--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছামিৰা ফাতিমাই মেট্ৰিমনিয়েল ৱেবছাইট আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি ধনী আৰু বিবাহিত মুছলমান পুৰুষক লক্ষ্য কৰি লৈছিল।

ডিজিটেল ডেস্কঃ এগৰাকী প্ৰবঞ্চক কইনা। কইনাগৰাকীয়ে এজন বা দুজন নহয় আঠজন পুৰুষক বিয়া কৰাই লাখ লাখ টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে এইগৰাকী ‘লুটেৰী দুলহন’ক। অভিযুক্ত মহিলাগৰাকীৰ নাম ছামিৰা ফাতিমা। ৯ নম্বৰৰ দৰাৰ সন্ধানত থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফাতিমাক।


আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছামিৰা ফাতিমাই মেট্ৰিমনিয়েল ৱেবছাইট আৰু ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি ধনী আৰু বিবাহিত মুছলমান পুৰুষক লক্ষ্য কৰি লৈছিল। তেওঁ নিজকে বিবাহ বিচ্ছেদ হোৱা আৰু সন্তানৰ মাতৃ বুলি আৱেগিক কাহিনী কৈছিল, সেই দুখভৰা কাহিনী শুনি তেওঁক বিয়া কৰাবলৈ সন্মত হৈছিল এজনৰ পাছত এজনকৈ ৮জন পুৰুষ।


চাঞ্চল্যকৰ কথাটো হ’ল ছামিৰা ফাতিমা এগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী শিক্ষিত মহিলা। যোৱা ১৫ বছৰ ধৰি তেওঁ এই প্ৰৱঞ্চনা চলাই আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তেওঁ অকলে এই কাম কৰা নাছিল, বৰঞ্চ সংগঠিত গেঙৰ সৈতে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল।


মহিলাগৰাকীয়ে প্ৰথমে নাগপুৰ চহৰৰ বিভিন্ন অঞ্চলত বাস কৰা পুৰুষক প্ৰেমত আৱদ্ধ কৰি বিয়া কৰাইছিল আৰু এমাহৰ পাছত তেওঁলোকৰ সৈতে কাজিয়া কৰি তেওঁলোকৰ পৰা ধন আদায় কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি বিগত ডেৰ বছৰ ধৰি পলাতক অৱস্থাত আছিল ফাতিমা।


আৰক্ষীয়ে পোৱা প্ৰাৰম্ভিক প্ৰমাণ অনুসৰি ফাতিমাই এজন ভুক্তভোগীক ৫০ লাখ টকা আৰু আন এজনক ১৫ লাখ টকাৰ প্ৰতাৰণা কৰিছে। নগদ ধন আৰু বেংক ট্ৰেন্সফাৰৰ জৰিয়তে তেওঁ এই ধন আদায় কৰিছিল। একে সময়তে এজন স্বামীয়ে দাবী কৰিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উচ্চপদস্থ বিষয়াসকলকো তেওঁৰ ফান্দত আবদ্ধ কৰি ৰাখিছিল।


বিয়াৰ পিছত বিভিন্ন অজুহাতত স্বামীক ব্লেকমেইল কৰি ধন আদায় কৰিছিল ফাতিমাই। যেতিয়াই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়াই তেওঁ ভুৱা গৰ্ভধাৰণৰ দাবী কৰি পলায়ন কৰিছিল। অৱশ্যে এইবাৰ আৰক্ষীয়ে সম্পূৰ্ণ প্ৰস্তুতিৰে ২৯ জুলাইত নাগপুৰৰ এখন চাহৰ দোকানৰ পৰা গ্ৰেপ্তাৰ কৰে ফাতিমাক।


বৰ্তমান নাগপুৰ আৰক্ষীয়ে ছামিৰা ফাতিমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সমগ্ৰ নেটৱৰ্কৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে এই গোচৰত আৰু বহু ভুক্তভোগী আগবাঢ়ি আহিব পাৰে আৰু গেংটোৰ সৈতে জড়িত আন লোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি