--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছামিৰা ফাতিমাই মেট্ৰিমনিয়েল ৱেবছাইট আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি ধনী আৰু বিবাহিত মুছলমান পুৰুষক লক্ষ্য কৰি লৈছিল।

ডিজিটেল ডেস্কঃ এগৰাকী প্ৰবঞ্চক কইনা। কইনাগৰাকীয়ে এজন বা দুজন নহয় আঠজন পুৰুষক বিয়া কৰাই লাখ লাখ টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে এইগৰাকী ‘লুটেৰী দুলহন’ক। অভিযুক্ত মহিলাগৰাকীৰ নাম ছামিৰা ফাতিমা। ৯ নম্বৰৰ দৰাৰ সন্ধানত থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফাতিমাক।


আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছামিৰা ফাতিমাই মেট্ৰিমনিয়েল ৱেবছাইট আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি ধনী আৰু বিবাহিত মুছলমান পুৰুষক লক্ষ্য কৰি লৈছিল। তেওঁ নিজকে বিবাহ বিচ্ছেদ হোৱা আৰু সন্তানৰ মাতৃ বুলি আৱেগিক কাহিনী কৈছিল, সেই দুখভৰা কাহিনী শুনি তেওঁক বিয়া কৰাবলৈ সন্মত হৈছিল এজনৰ পাছত এজনকৈ ৮জন পুৰুষ।


চাঞ্চল্যকৰ কথাটো হ’ল ছামিৰা ফাতিমা এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী শিক্ষিত মহিলা। যোৱা ১৫ বছৰ ধৰি তেওঁ এই প্ৰৱঞ্চনা চলাই আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তেওঁ অকলে এই কাম কৰা নাছিল, বৰঞ্চ সংগঠিত গেঙৰ সৈতে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল।


মহিলাগৰাকীয়ে প্ৰথমে নাগপুৰ চহৰৰ বিভিন্ন অঞ্চলত বাস কৰা পুৰুষক প্ৰেমত আৱদ্ধ কৰি বিয়া কৰাইছিল আৰু এমাহৰ পাছত তেওঁলোকৰ সৈতে কাজিয়া কৰি তেওঁলোকৰ পৰা ধন আদায় কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি বিগত ডেৰ বছৰ ধৰি পলাতক অৱস্থাত আছিল ফাতিমা।


আৰক্ষীয়ে পোৱা প্ৰাৰম্ভিক প্ৰমাণ অনুসৰি ফাতিমাই এজন ভুক্তভোগীক ৫০ লাখ টকা আৰু আন এজনক ১৫ লাখ টকাৰ প্ৰতাৰণা কৰিছে। নগদ ধন আৰু বেংক ট্ৰেন্সফাৰৰ জৰিয়তে তেওঁ এই ধন আদায় কৰিছিল। একে সময়তে এজন স্বামীয়ে দাবী কৰিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উচ্চপদস্থ বিষয়াসকলকো তেওঁৰ ফান্দত আবদ্ধ কৰি ৰাখিছিল।


বিয়াৰ পিছত বিভিন্ন অজুহাতত স্বামীক ব্লেকমেইল কৰি ধন আদায় কৰিছিল ফাতিমাই। যেতিয়াই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়াই তেওঁ ভুৱা গৰ্ভধাৰণৰ দাবী কৰি পলায়ন কৰিছিল। অৱশ্যে এইবাৰ আৰক্ষীয়ে সম্পূৰ্ণ প্ৰস্তুতিৰে ২৯ জুলাইত নাগপুৰৰ এখন চাহৰ দোকানৰ পৰা গ্ৰেপ্তাৰ কৰে ফাতিমাক।


বৰ্তমান নাগপুৰ আৰক্ষীয়ে ছামিৰা ফাতিমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সমগ্ৰ নেটৱৰ্কৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে এই গোচৰত আৰু বহু ভুক্তভোগী আগবাঢ়ি আহিব পাৰে আৰু গেংটোৰ সৈতে জড়িত আন লোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু