ড ইণ্ডাষ্ট্ৰিজে (চি টি আই) এই সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ কাৰণে আমেৰিকাক দাবী জনাইছে। সংগঠনটোৱে কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতৰ বছৰি প্রায় ৭০০ কোটি ডলাৰ লোকচান হ'ব।

ডিজিটেল ডেস্ক : আমেৰিকাই ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপৰ ঘোষণাৰ প্রতিবাদ আৰম্ভ হৈছে দেশত।


চেম্বাৰ অব্‌ ট্রেড এণ্ড ইণ্ডাষ্ট্ৰিজে (চি টি আই) এই সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ কাৰণে আমেৰিকাক দাবী জনাইছে। সংগঠনটোৱে কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতৰ বছৰি প্রায় ৭০০ কোটি ডলাৰ লোকচান হ'ব।


আমেৰিকাই এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে ভাৰতত দেশখনৰ সামগ্ৰী বর্জন অভিযান আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰি চি টি আইৰ অধ্যক্ষ ব্রিজেশ গোৱল আৰু সাধাৰণ সম্পাদক গুৰমীট আৰোৰাই কয় যে আমেৰিকালৈ ভাৰতে ধাতু, মণি-মুকুতা, চামৰা, ৰাসায়নিক, বস্ত্র, ইলেক্ট্রনিক, ইলেক্ট্রিক, মা-মছলা, মেচিনৰ অংশ-পাতি, ঔষধ আৰু চাউলৰ দৰে বিভিন্ন সামগ্রী প্ৰেৰণ কৰে। ২৫% শুল্ক আৰোপ কৰাৰ পাছত এই সামগ্ৰীসমূহৰ দাম আমেৰিকাৰ বজাৰত বৃদ্ধি পাব, যাৰ ফলত বিক্ৰী হ্রাস পাব। ইয়াৰ লগে লগে ৰপ্তানিও হ্রাস পাব। ইয়াৰ প্ৰভাৱ পৰিব ভাৰতীয় ব্যৱসায়ী আৰু কাৰখানাসমূহত।


তেওঁলোকে প্ৰকাশ কৰা অনুসৰি চেম্বাৰে অচিৰেই আন বাণিজ্যিক সংগঠনৰ সৈতে আলোচনা কৰিব আৰু আমেৰিকাৰ সামগ্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। আমেৰিকাৰ সামগ্ৰী বৰ্জন অভিযান বৃহৎ হাৰত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰতত আমেৰিকাৰ বিভিন্ন ধৰণৰ পানীয় সামগ্রী (ছফ্ট ড্রিং আদি), ৱেফাৰ্ছ, আমেৰিকাৰ 'ফুড চেইন' আদিৰ এখন বৃহৎ বজাৰ আছে। চি টি আয়ে এই সকলো ব্ৰেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ কাৰণে কাম কৰি আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু